অসম চৰকাৰে সকলো ৰাইজক কভিড ভেকচিন প্ৰদান কৰিবলৈ তৎপৰতা প্ৰদৰ্শন কৰাৰ সময়তে ৰাজ্যৰ বিভিন্ন কাৰাগাৰত প্ৰায় ৪ হাজাৰ কাৰাবন্দীয়ে এই পৰ্যন্ত লাভ কৰা নাই এপালিও ভেকচিন।
ৰাজ্য চৰকাৰে আদালতত দাখিল কৰা তথ্য অনুসৰি বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা ১১,৩৯৮জন কাৰাবন্দীৰ ৭,৫২৪জনকহে এই পৰ্যন্ত ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰে মাত্ৰ ১৭৫ জনকহে দুয়োপালি ভেকচিন দিয়া হৈছে।
দৈনিক অসম কাকতত প্ৰকাশিত বাতৰি অনুসৰি কাৰাগাৰসমূহত কভিড পৰিস্থিতি তথা কভিডৰ সংক্ৰমণ নিয়ন্ত্ৰণ সংক্ৰান্তীয় বিষয় সন্দৰ্ভত নিজাববীয়াকৈ গ্ৰহণ কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ (৪/২০২০) ৰ শুনানিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুধাংশু ধুলীয়া আৰু ন্যায়াধীশ মানস ৰঞ্জন পাঠকৰ বিচাৰপীঠে ৰাজ্য চৰকাৰক কাৰাবন্দী সকলক শীঘ্ৰেই ভেকচিন প্ৰদানৰ নিৰ্দেশ দিছে।
কাৰাবন্দীসকলক ভেকচিন প্ৰদানৰ বাবে কিমান সময়ৰ প্ৰয়োজন হ’ব সেই সন্দৰ্ভতো প্ৰশ্ন কৰিছে আদালতে। উত্তৰত চৰকাৰী অধিবক্তাই বাকী থকা কাৰাবন্দীসকলক ২ সপ্তাহৰ ভিতৰত ভেকচিন প্ৰদান কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে।
আদালতে চৰকাৰক পৰৱৰ্তী শুনানিৰ পূৰ্বে এই সম্পৰ্কীয় সকলো তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছে। ২৮ জুলাইত বিষয়টোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে।