পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি প্ৰসংগত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে শ্ৰমিক সংগঠন পেট্ৰ’লিয়াম এণ্ড গেছ ৱৰ্কাৰ্ছ ফেডাৰেচন অব ইণ্ডিয়া।
অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত এটা বাতৰি অনুসৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ইচ্ছাকৃতভাৱে ইন্ধনৰ মূল্যবৃদ্ধি কৰিছে বুলি সংস্থাটোৱে অভিযোগ কৰিছে। তেঁওলোকে মন্তব্য কৰিছে যে এক লিটাৰ পেট্ৰ’ল ৬০ টকাত বিক্ৰী কৰিলেও তৈল উদ্যোগ আৰু চৰকাৰ সন্তোষজনকভাৱে লাভত থাকিব, তথাপি দুয়োখন চৰকাৰে অস্বাভাৱিক হাৰত কৰ লগাই ১০০ টকা মূল্যত পেট্ৰ’ল বিক্ৰী কৰিছে।
সংগঠনটোৱে ডিগবৈত অনুষ্ঠিত এখন সংবাদমেলত তথ্য সহকাৰে সমগ্ৰ বিষয়টো সন্দৰ্ভত মতামত দাঙি ধৰে। তেঁওলোকৰ বক্তব্য অনুসৰি খাৰুৱা তেলৰ দাম, উৎপাদন, পৰিবহণ আৰু বিক্ৰী ব্যয় সামৰি এক লিটাৰ পেট্ৰ’লৰ মূল্য ৪০ টকা। ইচ্ছা কৰিলে কেন্দ্ৰীয়-ৰাজ্য চৰকাৰে কৰ লগাই বৰ্তমান সময়ত ৬০ টকা মূল্যত পেট্ৰ’ল বিক্ৰী কৰিব পাৰে।
বৰ্তমান সাধাৰণ জনতাই ১০০ টকা মূল্যত পেট্ৰ’ল ক্ৰয় কৰিবলগীয়া হৈছে আৰু তাৰ বাবে সংস্থাটোৱে চৰকাৰকে জগৰীয়া কৰিছে। তেঁওলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াক প্ৰত্যক্ষভাৱেই আক্ৰমণ কৰে।
সংস্থাৰ বিষয়ববীয়াসকলৰ মতে মোডীয়ে ২০১৪ চনত প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ সময়ত প্ৰতি লিটাৰ পেট্ৰ’লৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ আবকাৰী শুল্ক আছিল ৯.২০ টকা। বৰ্তমান এই শুল্ক ৩২.৯৮ টকালৈ বৃদ্ধি কৰা হৈছে। তেনেদৰে ৰাজ্য চৰকাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ ওপৰত ৩১.৮০ টকা কৰ লগাইছে।
দুখজনক কথাটো হৈছে এই বৃহৎ কৰৰ বোজা উদ্যোগপতি বা কোম্পানীয়ে বহন কৰিবলগা হোৱা নাই। তাৰ পৰিৱৰ্তে সাধাৰণ শ্ৰেণীৰ লোকে বহন কৰিবলগা হৈছে বুলিও সংস্থাৰ বিষয়াসকলে উল্লেখ কৰে।
উল্লেখনীয় যে চুবুৰীয়া বিভিন্ন ৰাষ্ট্ৰ যেনে নেপাল, ভূটান, বাংলাদেশ, পাকিস্তান আদিৰ তুলনাত ভাৰতত পেট্ৰ’লৰ মূল্য বহু বেছি। অনাগত সময়ত চৰকাৰে এই সন্দৰ্ভত জনতাৰ স্বাৰ্থত কি ব্যৱস্থা ল’ব সেয়া লক্ষণীয় হ’ব।