বৰ্তমান সময়ত মানুহৰ মাজত আটাইতকৈ বেছি ব্যৱহাৰযোগ্য সামগ্ৰীবিধ হৈছে মোবাইল ফোন। এই সামগ্ৰীবিধৰ অবিহনে জীৱনটো কল্পনা কৰাটো যেন সপোনৰো অগোচৰ। কেৱল সেয়াই নহয় বৰ্তমান সময়ত নতুন প্ৰজন্মই মোবাইলৰ অবিহনে কোনো কাম কৰাৰ কথা কল্পনাও কৰিব নোৱাৰে।
আচৰিত যেন লাগিলেও আজিৰ পৰা ২৬ বছৰৰ আগতে মানুহে মোবাইল ফোনৰ অবিহনেই জীৱন নিৰ্বাহ কৰিছিল। এইয়া মাথো কেইদিনমানৰ আগৰহে কথা। কিন্তু এতিয়া এনে এক পৰিস্থিতি আহি পৰিল য’ত মোবাইল নোহোৱাকে কোনো লোক এক মুহূৰ্তও থাকিব নোৱাৰে।
ভাৰতত পোন প্ৰথমবাৰৰ বাবে মোবাইল ফোনৰ ব্যৱহাৰ হৈছিল ১৯৯৫ চনৰ ৩১ জুলাইত। উল্লেখযোগ্য যে ১৯৭৭ চনৰ পৰা ২০০০ চনলৈ কাৰ্যনিৰ্বাহ কৰা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী জ্যোতি বসুয়ে, ১৯৯৩ চনৰ পৰা ১৯৯৬ চনলৈ কাৰ্যনিৰ্বাহ কৰা তথ্য আৰু জনসংযোগ মন্ত্ৰী পণ্ডিত সুখ ৰামলৈ প্ৰথম মোবাইলৰ জৰিয়তে ফোন কৰিছিল।
জ্যোতি বসুয়ে কলিকতাৰ ৰাইটাৰছ বিল্ডিং (Writers Building)ৰ পৰা নতুন দিল্লীস্থিত যোগাযোগ ভৱন (Sanchar Bhawan)ত থকা পণ্ডিত সুখ ৰামলৈ কৰিছিল এই ফোন। সেই সময়ত ভাৰতৰ প্ৰথম মোবাইল অপাৰেটৰ কোম্পানী আছিল “মোডী টেলষ্ট্ৰা” (Modi Telstra) । ভাৰতৰ এই “মোডী টেলষ্ট্ৰা” অষ্ট্ৰেলিয়াৰ টেলেকম কোম্পানী “টেলষ্ট্ৰা” (Telstra)ৰ লগত যুতীয়াভাৱে সংযুক্ত হৈ থকা এক কোম্পানী। মোডী টেলষ্ট্ৰা ভাৰতৰ ৮ টা কোম্পানীৰ ভিতৰত এটা যিয়ে ভাৰতত মোবাইল সেৱা প্ৰদানৰ বাবে অনুজ্ঞাপত্ৰ লাভ কৰিছিল।
উল্লেখ্য যে জনসাধাৰণৰ মাজত মোবাইলৰ ক্ষেত্ৰত এক নতুন জাগৰণৰ সূচনা হয় সেই সময়ৰ পৰাই। তেতিয়া মোবাইলৰ জৰিয়তে ফোন কৰাৰ বাবে ইনকামিং আৰু আউটগয়িং দুয়োটা কলৰ বাবে ৰিছাৰ্জ কৰিব লগীয়া হৈছিল। প্ৰাপ্ত তথ্য মতে মোবাইল ফোনৰ ব্যৱহাৰ আৰম্ভ হোৱাৰ প্ৰথম পাঁচ বছৰত প্ৰায় ৫ মিলিয়ন লোকে ফোনৰ সংযোগ গ্ৰহণ কৰিছিল। ২০১৫ চনৰ মে’ মাহলৈ ইয়াৰ হাৰ হৈছিল ১ বিলিয়ন আৰু তেতিয়াৰে পৰা বৰ্তমান সময়লৈ এই হাৰ বাঢ়ি গৈয়ে আছে।