ড্ৰাইভিং লাইচেন্স ব্যৱহাৰকাৰী সকলে এক নিৰ্দিষ্ট সময়ৰ অন্তত সেই লাইচেন্স ৰিনিউ(Driving Licence Renew)অথবা নৱীকৰণ কৰিবলগীয়া হয়। আনহাতে এই কাম নকৰিলে সেই লাইচেন্স অবৈধ বুলি গণ্য কৰা হয়। উল্লেখ্য যে পূৰ্বতে ড্ৰাইভিং লাইচেন্স ৰিনিউ কৰিবৰ বাবে “RTO” ৰ কাৰ্যালয়লৈ যাব লগীয়া হৈছিল।
কিন্তু বৰ্তমান প্ৰয়ুক্তিবিদ্যাৰ সহায়ত অতি সহজতে তথা অতি কম সময়ৰ ভিতৰতে অনলাইন মাধ্যমেৰে এই লাইচেন্স ৰিনিউ কৰা সম্ভৱ হৈ উঠিছে।
অনলাইন মাধ্যমৰ সহায়ত কিদৰে ড্ৰাইভিং লাইচেন্স ৰিনিউ কৰিব পাৰি সেই কথা তলত উল্লেখ কৰা হ’ল-
- প্ৰথমতে পৰিবহণ ক্ষেত্ৰৰ নিজস্ব ৱেবচাইট https://parivahan.gov.in/parivahan/ লৈ যাব লাগিব।
- ৱেবচাইটত থকা “Apply Online” অপচনত ক্লিক কৰিব লাগিব।
- ইয়াৰ পাচত ড্ৰাইভিং লাইচেন্স সংক্ৰান্তীয় চাৰ্ভিচত ক্লিক কৰিব লাগিব।
- ইয়াৰ পাচত কোন ৰাজ্যৰ বাবে এই সুবিধা গ্ৰহণ কৰিব বিচৰা হৈছে , সেই ঠাইত ক্লিক কৰিব লাগিব । ৰাজ্য নিৰ্বাচন কৰাৰ পাচত অন্য এটি পেজ খোল খাব।
- এই নতুন পেজখনটো “Apply Online” অপচনত ক্লিক কৰিব লাগিব আৰু ড্ৰাইভিং লাইচেন্সৰ চাৰ্ভিচত ক্লিক কৰিব লাগিব।
- ইয়াৰ পাচত এখন এপ্লিকেচন ফৰ্ম পোৱা যাব , যিখন ভাল দৰে পঢ়ি প্ৰয়োজনীয় তথ্যৰ সহায়ত ভৰ্ত্তি কৰিব লাগিব। এই কাৰ্য হোৱাৰ পাছত তাৰ পৰৱৰ্তী অপচনত ক্লিক কৰিব লাগিব।
- এই অংশত জন্মৰ তাৰিখ , বৰ্তমানৰ লাইচেন্স নম্বৰ, পিন নম্বৰ আৰু অন্যান্য বিভিন্ন ঠাইত নিজৰ তথ্য দিব লাগিব।
- ইয়াৰ পাচত তাত কিকি চাৰ্ভিচ আছে তাৰ এখন তালিকা আহিব য’ত ৰিনিউ অপচন নিৰ্বাচন কৰিব লাগিব।
- ইয়াৰ পাচত আৰু এখন ফৰ্ম আহিব য’ত ব্যক্তিগত বিভিন্ন তথ্য দিয়াৰ লগতে বাহন সম্বন্ধীয় কিছু তথ্য দিব লাগিব।
- ইয়াৰ পাচত সেই ফৰ্মত নিজৰ ফটো আৰু চহী জমা দিব লাগিব। উল্লেখ্য যে এই ফটো আৰু চহী দিয়াৰ সুবিধা সকলো ৰাজ্যৰ ক্ষেত্ৰত উপলব্ধ নহয়। গতিকে তেনে সুবিধা নথকা ঠাইত আবেদনকাৰীয়ে RTOৰ কাৰ্যালয়লৈ যাব লাগিব।
- ইয়াৰ পাচত টেষ্ট ড্ৰাইভিংৰ বাবে শ্লট বুক কৰিব লাগিব আৰু সেই সময় অনুযায়ী নিৰ্দিষ্ট ঠাইলৈ গৈ টেষ্ট ড্ৰাইভ দিব লাগিব।
- এই প্ৰক্ৰিয়াটি সম্পূৰ্ণ হ’লে এখন শ্লিপ পোৱা যাব য’ত আবেদনৰ নম্বৰ আৰু চাবমিট কৰা বিভিন্ন তথ্য লিখা থাকিব। আবেদনকাৰীসকলে এটি এছ এম এছ নটিফিকেচনও পাব।
- ড্ৰাইভিং লাইচেন্স নৱীকৰণ কৰিবলৈ ২০০ টকা জমা দিব লাগে , যি টকা অনলাইনৰ জৰিয়তে জমা দিব পাৰি।