আজি অসমৰ সাংস্কৃতিক জগতৰ উজ্জ্বল নক্ষত্ৰ কুল বৰুৱাৰ প্ৰথম মৃত্যু বাৰ্ষিকী ৷২০২১বৰ্ষৰ আজিৰ দিনটোতেই আমাৰ মাজৰ পৰা কায়িক ভাৱে আতৰি গৈছিল শিল্পী কুল বৰুৱা ৷
অসমৰ এজন বিশিষ্ট গীতিকাৰ,সুৰকাৰ ,কণ্ঠশিল্পী তথা সংগীত পৰিচালক কুল বৰুৱাৰ জন্ম হৈছিল ১৯৩৮চনৰ ২১জানুৱাৰীত ৷ তেওঁৰ পিতৃৰ নাম আছিল প্ৰেমধৰ বৰুৱা আৰু মাতৃৰ নাম লিলি বৰুৱা ৷ ছাত্ৰাৱস্থাৰ পৰাই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অকণিৰ চ’ৰা আৰু চেমনীয়া চ’ৰাত গীত পৰিবেশন কৰিছিল শিল্পী গৰাকীয়ে ৷
১৯৬৮চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়মীয়া কণ্ঠশিল্পী হিচাপে স্বীকৃতি লাভ কৰিছিল কুল বৰুৱাই ৷আনহাতে অসমীয়া চলচিত্ৰ জগতৰ কেইবাখনো চলচিত্ৰ সেন্দুৰ,সাদৰী,বৃষ্টি,প্ৰভাতী পখীৰ গান আদিত নেপথ্য গায়ক হিচাপে কণ্ঠদান কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছিল শিল্পী গৰাকীয়ে ৷ দুখন অসমীয়া বোলছবি ‘শ্ৰী মতী মহিমাময়ী’ আৰু ‘সাদৰি’ৰ সংগীত পৰিচালনা কৰাৰ লগতে অসমীয়া টেলিভিছন ধাৰাবাহিক লহৰ আৰু নামঘৰীয়াৰ সংগীত পৰিচালক আছিল কুল বৰুৱা ৷ তেওঁ আছিল এজন সুদক্ষ বাদ্যযন্ত্ৰীও ৷ হাৱাইন গীটাৰ,কঙ্গো,বেঞ্জো আদি বৰ সুন্দৰকৈ বজাব পাৰিছিল তেওঁ ৷
অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে শিল্পী গৰাকীয়ে অসমৰ সাংস্কৃতিক জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁলৈ ২০১৮ চনৰ শিল্পী সন্মান আগবঢ়াইছিল ৷
২০২১চনৰ ২৪ফেব্ৰুৱাৰীত ৮৩ বছৰ বয়সত বহু প্ৰতিভাৰ আঁকৰ ,সহজ সৰল স্বভাৱৰ স্বনামধন্য শিল্পী গৰাকীৰ দেহাৱসান ঘটে যি অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি ৷ আজি তেওঁৰ প্ৰথম মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে সুঁৱৰিছো ৷