চিকিৎসক সকল সদায় সমাজৰ শুভ-চিন্তক ৷ যি প্ৰতি মূহুৰ্ততে সমাজৰ প্ৰতিজন লোকক শাৰীৰিক তথা মানসিক ভাৱে সবল হৈ থাকিবলৈ অৰিহণা যোগায় ৷ বহু সময়ত চিকিৎসক সকলক দেৱদূত বুলিও অভিহিত কৰিব খোজে বহুজনে ৷ মৃত্যুৰ মুখৰ পৰা ,যন্ত্ৰণা কাতৰ সময়বোৰৰ পৰা এজন ৰোগীক উদ্ধাৰ কৰাৰ পিছতেই এজন চিকিৎসক যেন হৈ পৰে ঈশ্বৰৰ সমতূল্য ৷ অৱশ্যে সময়ে সময়ে তাৰ বিপৰীত ছবি এখনো কেতিয়াবা প্ৰতিফলিত হয় অৱশ্যে সেয়া তুলনামূলক ভাৱে কম৷
কিয় উদযাপন কৰা হয় ৰাষ্ট্ৰীয় চিকিৎসক দিৱস?
ভাৰত বৰ্ষৰ এগৰাকী চিকিৎসক তথা পশ্চিম বংগৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী ড০ বিধান চন্দ্ৰ ৰয়ৰ জন্ম আৰু মৃত্যু বাৰ্ষিকী উপলক্ষে প্ৰতিবছৰে ১ জুলাইত ভাৰতত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন কৰা হয়।
১৮৮২ চনৰ ১ জুলাইত জন্ম গ্ৰহণ কৰা ডাঃ ৰয়ে ১৯৬২ চনত ৮০ বছৰ বয়সত একে তাৰিখতে মৃত্যু বৰণ কৰিছিল । উল্লেখযোগ্য যে তেওঁ ভাৰতীয় চিকিৎসা পৰিষদ আৰু ভাৰতীয় চিকিৎসা সংস্থা স্থাপনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।১৯৬১ চনৰ ৪ ফেব্ৰুৱাৰীত ড০ ৰয়ক ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰা হৈছিল।
পোনপ্ৰথম বাৰৰ বাবে কেতিয়া ভাৰতত উদযাপিত হয় ৰাষ্ট্ৰীয় চিকিৎসক দিৱস?
১৯৯১ চনৰ ১ জুলাইত ভাৰতত ‘ভাৰতীয় চিকিৎসা সংস্থাই’ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন কৰিছিল।সেইদিনটোৰ পৰাই প্ৰতি বছৰে ১জুলাই তাৰিখে সমগ্ৰ ভাৰতবৰ্ষতে এই দিৱস উদযাপন কৰা হয় ৷
২০২২ বৰ্ষৰ চিকিৎসক দিৱসৰ লক্ষ উদ্দেশ্য:-
এই বছৰৰ অৰ্থাৎ ২০২২বৰ্ষৰ ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ বিষয়বস্তু হৈছে ‘ফেমিলি ডক্টৰ অন দা ফ্ৰণ্ট লাইন’।
বিশ্বৰ বহুকেইজন বিখ্যাত লোকে এই চিকিৎসক দিৱসৰ উদ্দেশ্যে কিছুমান উদ্ধৃতি দি থৈ গৈছে –
ডেনিয়েল পি লোগানে কৈছিল- “চিকিৎসক হোৱাটো সদায়ে মনত ৰাখিব।”
চেনেকাৰ মতে -“মানুহে চিকিৎসকক তেওঁৰ যন্ত্ৰণা উপশমৰ বাবে ধন পৰিশোধ কৰে; কিন্তু তেওঁৰ দয়াৰ বাবে তেওঁলোক এতিয়াও তেওঁৰ ঋণী।”
আনহাতে কাৰ্ল জাঙে কৈছে -“ঔষধে ৰোগ নিৰাময় কৰে, কিন্তু কেৱল চিকিৎসকেহে ৰোগীক আৰোগ্য কৰিব পাৰে।”
এলবাৰ্ট আইনষ্টাইনৰ মতে -“কেৱল আনৰ বাবে জীয়াই থকা জীৱনটোহে এক সাৰ্থক জীৱন।”
মাৰ্টিন এইচ ফিচাৰ নামৰ চিকিৎসক জনে কৈছিল-“আমাৰ বৃত্তিটোৱেই একমাত্ৰ এনে বৃত্তি যি নিজকে ধ্বংস কৰিবলৈ অবিৰাম ভাৱে কাম কৰে।”
আজিৰ এই শুভ দিনটোত প্ৰতিজন চিকিৎসককে যাচিলোঁ ‘ৰাষ্ট্ৰীয় চিকিৎসক দিৱস’ৰ আন্তৰিক শুভকামনা ৷