২৬জুন দেওবাৰে সমগ্ৰ অসমৰ লগতে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতো পালন কৰা হয় ‘ আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সেৱন বিৰোধী দিৱস’ ৷ কাৰাগাৰৰ অধীক্ষক গোবিন্দ মালাকাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সজাগতা সভাখনত উপস্থিত থাকি ড্ৰাগছৰ বিৰুদ্ধে সকলোকে সজাগ হোৱাৰ লগতে ড্ৰাগছ সেৱনৰ বিৰুদ্ধে সকলোকে মাৰবান্ধি থিয় হোৱাৰ বাবে আহ্বান জনাই কাৰাধ্যক্ষ কল্যাণ চৌধুৰী,গ্ল’ৱেল অৰগেনাইজেছনৰ কাৰ্যসূচী প্ৰবন্ধক জোনালী দাস আৰু ৰিজুৱানা চুলতানা তথা কাৰাগাৰৰ কেইবাগৰাকীও জ্যষ্ঠ বিষয়াই ৷
উল্লেখযোগ্য যে অধীক্ষক গোবিন্দ মালাকাৰৰ নেতৃত্ব আৰু আন বিষয়ববীয়া সকলৰ সক্ৰিয় সহযোগত সময়ে সময়ে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰখনত অনুষ্ঠিত কৰা হৈ আহিছে বিভিন্ন সজাগতা মূলক অনুষ্ঠান যি কাৰাবন্দী সকলোকো বহু ক্ষেত্ৰত যোগাত্মক চিন্তাৰে আগুৱাই যোৱাত প্ৰেৰণা যোগাই আহিছে ৷