গৱেষণাধৰ্মী সাহিত্য আলোচনী স্বৰ্ণলিপি আৰু বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু দিশপুৰ মহাবিদ্যালয়ৰ সক্ৰিয় সহযোগত দুদিনীয়া কাৰ্যসুচীৰে সুকলমে অনুষ্ঠিত হয় আন্তৰ্জাতিক ভাষা-সাহিত্য সন্মিলন৷ ২৫/১১/২০২২ আৰু ২৬/১১/২০২২ তাৰিখে গুৱাহাটীৰ দিশপুৰ মহাবিদ্যালয়ত অনুষ্ঠিত কৰা এই আন্তৰ্জাতিক ভাষা-সাহিত্য সন্মিলনখনিত দেশ-বিদেশৰ বহুতো ভাষাবিদ, সাহিত্যিকে অংশগ্ৰহণ কৰাৰ লগতে গৱেষকসকলে অনুষ্ঠিতব্য আলোচনাচক্ৰত কেইবাটাও সত্ৰত গৱেষণাপত্ৰসমুহ পাঠ কৰে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ৷
উল্লেখযোগ্য যে স্বনামধন্য বিশিষ্ট পণ্ডিত গৱেষক সকলৰ পৰ্য্যালোচনাৰে প্ৰায় ৭০ গৰাকীৰো অধিক গৱেষকে এই সন্মিলনত অংশগ্ৰহণ কৰে ৷ এইক্ষেত্ৰত অনুষ্ঠানটি সুকলমে সম্পন্ন কৰাত সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়োৱা দিশপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নবজ্যোতি বৰাকে প্ৰমুখ্য কৰি মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ অধ্যাপক/অধ্যাপিকা তথা শিক্ষাৰ্থী সকলক উদ্যোক্তা সকলে কৃতজ্ঞতা জ্ঞাপন কৰে ৷ লগতে তেওঁলোকে কয় যে সুন্দৰ তথা সফলতাৰে অনুষ্ঠিত হোৱা এই আন্তৰ্জাতিক ভাষা সাহিত্য সন্মিলনখন হ’ল ভাষা সাহিত্যৰ জগতৰ নব্য চিন্তাক ফলপ্ৰসু কৰাৰ এক প্ৰয়াস ৷