অমৃতচৰৰ স্বৰ্ণ মন্দিৰত দেৱালী উদযাপন কৰিবলৈ দূৰদূৰণিৰ পৰা বহু মানুহৰ সমাগম ঘটে । দেৱালীত অমৃতচৰত ‘বন্দী ছোৰ দিৱস’ উদযাপন কৰা হয়। শিখসকলৰ ষষ্ঠ গুৰু হৰগোবিন্দ জীয়ে বন্দীত্বৰ পৰা মুক্তি লাভ কৰাৰ স্মৃতিত অমৃতচৰত এই ‘বন্দী ছোৰ উৎসৱ’ উদযাপন কৰা হয়।
ইয়াত সেয়েহে দীপাৱলী উৎসৱে এক ভিন্ন ৰূপ পায় । এই উপলক্ষে চহৰখনত বিশেষ প্ৰাৰ্থনা আৰু কীৰ্তনো অনুষ্ঠিত হয় আৰু চহৰখনক সজাই তোলা হয় অতি আকৰ্ষণীয় ৰূপত ৷ অমৃতসৰৰ স্বৰ্ণ মন্দিৰ কেৱল নিজৰ দেশতেই নহয় সমগ্ৰ বিশ্বতে জনাজাত ৷ কিন্তু দেৱালীত ইয়াৰ ৰূপ আনদিনাতকৈ কিছু পৃথক হয় । এই দিনটোত স্বৰ্ণ মন্দিৰৰ চৌহদত জ্বলোৱা হাজাৰ হাজাৰ চাকি আৰু আতচবাজীৰ দৃশ্য হয় অতি মনোমোহা য’ত সমাগম ঘটে বহু সংখ্যক ভক্তৰ।
স্বৰ্ণ-মন্দিৰ দেশৰ ভিতৰতে আটাইতকৈ বেছি ভক্তৰ সমাগম ঘটা উপাসনাস্থলীসমূহৰ ভিতৰত অন্যতম । ই দেশৰ আটাইতকৈ জনপ্ৰিয় গুৰুদ্বাৰ যাক’শ্ৰী হৰমিন্দৰ চাহিব’ বুলিও জনা যায়। প্ৰাচীন কাহিনী অনুসৰি কোৱা হয় যে ভগৱান বুদ্ধই এসময়ত ইয়াত ধ্যান কৰিছিল।
এই স্বৰ্ণ মন্দিৰ নিৰ্মাণ কৰোতে সঁচাকৈয়ে সোণ ব্যৱহাৰ কৰা হৈছে। গুৰুত্বপূৰ্ণ কথা যে ৯০ ৰ দশকত, মন্দিৰৰ নৱীকৰণত প্ৰায় ৫০০ কিলোগ্ৰাম সোণৰ পাত ব্যৱহাৰ কৰা হৈছিল।