সময়ে সময়ে সকলো মানুহেই বিশ্বাসঘাটকতাৰ স্বীকাৰ হয় ৷ কেতিয়াবা আমি নজনাকৈয়ে আমাৰ হাতত কোনোবাই দি থৈ যাব পাৰে নকল নোট ৷ আপোনাৰ ঘৰত বা হাতত কেনেবাকৈ এনে নকল নোট আছে নেকি সেয়া জানিবলৈ অছে কেইটামান বিশেষ উপায় –
- প্ৰকৃত৫০০ টকীয়া নোট খন লাইটৰ পোহৰত ল’লে কেইটামান বিশেষ ঠাইত ৫০০ লিখা দেখিবলৈ পাব ৷
- যদি আপোনাৰ চকুৰ সন্মূখত ৪৫ডিগ্ৰী কোণত নোটখন থয় তেতিয়াও সেই বিশেষ স্থান সমূহত এই ৫০০লিখা দেখা পাব৷
- আনহাতে দেৱনাগৰী ভাষাত ৫০০ লিখা দেখিবলৈ পাব ৷
- নোটখনত আপুনি ইণ্ডিয়া লেখি থোৱা দেখা পাব ৷
- আপুনি যদি নোটখন অলপ বেঁকাকৈ ধৰে তেন্তে সুৰক্ষা সূতা ডালৰ ৰং সেউজীয়াৰ পৰা নীলালৈ পৰিৱৰ্তিত হ’ব৷
- আনহাতে নোটখনৰ সোঁফালে ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰৰ চহী,গ্যেৰাণ্টি ক্লজ আৰু ৰিজাৰ্ভ বেংকৰ ল’গ’ থাকিব ৷
- নোটখনত আপুনি মহাত্মা গান্ধীৰ ফ’টো আৰু ৱাটাৰমাৰ্কো দেখিবলৈ পাব ৷
- নোটৰ বাওঁফালে ওপৰৰ আৰু সোঁফালে তলত ছঁপা কৰি থোৱা নম্বৰ ক্ৰমাৎ বাওঁৰ পৰা সোঁফাললৈ ডাঙৰ হোৱা দেখিবলৈ পাব৷
- নোটখনৰ সোঁফালে অশোক স্তম্ভ থাকিব ৷
- নোটখনত ছঁপা হোৱাৰ বৰ্ষটোও লিখা থাকিব ৷
- শ্লোগানৰ সৈতে স্বচ্ছ ভাৰতৰ ল’গ’ও অংকিত কৰা থাকিব ৷
- ভাৰতীয় পতাকাৰ লগত প্ৰকৃত নোটখনত লালকিল্লাৰ ছবিও দেখা পাব ৷
- লগতে দেৱনাগৰী ভাষাত ৫০০ লিখাও থাকিব এখন প্ৰকৃত ৫০০টকীয়া নোটত ৷
আনহাতে ভাৰতীয় ৰিজাৰ্ভ বেংকে অন্ধ লোকসকলৰ কথা চিন্তা কৰি নোট তৈয়াৰ কৰিছে ৷ যাৰ ফলত এজন অন্ধ লোকেও স্পৰ্শ কৰি জানিব পাৰিব নোটখন নকল নে আচল ৷ অন্ধ সকলৰ সুবিধাৰ্থে এখন ৫০০ টকাৰ নোটৰ মহাত্মা গান্ধীৰ ফটো,অশোক স্তম্ভ,সোঁফালৰ ৫০০টকা লিখাৰ লগতে চকৰিটো আৰু সোঁ আৰু বাওঁফালে থকা ৫ডাল লাইন কিছু ওফন্দি থকা হয় ৷