উত্তৰ লক্ষীমপুৰ জিলাৰ পথালি পাহাৰ অঞ্চলত নিৰ্মাণ কৰা হয় প্ৰকৃতিৰ উন্নয়নৰ লগৰ জড়িত এক প্ৰতিষ্ঠান কেয়াৰ গ্ৰীণ (Care Green Centre)
এই প্ৰতিষ্ঠানটোৱে মূলতঃ যিবোৰ ব্যৱহাৰ নোহোৱা মাটি আছে সেই মাটি সমূহত বিভিন্ন ধৰণৰ খেতি বাতি কৰি কৃষকক সহায় কৰাৰ বাবে আগ বাঢ়ি আহিছে। প্ৰতিষ্ঠানটো ৭মাৰ্চ , সোমবাৰে শুভ উদ্বোধন কৰে অঞ্চলটোৰ এজন বিশিষ্ট ব্যক্তি তথা সমাজ কৰ্মী ধৰণী বৰুৱাই।
এক সেউজীয়া পৰিৱেশ গঢ়ি তোলাৰ বাবেই এই Green Centre টো উত্তৰ লক্ষীমপুৰ জিলাৰ পথালি পাহাৰত প্ৰতিষ্ঠা কৰা হয়। পিছলৈ অসমৰ বহু কেইখন জিলাত এই প্ৰতিষ্ঠান স্থাপন কৰাৰ আশ্বাস প্ৰদান কৰে প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই।