বলীউডৰ চুপাৰষ্টাৰ ছালমান খানে কালাৰ্ছ টিভিৰ জনপ্ৰিয় অনুষ্ঠান বিগ বছৰ ১৪ টা সূচীৰ ১১ টাৰেই আঁত ধৰিছিল। অভিনেতাজনে আকৌ এবাৰ অনুষ্ঠানটোৰ আগন্তুক সূচীৰ আঁত ধৰিবলৈ সাজু হৈছে।
বাতৰি অনুসৰি প্ৰায় ১৪ সপ্তাহজুৰি চলাৰ সম্ভাৱনা থকা বিগ বছ ১৫ৰ বাবে ছালমান খানে ৩৫০ কোটি টকাৰ শকত ধনৰাশি লাভ কৰিব। দূৰদৰ্শনৰ আটাইতকৈ বিতৰ্কিত বাস্তৱভিত্তিক অনুষ্ঠানবোৰৰ ভিতৰত এটা বিগ বছ অক্টোবৰৰ ২ তাৰিখৰ পৰা প্ৰচাৰ কৰা হ’ব। ছালমানে প্ৰতি সপ্তাহত প্ৰায় ২৪-২৫ কোটি টকা লাভ কৰিব বুলি জানিব পৰা গৈছে।
কেইমাহমান আগতে শুনিবলৈ পোৱা গৈছিল যে ‘দাবাং’ অভিনেতাজনে তেওঁৰ মাচুল ১৫ শতাংশ বৃদ্ধি কৰিবলৈ দাবী জনাইছে। উল্লেখনীয় যে অনুষ্ঠানটো পৰিচালনা কৰাৰ তেওঁৰ অনন্য শৈলী আৰু এজন চলচ্চিত্ৰ তাৰকা হিচাপে তেওঁৰ জনপ্ৰিয়তাই প্ৰতিটো সূচীক দৰ্শকৰ কাষলৈ লৈ যোৱাত সহায় কৰিছিল।
খবৰ অনুসৰি ছালমান খানেই বাস্তৱভিত্তিক অনুষ্ঠানটোৰ আঁত ধৰাৰ বাবদ সৰ্বাধিক উপাৰ্জন কৰা ব্যক্তি। যোৱা বছৰ বিগ বছ ১৪ আৰম্ভ হোৱাৰ আগতে এক প্ৰতিবেদনে প্ৰকাশ কৰিছিল যে অভিনেতাজনক ৪নং সূচীৰ পৰা ৬নং লৈ প্ৰতি খণ্ডত ২.৫ কোটি টকা পৰিশোধ কৰা হৈছিল। ৭নং সূচীৰ বাবে তেওঁৰ মাচুল দুগুণ কৰি ৫ কোটি টকা কৰা হৈছিল আৰু দশম সূচীৰ প্ৰতিটো খণ্ডত প্ৰায় ৮ কোটি টকা উপাৰ্জন কৰিছিল।
আনহাতে বিগ বছ ১৩ৰ বাবে তেওঁ প্ৰতি সপ্তাহত ১৩ কোটি টকা আদায় কৰিছিল বুলি জনা গৈছে। যোৱা বছৰ অভিনেতাজনে প্ৰতি সপ্তাহত প্ৰায় ১২-১৪ কোটি টকা উপাৰ্জন কৰিছিল। ইফালে, আগন্তুক সূচীৰ শৈলী আৰু প্ৰতিযোগীসকলৰ সন্দৰ্ভত বিভিন্ন ধৰণৰ জল্পনা-কল্পনা চলি আছে।