বৰ্তমান সময়ত সমগ্ৰ অসমৰ ভিতৰতে এক অগ্ৰণী পৰিবেশ সজাগতা মূলক বেচৰকাৰী স্বেচ্চাসেৱী অনুষ্ঠান “নৱাৰুণ…দ্যা ৰাইজিং ৰে, অসম” ৷ আজি অনুষ্ঠানটোৰ সপ্তম সংখ্যক প্ৰতিষ্ঠা দিৱস। সমাজখনক এক সুস্থ পৰিবেশৰ যোগেদি ,প্ৰকৃতি সংৰক্ষণ মূলক কৰ্মৰ যোগেদি সজাগ কৰি ৰখাৰ ক্ষেত্ৰত অনুষ্ঠানটোৱে জন্ম লগ্নৰে পৰা এনে বহু কাম কৰি আহিছে যি অসমৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ৰাইজক তথা নৱ প্ৰজন্মক কিছু পৰিমাণে হ’লেও প্ৰকৃতি সংৰক্ষণৰ বাবে বা এখন সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰত সচেতন কৰি তুলিবলৈ সক্ষম হৈছে ৷
বিশেষকৈ এবাৰ ব্যৱহৃত পলিথিনৰ ক্ষেত্ৰত অনুষ্ঠানটোৱে লোৱা বিভিন্ন পদক্ষেপে কিছু পৰিমাণে হ’লেও শাসনাধিস্থিত চৰকাৰ খনৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ এই ক্ষেত্ৰত অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে অনুষ্ঠানটোৰ সৈতে জড়িত হৈ আছে বহু সচেতন লোক ৷ যি জন্ম লগ্নৰে পৰাই হওঁক নাইবা পৰৱৰ্তী সময়তেই হওঁক অনুষ্ঠানটোক আগুৱাই লৈ যোৱাত অহোপুৰুষাৰ্থ কৰিছে ৷
সেয়েহে আজিৰ এই পবিত্ৰ দিনটোত নৱাৰুণ পৰিয়ালৰ সৈতে পৰোক্ষ বা প্ৰতক্ষভাৱে জড়িত হৈ থকা প্ৰত্যেক জন সদস্য তথা শুভাকাংক্ষীক সামাজিক মাধ্যম ফেচবুকৰ যোগেদি নৱাৰুণৰ তৰফৰ পৰা শুভেচ্ছা তথা কৃতজ্ঞতা জ্ঞাপন কৰিছে অনুষ্ঠানটোৰ সভাপতি.সম্পাদককে প্ৰমূখ্য কৰি প্ৰতিগৰাকী সদস্যই ।
আনহাতে জনপ্ৰিয় সামাজিক মাধ্যম প্লেটফৰ্ম ফেচবুকত এটি আপডেট দি “নৱাৰুণ…দ্যা ৰাইজিং ৰে, অসম’’ৰ সভাপতি ড০ সুৰঞ্জনা কলিতাই লিখিছে যে প্ৰতিষ্ঠা কালৰে পৰা বহু কেইটা বছৰ গৰকি ‘নৱাৰুণ’ সগৌৰৱে মূৰ তুলি আগুৱাই গৈছে। এই সময়ছোৱাত প্ৰতিজন ব্যক্তিৰ অৰিহণাৰ শলাগ লৈ শেষ কৰিব নোৱাৰি। সেয়েহে অন্তৰৰ গভীৰৰ পৰা প্ৰতিজনৰ ওচৰত তেওঁলোক চিৰ কৃতজ্ঞ। তেওঁ লগতে কয় যে কৰ’ণা কালত অনুষ্ঠানটোৰ কামৰ কিছু স্থবিৰতা আহিলেও থমকি ৰোৱা নাই তেওঁলোক। এইবাৰ নানান টা কাৰণত ২৪ ছেপ্টেম্বৰৰ দিনটোতত বৰ্ষপূৰ্তি পালন কৰিব নোৱাৰিলে যদিও অতি সোনকালেই অনুষ্ঠানটোৰ প্ৰতিষ্ঠাদিনটো পালন কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে ।
আজি পৰ্যন্ত সকলোৱে মৰম-চেনেহ, শ্ৰদ্ধা-আন্তৰিকতা আগবঢ়াই ‘নৱাৰু’ণক যি সহায় কৰি আহিছে আগন্তুক সময় ছোৱাতো যেন তেনেদৰেই সক্ৰিয় সহায়-সহযোগিতা আগবঢ়াই নৱাৰুণ ফলে-ফুলে জাতিস্কাৰ হোৱাত অৰিহণা যোগাই তাকে আশা কৰিছে বৰ্তমান অনুষ্ঠানটোৰ সভাপতিৰ গুৰু দায়িত্বত থকা ড০ সুৰঞ্জনা কলিতাই ।
লগতে ‘নৱাৰুণ দ্য ৰাইজিং ৰে’ অসম’ক আগুৱাই নিয়াৰ ক্ষেত্ৰত সহযোগ কৰা সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে অনুষ্ঠানটিৰ সাধাৰণ সম্পাদক মনোৰঞ্জন বৰাকে ধৰি প্ৰতিজন বিষয়ববীয়া তথা সদস্যই ৷