বৃহস্পতিবাৰৰ পৰা ভাৰতৰ বহু ঠাইত বন্ধ থাকিব বেংক পৰিসেৱা। ১৯ আগষ্টৰ পৰা ২৩ আগষ্টলৈকে অহা ৫ দিনৰ বাবে বন্ধ থাকিব বেংকসমূহ। গতিকে কোনো লোকৰ বেংক সংলগ্ন কোনো কাম থাকিলে কৰিব লাগিব আজিৰ ভিতৰতে।
উল্লেখ্য যে এই বেংক পৰিসেৱা বন্ধ থকা কাৰ্য ভাৰতৰ সকলো ৰাজ্যতে একেই সময়তে প্ৰযোজ্য নহ’ব। প্ৰতিখন ৰাজ্যতে ভিন্ন ভিন্ন সময়তহে প্ৰৱৰ্তন কৰা হৈছে এই বেংক বন্ধৰ কাৰ্যসূচী। স্থানীয় সুযোগ –সুবিধা ওপৰত লক্ষ্য ৰাখিহে কিছুমান ঠাইত এই বন্ধ ঘোষণা কৰা হৈছে।
১৯ আগষ্টৰ পৰা ২৩ আগষ্টলৈ বেংক বন্ধ ঘোষণা কৰা ঠাই সমূহ হৈছে-
- ১৯ আগষ্ট – আগৰতলা, আহমেদাবাদ , বেলাপুৰ , ভূপাল, হাইদৰাবাদ, জয়পুৰ, জম্মু , কানপুৰ, কলিকতা , লক্ষ্ণৌ, মুম্বাই , নাগপুৰ , নতুন দিল্লী, পাটনা, ৰায়পুৰ, ৰাঁচী আৰু শ্ৰীনগৰ ।
- ২০ আগষ্ট – বাংগালুৰ , চেন্নাই , ক’চি , তিৰুৱানান্থাপুৰুম ।
- ২১ আগষ্ট – ক’চি আৰু তিৰুৱানান্থাপুৰুম ।
- ২২ আগষ্ট- ৰবিবাৰ
- ২৩ আগষ্ট – শ্ৰী নাৰায়ণ গুৰু জয়ন্তীৰ বাবে বন্ধ থাকিব ক’চি আৰু তিৰুৱানান্থাপুৰুম।
উল্লেখ্য যে ২৮ আগষ্টত মাহটোৰ চতুৰ্থটো শনিবাৰ হোৱাৰ বাবে বেংক সমূহ বন্ধ থাকিব আৰু ২৯ তাৰিখে বন্ধ থাকিব ৰবিবাৰ হোৱাৰ বাবে। ৩০ আগষ্টত জন্মাষ্টমী হোৱাৰ বাবে আহমেদাবাদ, চণ্ডিগড় , চেন্নাই, দেৰাডুন , গেংটক, জয়পুৰ, জম্মু, কানপুৰ, লক্ষ্ণৌ, পাটনা , ৰায়পুৰ, ৰাঁচী, শ্বিলং , চিমলা আৰু শ্ৰীনগৰত বেংকৰ পৰিসেৱাসমূহ বন্ধ হৈ থাকিব। আনহাতে ৩১ আগষ্টত শ্ৰী কৃষ্ণ অষ্টমীৰ বাবে হাইদৰাবাদৰ বেংক সমূহ বন্ধ থাকিব।