আধুনিক জীৱনধাৰাত সকলো মানুহেই এটা সুস্থ আৰু দীৰ্ঘকালীন জীৱনৰ পোষকতা কৰে। প্ৰাচীন কালৰ শ শ বছৰজোৰা নিৰোগী জীৱনৰ সাধুকথাবোৰে সদায়েই আকৰ্ষণৰ উৎস।
আজিৰ পৃথিৱীৰ মানুহ অত্যন্ত স্বাস্থ্যসচেতন। দীৰ্ঘজীৱন লাভ কৰাৰ লগতে সুস্বাস্থ্যৰ বাবে সকলোৱে অনেক উপায় অৱলম্বন কৰিছে। হয়তো এই চেষ্টাৰ বাবেই ভাৰতীয় মানুহৰ গড় আয়ুস পূৰ্বৰ তুলনাত বহুগুণে বৃদ্ধি পাইছে।
১৯৬০ চনত ভাৰতীয় লোকৰ গড় আয়ুস আছিল মাত্ৰ ৩৯.৯৩ বছৰ। কিন্তু জনস্বাস্থ্য, চিকিৎসা সেৱা, অৰ্থনৈতিক অৱস্থাৰ উন্নতিৰ ফলত দেশখনৰ জনসাধাৰণৰ গড় আয়ুস ক্ৰমাৎ বৃদ্ধি পোৱা দেখা গৈছে।
২০০০ চনত ভাৰতীয় মানুহৰ গড় আয়ুস ৬১.৪৭ বছৰ আছিল, ২০১৫ চনত এই পৰিসংখ্যা ৬৭.৭৭ লৈ বৃদ্ধি পাই, ২০২০ চনত ৬৯.৭৭ বছৰ হ’লগৈ।
বিশ্বৰ আন আন উন্নত বা উন্নয়নশীল দেশসমূহৰ লগতে বিগত বছৰবোৰত ভাৰতীয় মানুহৰ গড় আয়ুসো বৃদ্ধি পাইছে। কিন্তু আমেৰিকা, জাপান, ইউৰোপৰ দৰে দেশসমূহত গড় আয়ুস প্ৰায় ৮০। সেই দেশসমূহৰ তুলনাত ভাৰতীয়সকলৰ গড় আয়ুস প্ৰায় ১০ বছৰ কম।
উন্নয়নশীল বহু ৰাষ্ট্ৰৰ দৰে ভাৰতৰো আন্তঃগাথনিক তথা স্বাস্থ্যজনিত দিশত আভ্যন্তৰীণ উন্নয়ন আৰু জীৱন ধাৰণৰ উন্নত মানদণ্ডই নাগৰিকসকলৰ আয়ুস বৃদ্ধি কৰিছে সেয়া সত্য। কিন্তু সমান্তৰালভাৱে উন্নয়নৰ নামত নগৰ-মহানগৰসমূহৰ বাঢ়ি অহা প্ৰদূষণে ভাৰতৰ বিভিন্ন অঞ্চলত মানুহৰ আয়ুসৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।
দুৰ্ভাগ্যৰ কথা যে ভাৰতত বায়ু প্ৰদূষণৰ ফলত হোৱা বিভিন্ন ৰোগত লাখ লাখ লোক আক্ৰান্ত হৈছে। ২০২০ চনতে বায়ু প্ৰদূষণ আৰু ইয়াৰ সৈতে সম্পৰ্কিত ৰোগ তথা অন্যান্য কাৰণত এক লাখ ২০ হাজাৰ লোকৰ মৃত্যু ঘটিছে।
গ্ৰীন পীচ ছাউথ-ইষ্ট এছিয়া এনালাইছিছ অৱ আই কিউৰ প্ৰতিবেদন অনুসৰি বিগত বৰ্ষত কেৱল ৰাজধানী দিল্লীতেই বায়ু প্ৰদূষণ আৰু ইয়াৰ সৈতে জড়িত অন্যান্য ৰোগত ৫৪ হাজাৰ লোকৰ মৃত্যু হৈছে। বিশ্বৰ বৃহৎ মহানগৰসমূহত বায়ু প্ৰদূষণত মৃত্যুৰ সংখ্যা এয়াই সৰ্বাধিক।
আনহাতে চিকাগো বিশ্ববিদ্যালয়ৰ এনাৰ্জী পলিচী ইনষ্টিটিউটৰ শেহতীয়া এক প্ৰতিবেদন অতি উদ্বেগজনক। অধ্যয়ন অনুসৰি ভাৰতৰ বায়ু প্ৰদূষণ সৰ্বাধিক বৃদ্ধি পোৱা অঞ্চলবিলাকত ৪৮ কোটি লোকে বাস কৰে। ভাৰতৰ মধ্য, পূব আৰু উত্তৰ অঞ্চলত বায়ু প্ৰদূষণ বৃদ্ধিৰ হাৰ ভয়াবহ।
গৱেষণা অনুসৰি ফলশ্ৰুতিত এই অঞ্চলবিলাকত ৪০ শতাংশ লোকৰ আয়ুস ৯ বছৰ হ্ৰাস পাব। দেশৰ পশ্চিম প্ৰান্ত মহাৰাষ্ট্ৰ আৰু মধ্য অঞ্চল মধ্যপ্ৰদেশৰ বায়ু প্ৰদূষণ ভয়াবহভাৱে বৃদ্ধি পাইছে। দেশৰ ৪৮ কোটি লোকে বসবাস কৰা এই অঞ্চলসমূহৰ প্ৰদূষণ হ্ৰাস নকৰিলে দেশৰ ৪০ শতাংশ লোকৰ আয়ুস ৯ বছৰ বৃদ্ধি পাব।
উত্তৰ-পূবৰ ৰাজ্যসমূহত বায়ু প্ৰদূষণৰ হাৰ কম যদিও অসমত ক্ষীপ্ৰ হাৰত প্ৰদূষণৰ পৰিমাণ বাঢ়ি আহিছে। যদিহে প্ৰাৰম্ভিক পৰ্যায়তে ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা নাযায় তেন্তে অসমৰ অৱস্থা দিল্লী, মহাৰাষ্ট্ৰৰ দৰে হ’বলৈ বৰ বেছি বছৰৰ প্ৰয়োজন নহ’ব।
কেন্দ্ৰীয় স্বাস্থ্য চোৰাংচোৱা কাৰ্যালয়ৰ (চি বি এইছ আই)ৰ দ্বাৰা শেহতীয়াকৈ মুকলি কৰা ৰাষ্ট্ৰীয় স্বাস্থ্যৰ বিৱৰণ অনুসৰি ২০১৮ চনত কেৱল অসমতে ২০,৮৩৪ জন বায়ু প্ৰদূষণজনিত ৰোগত আক্ৰান্ত ৰোগী আছিল আৰু ২০১৬ চনত এনে পৰিস্থিতিত ২০০ জন লোকৰ মৃত্যু হৈছিল। ২০১৭ চনত ২২৫ জন লোকৰ মৃত্যুৰ সৈতে বায়ু প্ৰদূষণজনিত ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা ২২,৮৩৪ টা লৈ বৃদ্ধি পাইছে। অসমক দেশৰ আটাইতকৈ প্ৰদূষিত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য বুলি কোৱা হয়। অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা আৰু মেঘালয়ৰ দৰে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহত বায়ু প্ৰদূষণজনিত ৰোগত আক্ৰান্ত হৈ ক্ৰমান্বয়ে ৩, ২৩, ৩৬, ৯, ৮, ২১ আৰু ৭ জন লোকৰ মৃত্যু হৈছে।