আজি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই গোৱালপাৰাৰ দুধনৈ আয়ুৰ্বেদিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়খন পৰিদৰ্শন কৰি সবিশেষ বুজ লয়।
সম্পূৰ্ণ হৈ উঠা চিকিৎসালয় খন পৰিদৰ্শন কৰি অতি সোনকালে আনুষ্ঠানিক ভাৱে মুকলি কৰিব বুলি উল্লেখ কৰাৰ লগতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি উক্ত চিকিৎসালয় খন মহাবিদ্যালয় ৰূপে প্ৰতিষ্ঠা কৰাৰ কথাও ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে।
ইতিমধ্যে ৰাজ্য চৰকাৰে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে কেন্দ্ৰৰ অনুমোদনৰ বাবে অপেক্ষা কৰা বুলি জানিবলৈ দিয়ে।সেই উদ্দেশ্যে আজি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে এই চিকিৎসালয় খন পৰিদৰ্শন কৰা বুলিও উল্লেখ কৰে।
উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ পুৰণা একমাত্ৰ গুৱাহাটী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ পিছতেই এই মহাবিদ্যালয়খন অসমৰ দ্বিতীয় খন আয়ুৰ্বেদিক মহাবিদ্যালয় হ’ব বুলিও জানিবলৈ দিয়ে মন্ত্ৰীজনে।
ইফালে আগন্তুক দুৰ্গাপূজা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰীজনে কয় যে পূজা উদযাপনৰ ক্ষেত্ৰত আজি সন্ধিয়ালৈ এচ অ’ পি ঘোষণা কৰা হ’ব আৰু চৰকাৰে ঘোষণা কৰা এচ অ‘ পি অনুসৰি সম্পূৰ্ণ নীতি-নিয়ম মানি এইবাৰ শাৰদীয় দুৰ্গাপূজা অনুষ্ঠিত কৰা হ‘ব ।