আমি সাধাৰণতে বিদেশ ভ্ৰমণ কৰিবলৈ হ’লে আমাক ভিজাৰ প্ৰয়োজন হয় ৷ ভিজা অবিহনে আমি নিজৰ দেশৰ পৰা আন এখন দেশলৈ ফুৰিবলৈ যাব নোৱাৰোঁ ৷ কিন্তু আমাৰ দেশ ভাৰতত এনে কেইখনমান ৰাজ্য আছে যিকেইখন ৰাজ্যলৈ যাবলৈ সেই ৰাজ্যৰ বিভাগীয় কৰ্তৃপক্ষৰ পৰা অনুমতি ল’ব লগীয়া হয় ৷
তেনে এখন ৰাজ্য হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম ৰাজ্য অৰুণাচল প্ৰদেশ ৷ ৰাজ্যখনৰ পশ্চিমে ভূটান ,পূব দিশত ম্যানমাৰ আৰু উত্তৰ দিশে আছে চীন ৷ দেশৰ অন্যান্য ৰাজ্যসমূহৰ পৰা এইখন ৰাজ্যলৈ যাবলৈ ইনাৰলাইন পাৰমিটৰ প্ৰয়োজন হয় ৷ কলিকতা,নতুন দিল্লী,শ্বিলং আৰু গুৱাহাটীৰ পৰা এই পাৰমিট ল’ব পাৰি ৷
মিজোৰাম উত্তৰ-পূবৰ এনে এখন ৰাজ্য যি ইয়াৰ মনোমোহা দৃশ্যৰ বাবে জনাজাত আৰু ইয়াত বহু জাতি-জনগোষ্ঠীৰ মানুহে বাস কৰে। এই ৰাজ্যখন বাংলাদেশ আৰু ম্যানমাৰৰ সীমাত অৱস্থিত। এই মিজোৰামত প্ৰৱেশ কৰিবলৈকো ইনাৰ লাইন পাৰ্মিটৰ প্ৰয়োজন। মিজোৰাম চৰকাৰৰ যোগাযোগ বিষয়াই প্ৰদান কৰে এই অনুমতি পত্ৰসমূহ। আনহাতে কলকাতা, শিলচৰ, গুৱাহাটী আৰু নতুন দিল্লীৰ পৰা এই পাৰমিট লাভ কৰিব পাৰি। বিমানেৰে অহা পৰ্যটকসকলে লেংপুই বিমানবন্দৰ আৰু আইজালত উপস্থিত হোৱাৰ লগে লগে নিৰাপত্তাৰক্ষীৰ পৰা পাছ ল’ব লগা হয়।
নাগালেণ্ড এনে এখন ৰাজ্য যাৰ প্ৰাকৃতিক শোভাই সকলোকে আকৰ্ষণ কৰে ৷ এই নাগালেণ্ড ভ্ৰমণৰ বাবেও ইনাৰ লাইন পাৰ্মিটৰ প্ৰয়োজন। ডিমাপুৰ, কোহিমা, মোককচুা, নতুন দিল্লী, কলকাতা আৰু শিলচৰৰ উপায়ুক্তৰ পৰা এই পাৰমিট লাভ কৰিব পাৰি। আনহাতে অনলাইনযোগেও এই অনুমতি পত্ৰ সংগ্ৰহ কৰিব পাৰি।
লাডাখ পাকিস্তান আৰু চীন দু্য়োখন দেশৰ সীমান্তত অৱস্থিত হোৱাৰ বাবে যাতায়তৰ ক্ষেত্ৰত ইয়াক স্পৰ্শকাতৰ বুলি গণ্য কৰা হয়। সেয়েহে সাধাৰণ নাগৰিকক লাডাখৰ সকলো প্ৰান্তলৈ যাবলৈ দিয়া নহয়। ডাহ, হানু গাঁও, পাংগং ট্ছ’, মান, মেৰাক, ছ’মৰিৰি, ন্যোমা, লোমা বেণ্ড, খাৰডুং লা, নুব্ৰা উপত্যকা, তুৰ্টুক, টায়াক্ষি, ডিগাৰ লা, টাংয়াৰ আদি নিষিদ্ধ স্থান ভ্ৰমণ কৰিবলৈ সেয়েহে ইনাৰ লাইন পাৰ্মিটৰ প্ৰয়োজন হয়। পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৭ বজাৰ ভিতৰত এই অনুমতি পত্ৰ লেহ চহৰৰ ডি চি কাৰ্যালয়ৰ পৰা ল’ব পাৰি। ৷কিন্তুইয়াৰ বাবে আবেলি ৩ বজাৰ আগতে আবেদন পত্ৰ জমা দিব লাগে ।
ছিকিম ৰাজ্যখন তিনিখন দেশৰ সীমান্তত অৱস্থিত এখন ৰাজ্য। এই ৰাজ্যৰ উত্তৰ আৰু পূবত চীন, পূবত ভূটান আৰু পশ্চিমে নেপাল। ছিকিমৰ কিছুমান বিশেষ স্থানত প্ৰৱেশ নিষিদ্ধ ৷ সেয়েহে এজন ভাৰতীয় নাগৰিকেও লাচুং, টছমগো হ্ৰদ, নাথুল্লা, ড্জোংগ্ৰী আৰু গয়চলা ট্ৰেক, ইউমথাং, ইউমছাংডং, থাংগু/চোপটা উপত্যকা, গুৰুডংমাৰ হ্ৰদৰ দৰে সংৰক্ষিত অঞ্চল ভ্ৰমণ কৰিবলৈ ইনাৰ লাইন পাৰ্মিট ল’ব লাগে । এই ৰাজ্যৰ নাথুলা আৰু গুৰুডংমাৰ হ্ৰদৰ অনুমতি পত্ৰ পৰ্যটন আৰু অসামৰিক বিমান পৰিবহণ বিভাগে প্ৰদান কৰে। আনহাতে ট্ৰেভেল এজেন্ট আৰু ট্যুৰ অপাৰেটৰেও এই পাৰ্মিটৰ ব্যৱস্থা কৰে।অৱশ্যে ইয়াত কোনো মাচুল নিদিয়াকৈ অৰ্থাৎ বিনামূলীয়াকৈ পাৰ্মিট দিয়া হয়।