মহিলাৰ প্ৰস্ৰাৱগাৰত এটা হিডেন কেমেৰা ফ’ন লুকুৱাই থোৱা অপৰাধত বুধবাৰে হায়দৰাবাদৰ ড্ৰাইভ-ইন ৰেষ্টুৰেন্টৰ এজন কৰ্মচাৰী গ্ৰেপ্তাৰ হয়।
খবৰ অনুসৰি এগৰাকী মহিলা গ্ৰাহক উক্ত প্ৰস্ৰাৱগাৰত প্ৰৱেশ কৰোতে অন কৰি ৰখা কেমেৰাটো এটা ছেল্ফত ৰাখি থোৱা অৱস্থাত প্ৰত্যক্ষ কৰে। লগে লগেই এনে অনৈতিক কামত লিপ্ত হোৱা ৰেষ্টুৰেন্ট খনৰ ওপৰত মহিলা গৰাকীয়ে জুবিলী হিল্লছ আৰক্ষী থানাত অভিযোগ দিয়াত আৰক্ষীৰ এটা দল আহি ৰেষ্টুৰেন্ট খনত উপস্থিত হয়।
আৰক্ষীৰ অনুসন্ধানত উক্ত ফ’নটো ৰেষ্টুৰেন্টখনৰ এজন কৰ্মচাৰীৰ বুলি প্ৰমাণিত হয়। বংগাৰালা বেনাৰ্জী নামৰ এই কৰ্মচাৰীজনে এই ফ’নটো অন কৰি কোনো অসৎ অভিপ্ৰায়েৰে এনেদৰে মহিলাৰ প্ৰস্ৰাৱগাৰত লুকুৱাই ৰাখিছিল।
ইফালে এই কৰ্মচাৰীজনে এই অভিযোগ খণ্ডন কৰি কয় যে তেওঁ প্ৰস্ৰাৱগাৰটো চাফা কৰিবলৈ যাওতে লগত লৈ যোৱা ফ’নটো পাহৰি এৰি থৈ অহাতহে এই দুৰ্ঘটনাটো হ’বলৈ পালে।
যদিও আৰক্ষীয়ে ভাৰতীয় পেনেল ক’ড কেছ নং ৩৫৪ চি আৰু ৫০৯ৰ অধীনত ৬৭ শাখাৰ অধীনত এই সমগ্ৰ ঘটনাটোৰ ওপৰত এজাহাৰ দাখিল কৰিছে।
উল্লেখযোগ্য যে আৰক্ষীয়ে উদ্ধাৰ কৰা এই কেমেৰাত প্ৰায় ৪ ঘন্টাৰ ভিডিঅ’ ৰেকৰ্ডিং লাভ কৰিবলৈও সক্ষম হৈছে। তেনেক্ষেত্ৰত অনুসন্ধানৰ অন্ততহে প্ৰকৃত ৰহস্য ফাদিল হ’ব।
বহু ৰেষ্টুৰেন্টত এনেদৰে প্ৰস্ৰাৱগাৰত কেমেৰা লুকুৱাই ৰাখি মহিলাৰ আপত্তিজনক ফটো আৰু ভিডিঅ’ ৰেকৰ্ডিং কৰি বিভিন্ন সময়ত সেইবোৰ ব্যৱহাৰ কৰি কোনো অসৎ কাৰ্য চৰিতাৰ্থ কৰি অহাৰ অভিযোগ বহু পুৰণি।তেনেক্ষেত্ৰত ৰেষ্টুৰেন্টখনে কোনো অসৎ অভিপ্ৰায়েৰে এই কাৰ্য কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।