VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মানাহ ৰাষ্ট্ৰীয় উদ্যানত ১০ বছৰত ৩ গুণলৈ বৃদ্ধি বাঘৰ সংখ্যা

voicedesk by voicedesk
July 20, 2021
in সমাজ
মানাহ ৰাষ্ট্ৰীয় উদ্যানত ১০ বছৰত ৩ গুণলৈ বৃদ্ধি বাঘৰ সংখ্যা
0
SHARES
33
VIEWS
Share on FacebookShare on Twitter

মানাহ ৰাষ্ট্ৰীয় উদ্যানত ১০ বছৰত বাঘৰ সংখ্যা ৩ গুণলৈ বৃদ্ধি পোৱাটো পৃথিৱীৰ বন্যপ্ৰাণীৰ ইতিহাসত বিৰল ঘটনাৰূপে চিহ্নিত হৈছে। নিয়ম অনুসৰি ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলসমূহত প্ৰতি ১০ বছৰত বাঘৰ সংখ্যা ২ গুণ হ’ব লাগে। 

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক অমল কুমাৰ শৰ্মাই প্ৰকাশ কৰা মতে শেহতীয়া তথ্যত উদ্যানখনৰ বিভিন্ন জীৱ-জন্তুৰ সংখ্যা আশা কৰাতকৈ অধিক বৃদ্ধি পাইছে। এই খবৰে স্বাভাৱিকতেই উদ্যান কৰ্তৃপক্ষৰ লগতে প্ৰকৃতিপ্ৰেমীসকলক আনন্দিত কৰি তুলিছে। 

সঞ্চালক শৰ্মাই প্ৰকাশ কৰা মতে, ১২ সংখ্যক প্ৰতিবেদনত উদ্যানখনত বিশ্বৰ বিভিন্ন প্ৰান্তত অস্তিত্বৰ সংকটৰ সন্মুখীন হোৱা বিভিন্ন প্ৰাণীকুলৰ তথ্যৰ সম্ভেদ পোৱা গৈছে। ইয়াৰ উপৰি পৰ্যাপ্ত খাদ্য আৰু উদ্যানখনত অনুকূল এক ভৌগোলিক আৰু প্ৰাকৃতিক পৰিৱেশ অব্যাহত থকাৰ লগতে ইয়াৰ ফলত প্ৰতিদ্বন্দী প্ৰাণীবিলাকেও “পাৰস্পৰিক সহযোগিতা”ৰ পথ অনুসৰণ কৰাটোৱেই ইয়াৰ মুখ্য কাৰণ হিচাপে প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে। 

দৈনিক অসম কাকতৰ এটা বাতৰি অনুসৰি সঞ্চালক শৰ্মাই জনাইছে যে কেমেৰা ট্ৰেপিঙৰ জৰিয়তে উদ্যান আৰু কাষৰীয়া বৰনদী সংৰক্ষিত বনাঞ্চলত ঢেকীয়াপতীয়া বাঘৰ সংখ্যা গণনা কৰাত বৰ্তমান ৪৮টা বুলি জনা গৈছে। ২০০৬ চনত কেমেৰাত মাত্ৰ ১টা বাঘ ধৰা পৰিছিল। ২০১০ চনত এই সংখ্যা আছিল ১০টা।

ইয়াৰ লগে লগে “আৰণ্যক” আৰু “ডব্লিউ ডব্লিউ এফ” নামৰ স্বেচ্ছাসেৱী সংগঠন দুটাৰ সহায়ত উদ্যানখনৰ ৩৫০ বৰ্গকিলোমিটাৰ এলেকা আৰু কাষৰীয়া বৰনদী সংৰক্ষিত বনাঞ্চলৰ ২৬ কিলোমিটাৰ এলেকাৰ সৈতে কাষৰ মুঠ ৮৭৬ বৰ্গকিলোমিটাৰ এলেকাৰ জৰীপত ৪৮টা ঢেকীয়াপতীয়া বাঘৰ সৈতে ৰাষ্ট্রীয় উদ্যানখনত সমীক্ষাত সাত প্ৰকাৰৰ ব্যাঘ্ৰ প্ৰজাতিৰ সন্ধান পোৱা গৈছে।

উদ্যানখনত চোৰাং চিকাৰী আৰু কাঠ মাফিয়াৰ দৌৰাত্ম্যৰ ফলত অতি উদ্বেগজনকভাৱে বন্যপ্রাণীৰ সংখ্যা হ্রাস পাইছিল ৷ আনকি ৯০ দশকত ৰাষ্ট্রীয় উদ্যানখনক ‘ঐতিহ্য ক্ষেত্র’ৰ স্বীকৃতিত ইউনেস্ক’ই ‘বিপন্ন’ৰ তালিকাভুক্ত কৰিছিল৷ অৱশ্যে পৰৱর্তী সময়ত ৱ’ল্ড ৱাইল্ড ফাণ্ড ফৰ নেচাৰ (ডব্লিউ ডব্লিউ এফ), ৱাইল্ড লাইফ ট্রাষ্ট অৱ ইণ্ডিয়া (ডব্লিউ টি আই) আদি বিভিন্ন বন্যপ্রাণী সংৰক্ষণ সংস্থাৰ সহযোগত সংশ্লিষ্ট কর্তৃপক্ষই গ্রহণ কৰা পদক্ষেপৰ ইতিবাচক ফলাফল পৰিলক্ষিত হ’বলৈ ধৰে৷ গঁড় আৰু বাঘকে ধৰি বিভিন্ন বন্যপ্রাণী, চৰাই আদিৰ সংখ্যা বৃদ্ধি পাই আহে ৰাষ্ট্রীয় উদ্যানখনত৷ এই সন্দর্ভত ৰাষ্ট্রীয় উদ্যানখনৰ ক্ষেত্র সঞ্চালক অমল চন্দ্র শর্মাই দিয়া তথ্য অনুসৰি এসময়ত মানাহ গঁড়শূন্য হৈ পৰিছিল৷ যাৰ বাবে কাজিৰঙা আৰু পবিতৰাৰ পৰা মানাহলৈ গঁড় অনা হৈছিল।

ইফালে বন্যপ্রাণী সংৰক্ষণৰ ক্ষেত্রত দেখুওৱা এনে ধৰণৰ সফলতাৰ বাবে বিগত আঠ মাহৰ ভিতৰতে ৰাষ্ট্রীয় উদ্যানখনে তিনিটাকৈ গুৰুত্বপূর্ণ বঁটা আৰু এটা ৰাষ্ট্রীয় স্বীকৃতি লাভ কৰিছে৷ এই সম্পর্কত সঞ্চালক শর্মাই প্রকাশ কৰা মতে, গ্ল’বেল টাইগাৰ ফ’ৰামে প্রদান কৰা কনজাৰভেচন এক্সিলেঞ্চীৰ উপৰি হেমচন্দ্র মহিন্দ্র বঁটা আৰু ইনটেক বঁটাৰে সন্মানিত হৈছে ৰাষ্ট্রীয় উদ্যানখনক। ‘কেটছ’ৰ দ্বাৰা ৰাষ্ট্রীয় উদ্যানখনে ৰাষ্ট্রীয় স্বীকৃতিৰ যোগ্যতা অর্জন কৰাৰ বিপৰীতে আন্তঃৰাষ্ট্রীয় স্বীকৃতিৰ বাবেও বিষয়টো সংশ্লিষ্ট কর্তৃপক্ষলৈ প্রেৰণ কৰা হৈছে৷

Previous Post

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীয়াত পদকপ্ৰাপ্ত খেলুৱৈয়ে লাভ কৰিব চৰকাৰী চাকৰি

Next Post

আজিৰ পৰা প্ৰযোজ্য নতুন SOP

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
আজিৰ পৰা প্ৰযোজ্য নতুন SOP

আজিৰ পৰা প্ৰযোজ্য নতুন SOP

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7