গুৱাহাটীৰ বাসিন্দাসকলে এতিয়াৰে পৰা ঘৰত বহিয়েই অনলাইনত দিব পাৰিব সুৰাৰ অৰ্ডাৰ । সুৰা বিচাৰি মানুহে এতিয়া আৰু সুৰাৰ বিপণীৰ আগত ভিৰ কৰাৰ কোনো প্ৰয়োজন নাই। অসম চৰকাৰৰ দয়াতে এতিয়াৰে পৰা জনসাধাৰণে লাভ কৰিব এই বিশেষ সুবিধা। উল্লেখযোগ্য যে ৰাজ্যিক কেবিনেটে এই সন্দৰ্ভত ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেইমৰ্মে ৰাজপত্ৰীত জাননী জাৰি কৰা হৈছে । জাননী অনুসৰি কেৱল অনুজ্ঞাপত্ৰ থকা সুৰাৰ বিপণীসমূহেহে অনলাইনযোগে সুৰা বিক্ৰী কৰাৰ সুবিধা লাভ কৰিব । আনহাতে নিৰ্দিষ্ট এপ বা পৰ্টেল যোগেহে বিদেশী সুৰা বিক্ৰী কৰিব পাৰিব ।
উল্লেখ্য যে সুৰাৰ বিপণী সমূহে আবকাৰী বিভাগৰ ওচৰত নিৰ্দিষ্ট চৰ্ত পালন কৰি পঞ্জীয়ন কৰাকে ধৰি যাৱতীয় আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিব লাগিব। ঘৰে ঘৰে সুৰা ডেলিভাৰী কৰা কৰ্মচাৰীৰ সবিশেষ তথ্য ফটোসহ আবকাৰী বিভাগক সুৰা বিপণীসমূহে জমা দিব লাগিব। ডেলিভাৰী এজেন্টসকলৰ বয়স ২১ বছৰতকৈ কম হ’ব নোৱাৰিব ।
প্ৰাপ্ত তথ্য মতে গ্ৰাহকসকলে নিৰ্দিষ্ট অনলাইন পৰ্টেল বা এপত নাম আৰু ঠিকনাৰ উপৰিও বয়সৰ তথ্য প্ৰমাণসহ আপল’ড কৰিব লাগিব। এজন গ্ৰাহকে সৰ্বাধিক ৩ লিটাৰ সুৰাৰ অৰ্ডাৰ দিব পাৰিব আৰু এজন ডেলিভাৰী এজেণ্টে এবাৰত ৯ লিটাৰ সুৰাহে কঢ়িয়াব পাৰিব। আনহাতে শিক্ষানুষ্ঠান , হোষ্টেল , চৰকাৰী –বেচৰকাৰী কাৰ্যালয় আৰু ধৰ্মীয় স্থানত সুৰাৰ ডেলিভাৰী কৰিব নোৱাৰিব কোনো কৰ্মচাৰীয়ে।
উল্লেখ্য যে দিনৰ ১১ বজাৰ পৰা নিশা ১০ বজালৈকেহে সুৰাৰ অনলাইন ডেলিভাৰীৰ সুবিধা উপলব্ধ হ’ব । গ্ৰাহকে অৰ্ডাৰ দিয়াৰ ২ ঘন্টাৰ ভিতৰত সুৰাৰ বিপণীয়ে গ্ৰাহকক ডেলিভাৰী দিব লাগিব । আনহাতে সুৰাৰ অৰ্ডাৰ দিয়াৰ সময়তেই গ্ৰাহকসকলে তাৰ মূল্য আদায় দিব লাগিব আৰু সুৰাৰ বিক্ৰেতা সকলে এম আৰ পি তকৈ অধিক দাম আদায় কৰিব নোৱাৰিব ।
অৰ্ডাৰ পোৱাৰ দহ মিনিটৰ ভিতৰত বিপণীসমূহে অৰ্ডাৰ গ্ৰহণ কৰিব লাগিব। অৰ্ডাৰ বাতিল হ’লে গ্ৰাহকে আন এখন বিপণীৰ পৰা সুৰা ল’ব পাৰিব । উল্লেখ্য যে এখন বিপণীয়ে সৰ্বাধিক ১০ জন ডেলিভাৰী এজেন্ট হে ৰাখিব পাৰিব।নিৰ্দিষ্ট ডেলিভাৰী চাৰ্জ আৰু চাৰ্ভিছ চাৰ্জ আদিৰ বাহিৰে অতিৰিক্ত কোনো চাৰ্জ বিপণীসমূহে ল’ব নোৱাৰিব ।
সুৰাৰ বিপণীৰ পৰা ১ কিলোমিটাৰতকৈ কম দুৰত্বত ডেলিভাৰী দিবলৈ হ’লে ৫০ টকা আৰু ২ কিলোমিটাৰৰ বাবে ৭৫ টকা চাৰ্জ হিচাপে গ্ৰাহকে আদায় দিব লাগিব। বৰ্তমান সুৰাৰ এই ডেলিভাৰী গুৱাহাটীৰ পৌৰ নিগম এলেকাতে আৱদ্ধ থাকিব যদিও পৰৱৰ্তী সময়ত সমগ্ৰ ৰাজ্যতে এই সুবিধা উপলব্ধ হ’ব । এই সম্পৰ্কীয় বাতৰি সমূহ পৰৱৰ্তী পৰ্যায়ত আবকাৰী বিভাগৰ পৰা জাৰি কৰা হ’ব।