পৃথিৱীত এনে কিছুমান ভয়ানক অথচ সুন্দৰ পথ আছে যিবোৰ একো একোটা প্ৰকাণ্ড প্ৰকাণ্ড শিলৰ বুকুত নিৰ্মাণ কৰা হয় আৰু প্ৰায়ে শিলত গজা গছ-গছনিৰে এই পথবোৰ আগুৰি থাকে। আনহাতে এই পথেৰে খোজ কঢ়াৰ সময়ত প্ৰাকৃতিক দৃশ্যই পৰ্য্যটক সকলক অভিভূত কৰে আৰু এই কাৰণেই বিশ্বৰ বহু লোক এই ঠাইবোৰলৈ আহে । আহকছোন জানোঁ বিশ্বৰ আটাইতকৈ দৰ্শনীয় তেনে কেইটামান শিলৰ মোহনীয় পথৰ কথা ।
পূব চীনৰ দক্ষিণ আনহুই প্ৰদেশৰ হুয়াংছান পৰ্বতমালা। সেউজীয়া গছ-গছনিৰে ভৰা এই পৰ্বতমালাৰ সুন্দৰ প্ৰাকৃতিক দৃশ্য, সূৰ্যাস্ত, অদ্ভুত আকৃতিৰ গ্ৰেনাইটৰ শৃংগ, হুয়াংছান পাইন গছ আৰু ডাৱৰৰ অপৰূপ দৃশ্যৰ বাবে এই অঞ্চল সমগ্ৰ বিশ্বতে সুপৰিচিত।আনহাতে চীনৰ পৰম্পৰাগত চিত্ৰকলা আৰু সাহিত্যৰ লগতে আধুনিক ফটোগ্ৰাফীৰ বাবে বিখ্যাত এই হুয়াংছান । লগতে ই ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু চীনৰ অন্যতম প্ৰধান পৰ্যটন স্থলী ৷ এই হুয়াংছান পৰ্বতমালাত মুঠ ৩০টাতকৈও অধিক ভ্ৰমণ পথ আছে, যিবোৰৰ মুঠ দৈৰ্ঘ্য ৫০ কিলোমিটাৰ আৰু সাধাৰণতে এইবোৰ ১-২ মিটাৰ (৩-৬ফুট) বহল।তাৰ ভিতৰত অন্যতম হ’ল ‘ফেয়াৰটেল ব্ৰীজ’ (সাধুকথাৰ দলং) যি ট্ৰেইল নেটৱৰ্কৰ অংশ।ইয়াৰ এঢলীয়া পাহাৰৰ বুকুৰে তললৈ নামি যোৱা দলং আৰু ডাৱৰবোৰে পাহাৰ স্পৰ্শ কৰাৰ দৃশ্যই সকলোকে আপ্লুত কৰে । ইয়াৰ কিছুমান শিলৰ পকী পথ আৰু কিছুমান গ্ৰেনাইটৰ ফলকেৰে পকী হোৱাৰ বিপৰীতে কিছুমান পথ পাহাৰৰ শিলৰ মাজেৰে খনন কৰা হৈছে।পথৰ কাষে কাষে থকা দৰ্শনীয় স্থান, দলং আৰু পেভিলিয়নো আছে যিয়ে পৰ্যটকক মানসিক শান্তি প্ৰদান কৰে আৰু পৰ্য্যটকে ইয়াত বৰষুণৰ পৰা বাচিবলৈ জিৰণি বা আশ্ৰয়ো ল’ব পাৰে।
ইটালীৰ কেপ্ৰি দ্বীপত অৱস্থিত বিশ্বৰ অন্যতম এই পথৰ দৃশ্য অতি মনোমোহা ।১৯০২ চনত দ্বীপটোৰ দক্ষিণ উপকূলত খোদিত কৰা এই জিগজেগিং ভিয়া ক্ৰুপ ৩০ বছৰ ধৰি বন্ধ হৈ থকাৰ পিছত শেহতীয়াকৈ পুনৰ মুকলি কৰা হয়।অগাষ্টাছৰ ৰসাল বাগিচাত প্ৰায় ৪০০ ফুট (১২০ মিটাৰ) উচ্চতাৰ পৰা তললৈ সাপৰ দৰে নামি যোৱা এই পথটোৱে পৰ্য্যটক সকলক সদায়েই আকৰ্ষণ কৰে। বাটটোৰ চাৰিওফালে আছে জুনিপাৰ আৰু ৰোজমেৰীৰ জোপোহা।
স্পেইনৰ গাজটেলুগাট্চেলৈ যোৱা এই সুন্দৰ পথটো স্পেইনৰ গজটেলুগাট্চে (Gaztelugatxe) দ্বীপত অৱস্থিত। গজটেলুগাট্চে হৈছে স্পেইনৰ বাৰ্মেঅ’ পৌৰসভাৰ অন্তৰ্গত বিস্কে উপকূলৰ এটা সৰু দ্বীপ।ইয়াক মূল ভূখণ্ডৰ সৈতে এখন দলঙেৰে সংযোগ কৰা হৈছে। জানিবপৰা মতে এই কঠিন শিলৰ দলংখন পাৰ হৈ ২৩৭ খোজ ওপৰলৈ উঠি এটা সৰু পথেৰে এই আশ্ৰমলৈ যাব পাৰি বুলি কোৱা হৈছে যদিও আন এক সূত্ৰ অনুসৰি এই সংখ্যা ২২৯ বা ২৩১ খোজ বুলিহে উল্লেখ কৰা হৈছে। এই অঞ্চলত গ্ৰীষ্মকালত পৰ্য্যটকৰ ভিৰ অধিক হোৱাৰ বাবে এই সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ শান্তি উপভোগ কৰিবলৈ বসন্ত আৰু শৰৎ ঋতুৰ সময়েই অতি উত্তম৷
সঁচাকৈয়ে ভাবিলে হয়তো আপোনাৰো আচৰিত লাগিব যে আমি এইখন পৃথিৱীতে বাস কৰোঁ নে য’ত এটা মূৰৰ পৰা আন এটা মূৰলৈ যেন আশ্চৰ্য্যৰ সীমা সংখ্যা নাই ৷