‘হাৰ কি ডুন-ৰুইনচাৰা ভেলী’ ট্ৰেক হৈছে ভাৰতৰ উত্তৰাখণ্ডত অৱস্থিত হিমালয়ৰ গড়ৱালৰ আটাইতকৈ জনপ্ৰিয় আৰু ই বিশ্বৰ শ্ৰেষ্ঠ ট্ৰেকবোৰৰ ভিতৰত অন্যতম ট্ৰেক । ৩৬৪৫ মিটাৰৰ পৰা ৩৫০০ মিটাৰ লৈকে বিস্তৃত এই ট্ৰেক।
এক সৰু স্বৰ্গৰ দৰে মোহনীয় চাংক্ৰিৰ পৰা আৰম্ভ হোৱা হৰ কি ডুন পথটো ৪ খন হিমালয়ান গাঁৱৰ মাজেৰে গৈছে ৷ প্ৰথম গাঁওখন হ’ল ধাটমিৰ, তাৰ পিছত গংগাদ, ইয়াৰ পিছত পানৱানী আৰু ওচলা হৈছে এই অঞ্চলৰ অন্তিম খন গাওঁ যাক প্ৰান্তীয় গাওঁ বুলি কোৱা হয় ‘হাৰ কি ডুন-ৰুইনচাৰা ভেলী’ ট্ৰেক কেৱল ভাৰততে নহয়, বিশ্বৰ ভিতৰতে এক অতি জনপ্ৰিয় ট্ৰেক।
এই ট্ৰেক ভাৰতৰ প্ৰাচীন সংস্কৃতি আৰু পৰ্বতমালাৰ সৌন্দৰ্যৰ এক শ্ৰেষ্ঠ মিশ্ৰণ ৷ ‘ হাৰ কি ডুন- ৰুইনচাৰা ভেলী’ হৈছে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ সম্পূৰ্ণ ট্ৰেকবোৰৰ ভিতৰত অন্যতম।
ভাৰতৰ ঐতিহ্যক প্ৰতিফলিত কৰা এই ট্ৰেকৰ পৰ্বতমালাৰ দৃশ্য, সেউজীয়া অৰণ্য, ঘাঁহনি, , নদী, সোঁত আৰু আনকি এটা আলপাইন হ্ৰদে সদায়েই ট্ৰেকাৰসকলক আকৰ্ষিত কৰে । আনহাতে ই আন গ্ৰীষ্মকালীন ট্ৰেকৰ তুলনাত ট্ৰেকাৰসকলৰ অভিযানো দুঃসাহসিক কৰি তোলে ।