সদৌ অসম ছাত্ৰ সন্থাৰ অভিভাৱক সংগঠন অসম উন্নতি সভাৰ চৰাইদেউ জিলা সমিতিখন চলিত বৰ্ষৰ ১৩ফেব্ৰুৱাৰী তাৰিখে পুনৰ গঠন কৰা হয়। সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত ১৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত এখন সভাত পুনৰ গঠন কৰা হয় উক্ত চৰাইদেউ জিলা সমিতিখন।
সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিলীপ বৰাৰ সভাপতিত্বত চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অনুপ জ্যোতি ভূঞাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে । আনহাতে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক প্ৰশান্ত দত্ত, সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা বিষ্ণুজ্যোতি বুঢ়াগোহাঁইৰ লগতে চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ বহু কেইগৰাকী জ্যেষ্ঠ তথা অভিজ্ঞ ব্যক্তি সভা খনত উপস্থিত থাকে। উক্ত সভাত ৰীনা বৰা আৰু মণি গগৈক উপদেষ্টা, প্ৰাক্তন ছাত্ৰ নেতা তথা অৱসৰপ্ৰাপ্ত শিক্ষক, সাংস্কৃতিক কৰ্মী বিপিন শৰ্মাক সভাপতি, তীৰ্থ গোস্বামী, ভাস্কৰ ভাজনী, হীৰা বৰগোহাঁই আৰু ৰমা কোঁৱৰক উপ সভাপতি, প্ৰাক্তন ছাত্ৰ নেতা তথা সাংবাদিক যদুনাথ পুৰীক সাধাৰণ সম্পাদক, প্ৰদীপ বৰুৱা, ক্ষান্ত ফুকন, অভিজিৎ ভূঞা আৰু তৰুণ গগৈক সম্পাদক আৰু বহু কেইগৰাকী সমাজ সচেতন লোকক কাৰ্যনিৰ্বাহক সদস্য হিচাপে লৈ চৰাইদেউ জিলা অসম উন্নতি সভাৰ এখন শক্তিশালী সমিতি গঠন কৰা হয়।
চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অনুপ জ্যোতি ভূঞাই জানিবলৈ দিয়ে যে পৰৱৰ্তী পৰ্যায়ত সমষ্টি তথা গাঁও পঞ্চায়ত পৰ্য্যায়ত সমিতি গঠনৰ জৰিয়তে উন্নতি সভাৰ সমিতিখন অধিক শক্তিশালী কৰি তোলা হ’ব ।
অসম উন্নতি সভাৰ চৰাইদেউ জিলাৰ নব্য সমিতি গঠনৰ বাবে অনুষ্ঠিত কৰা এই গাম্ভীৰ্যপূৰ্ণ সভাখনত উপস্থিত প্ৰতিজন লোকেই জাতীয় অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত উৎপাদন তথা সৃষ্টিশীল কামৰ যোগেদি সমাজক সৰ্বতোপ্ৰকাৰে তথা সকলো ক্ষেত্ৰতে শক্তিশালী কৰি তুলিবৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হয় ৷