ৰঙিয়াৰ এক আগশাৰীৰ স্বেচ্চাসেৱী অনুষ্ঠান ‘গৰীৱ নন্দন জনকল্যান সমিতি’য়ে আজি বহু বছৰ ধৰি অঞ্চলটোৰ বাবে বিভিন্ন ধৰণৰ উন্নয়ন মূলক কাম কাজ কৰাৰ লগতে বিভিন্ন সময়ত আৰ্ত জনৰ কাষত থিয় দি আহিছে ৷ এইবাৰো বান পিড়ীত সকলৰ ওচৰত থিয় দি বিভিন্ন ধৰণেৰে বৰ্ণাত্যসকলক সহায়ৰ হাত আগবঢ়োৱা অনুষ্ঠানটোৱে অহা শুক্ৰবাৰে বৰ্ণাত্য সকলৰ বাবে আয়োজন কৰিছে এক বিনামূলীয়া চিকিৎসা শিবিৰ ৷
অহা ১৫ জুলাই, শুক্ৰবাৰে ৰঙিয়াৰ উদিয়ানা বালাগাঁও প্ৰাথমিক বিদ্যালয়ত বানপিড়ীত লোকসকলৰ বাবে ‘গৰীৱ নন্দন জনকল্যান সমিতি’ৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে এই বিনামূলীয়া চিকিৎসা শিবিৰ ৷ সেয়েহে সমিতিৰ সভাপতি বিপুল কলিতা তথা বিষয়ববীয়া সকলে ৰাইজৰ উপস্থিতি কামনা কৰাৰ লগতে অঞ্চলটোৰ ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ৷