অতীজৰে পৰা ভাৰতীয় সমাজ সংস্কৃতিয়ে নাৰী শক্তিক লক্ষ্মী , সৰস্বতী , দুৰ্গা কালি আদি অনেক দেৱী ৰূপত পূজা কৰি আহিছে। পৌৰানিক যুগৰ ভাৰতীয় নাৰী সকলৰ চৰিত্ৰও আছিল অতি অসাধাৰণ , যাৰ বাবে নাৰীৰ মাতৃ ৰূপক স্বৰ্গতকৈও শ্ৰেষ্ঠ স্থান দিয়া হৈছিল।ৰামায়ণ , মহাভাৰতৰ সীতা , সাবিত্ৰী , অম্বা , গান্ধাৰী , দ্ৰৌপদী , কুন্তি আদি অসাধাৰণ নাৰী চৰিত্ৰই দৃঢ় প্ৰতিজ্ঞ , স্থিত প্ৰজ্ঞা , আত্মজ্ঞানী , প্ৰত্যুতপন্নমতি , কষ্টসহিষ্ণু আৰু ধৈৰ্যশীলা নাৰী সকলৰ অসাধাৰণ চৰিত্ৰ আৰু ব্যক্তিত্বৰ আদৰ্শই ভাৰতীয় নাৰী সকলৰ জীৱনত আজিও ধৈৰ্য , সাহস আৰু অনুপ্ৰেৰণা যোগাই আছে।
মহাভাৰতৰ এক নাৰী চৰিত্ৰ চিত্ৰাঙ্গদা। পুৰণি কালত মণিপুৰত চিত্ৰভানু ৰজাৰ জীয়ৰী আছিল চিত্ৰাঙ্গদা। মণিপুৰ বাসীৰ বাবে চিত্ৰাঙ্গদা নামটি আজিও বৰ আদৰৰ , বৰ মৰমৰ এটি পৱিত্ৰ নাম।
পাণ্ডৱ সকলৰ তৃতীয় পাণ্ডৱ অৰ্জুনে লক্ষ্যভেদ কৰি দ্ৰুপদ ৰজাৰ কন্যা দ্ৰৌপদীক লাভ কৰিছিল আৰু মাতৃৰ আদেশ অনুসৰি পঞ্চপাণ্ডৱে দ্ৰৌপদীক পত্নীৰূপে গ্ৰহণ কৰিব লগীয়া হৈছিল। সেই সময়ত মহামুনি ব্যাসদেৱে বান্ধি দিয়া নিয়ম পাণ্ডৱ সকলে পালন কৰিছিল। দুৰ্ভাগ্যবশতঃ এই নিয়ম ভংগ কৰাৰ অপৰাধত অৰ্জুন অপৰাধী হ’ল আৰু বাৰ বছৰ বনবাস খাটিব লগীয়া হ’ল।বনবাসৰ সময়ছোৱাত অৰ্জুনে ভাৰতবৰ্ষৰ বিভিন্ন তীৰ্থবোৰ ভ্ৰমণ কৰি ফুৰিবলৈ ধৰিলে।ঘূৰি ফুৰোতে অৰ্জুনে মণিপুৰত উপস্থিত হৈছিল আৰু মণিপুৰৰ প্ৰাকৃতিক সৌন্দৰ্যত মোহিত হৈছিল।এনেদৰে এদিন মহেন্দ্ৰগিৰি পৰ্বতৰ টিলাত বহি প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি থাকোতে ৰাজকন্যাক দেখিলে আৰু চিত্ৰাঙ্গদাৰ অপৰূপ লাৱন্যত বিমুগ্ধ হৈ পত্নী ৰূপে পাবলৈ বিয়াকুল হ’ল। অৰ্জুনে ৰজাৰ ওচৰত গৈ নিজৰ পৰিচয় দি চিত্ৰাঙ্গদাক বিবাহৰ প্ৰস্তাৱ দিলে।ৰজা চিত্ৰভানুৰ পুত্ৰ নাছিল বাবে ৰজাই অৰ্জুনৰ ওচৰত দুটা চৰ্ত ৰাখিলে। বিয়াৰ পিছত চিত্ৰাঙ্গদাক কিছুকাল মণিপুৰত থাকিব দিব লাগিব আৰু দ্বিতীয় চৰ্ত অনুসৰি চিত্ৰাঙ্গদাৰ পুত্ৰক ভৱিষ্যতে মণিপুৰ ৰাজ্যৰ উত্তৰা ধিকাৰী হ’বলৈ অনুমতি দিব লাগিব। অৰ্জুনে চৰ্ত দুটা মানি ললে আৰু অতি সোনকালে চিত্ৰাঙ্গদাৰ লগত বিবাহ সম্পন্ন কৰিলে। মণিপুৰত চিত্ৰাঙ্গদাৰ লগত অৰ্জুন এবছৰ কাল অতিবাহিত কৰিলে। ইতিমধ্যে বনবাসৰ সময় শেষ হৈ অহাত অৰ্জুনক বিদায় দিবলৈ অন্তসত্বা চিত্ৰাঙ্গদা ভাগি পৰিল । পুত্ৰ জন্মৰ সময়ত পুনৰ চিত্ৰাঙ্গদাৰ ওচৰত ঘূৰি অহাৰ প্ৰতিশ্ৰুতি দি অৰ্জুন বিদায় মাগিলে। স্বামীৰ সংগ সুখ ইমানতে অন্ত পৰিল বেচেৰী চিত্ৰাঙ্গদাই বুজিয়ে নাপালে।
চিত্ৰাংগদাই বৈবাহিক জীৱনৰ সাক্ষী স্বৰূপে এটি পুত্ৰ সন্তানৰ মাতৃ হ’ল। চিত্ৰভানু ৰজাই আনন্দতে শিশুটিৰ নাম ৰাখিলে বব্ৰুবাহন। অৰ্জুন নিজ ৰাজ্যলৈ যোৱাৰ পাছত চিত্ৰাঙ্গদাক পাহৰি পেলালে। সময় ৰৈ নাথাকে।বব্ৰুবাহন ডাঙৰ হৈ আহিল আৰু মাকক নিজৰ দেউতাকৰ কথা সুধি সুধি ব্যতিব্যস্ত কৰিবলৈ ধৰিলে। উপায় নাপাই চিত্ৰাঙ্গদাই মাটিৰে অৰ্জুনৰ মূৰ্তি বনাই মূৰ্তিটোকে পিতৃজ্ঞান কৰিবলৈ উপদেশ দিয়াত বব্ৰুবাহনে মুৰ্তিটোকে শ্ৰদ্ধা-ভক্তি নিবেদন কৰিবলৈ ধৰিলে। দিন যোৱাৰ লগে লগে চিত্ৰাঙ্গদাৰো বয়স বাঢ়ি আহিল স্বামীৰ নিৰ্জীৱ মূৰ্তিটোৰ ওচৰতে বহি দুখ কৰি চিত্ৰাঙ্গদাই জীৱন কটাবলৈ ধৰিলে। ৰজা চিত্ৰভানুৰ মৃত্যুৰ পিছত বব্ৰুবাহন ৰাজপাটত বহিল।
অৰ্জুন হস্তিনাপুৰলৈ আহি সুভদ্ৰাক বিয়া কৰালে।তাৰ পিছত বহুতো ঘাত-প্ৰতিঘাতৰ পিছত কুৰুক্ষেত্ৰ যুদ্ধ হৈছিল।
যুথিষ্ঠিৰ ৰাজসিংহাসনত বহাৰ পিছত অশ্বমেধ যজ্ঞ পাতিছিল। যজ্ঞৰ ঘোঁৰা মেলি দি সেনাপতি অৰ্জুন ঘোঁৰাৰ পিছে পিছে আহি থকাত কোনো ৰজাই ঘোঁৰা বন্দী কৰিবলৈ সাহস কৰা নাছিল। মণিপুৰৰ ৰজা বব্ৰুবাহনে ঘোঁৰা বন্দী কৰি ৰাখিলে। অৰ্জুনৰ ঘোঁৰা বুলি জানিব পাৰি মাকৰ আগত আহি কোৱাত চিত্ৰাঙ্গদাই বব্ৰুবাহনক নিজৰ পৰিচয় দি অৰ্জুনক সন্মান সহকাৰে শ্ৰদ্ধা জনাবলৈ উপদেশ দিলে। অৰ্জুনৰ আগমনৰ বাতৰিত চিত্ৰাঙ্গদা আনন্দত আত্মহাৰা হ’ল যদিও দুখ-অভিমানে অস্থিৰ কৰি তুলিলে। কিন্তু অৰ্জুনৰ প্ৰতি চিত্ৰাঙ্গদাৰ ভালপোৱা আছিল কালজয়ী , যুগ জয়ী।সেয়েহে সকলো মান-অভিমান ত্যাগ কৰি অৰ্জুনৰ সাক্ষাতলৈ বাট চাই অধীৰ অপেক্ষাৰে ৰৈ থাকিল।
অৰ্জুন আহি মণিপুৰ পালেহি। বব্ৰুবাহনে অৰ্জুনক প্ৰনাম জনাই পৰিচয় দিয়াত অৰ্জুনে যুদ্ধ কৰিবলৈ ভয় কৰা বুলি অপমান কৰিলে। বব্ৰুবাহনে সকলো অপমান আশীৰ্বাদ বুলি গ্ৰহণ কৰি মাত্ৰ চিত্ৰাঙ্গদাৰ কথা মনত পেলাবলৈ অনুৰোধ কৰিলে। বব্ৰুবাহনৰ বিনম্ৰ অনুৰোধক আওকান কৰি অৰ্জুনে চিত্ৰাঙ্গদা তেওঁৰ পত্নী নহয় বুলি বব্ৰুবাহনক জাৰজ সন্তান বুলি অভিহিত কৰিলে। মাকৰ প্ৰতি এনে অপমান জনক কথা কোৱাত বব্ৰুবাহন অধৈৰ্য হ’ল আৰু যুদ্ধ ঘোষনা কৰিলে । অৰ্জুনৰ সকলো অস্ত্ৰ বিফল হ’ল। শেষত গঙ্গা অস্ত্ৰেৰে অজ্জুনৰ মূৰ কাটি মাটিত পেলাই দিলে। অৰ্জুনৰ মুণ্ডহীন দেহটোক সাৱটি ধৰি চিত্ৰাঙ্গদাই কান্দিব ধৰিলে। মাকৰ শোক দেখি বব্ৰুবাহন মৰ্মাহত হ’ল। তেওঁ পিতৃক জীয়াই তুলিবলৈ দৃঢ় সংকল্প কৰিলে।
অৰ্জুনৰ মৃত্যুৰ বাতৰি সকলো ৰাজ্যতে বিয়পি পৰিল। ভগৱান শ্ৰী কৃষ্ণ মণিপুৰত উপস্থিত হ’ল। বব্ৰুবাহনে শ্ৰীকৃষ্ণৰ সহায়ত পাতালৰ অমৃত মণিৰ যোগেদি অৰ্জুণক জীয়াই তুলিলে। চিত্ৰাঙ্গদাই জীৱিত অৰ্জুনৰ মুখলৈ এবাৰো নাচালে। পুত্ৰৰ সন্মুখত অৰ্জুনে তেওঁৰ চৰিত্ৰ হনন কৰাত স্বামী অনুৰক্তা চিত্ৰাঙ্গদাৰ মোহ ভংগ হৈছিল। যাক এদিন নিজৰ জীৱনতকৈও আগত স্থান দিছিল সেই প্ৰিয়তম স্বামী অৰ্জুনৰ প্ৰতি চিত্ৰাঙ্গদাৰ মন ঘৃণাত ভৰি পৰিল। স্বামীৰ লগত শেষবাৰৰ বাবে দেখা কৰাৰ আশাকণো মনৰ পৰা মচি পেলালে।
স্বামীৰ উপেক্ষিতা হৈ জীৱনৰ বাকী কালছোৱা কামনা-বাসনা ত্যাগ কৰি ঈশ্বৰ চিন্তাত নিমগ্ন হ’ল। বীৰত্বৰ যশস্যাত গৰ্বী অৰ্জুনে উপেক্ষা কৰিলেও চিত্ৰাঙ্গদাৰ আদৰ্শক তেওঁ ম্লান কৰিব নোৱাৰিলে। মণিপুৰ বাসীৰ বাবে চিত্ৰাঙ্গদা এক গৌৰৱোজ্জ্বল নাম ।মণিপুৰৰ জনগনে আজিও গৰীয়সী নাৰী চিত্ৰাঙ্গদাক দেৱী ৰূপে পূজা-সেৱা কৰি আহিছে।
যুগে যুগে নাৰী এইদৰেই উপেক্ষিতা হৈ আহিলেও নাৰী সমাজৰ আদৰ্শ হিচাপে নিজকে প্ৰতিষ্ঠা কৰি আহিছে। মহাভাৰতৰ আন আন নাৰী চৰিত্ৰৰ লগতে চিত্ৰাঙ্গদাও এক অন্যতম নিদৰ্শন।