ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড চমুকৈ আই অ’ চি এলৰ বিভিন্ন পদৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰা হৈছে। পদসমূহৰ বাবে আবেদন কৰিব বিচৰা প্ৰাৰ্থীসকলে ইণ্ডিয়ান অইলৰ অফিচিয়েল ৱেবচাইট iocl.com ৰ জৰিয়তে অনলাইনযোগে আবেদন কৰিব পাৰিব।
সংস্থাটোৰ ২৬৫টা পদ পূৰণ কৰিবলৈ এই বিজ্ঞাপন প্ৰকাশ কৰা হৈছে ৷ । পদসমূহৰ বাবে আবেদন কৰাৰ অন্তিম তাৰিখ ১২ নৱেম্বৰ ।
যোগ্যতাৰ মাপকাঠী
পদসমূহৰ বাবে আবেদন কৰিব বিচৰা প্ৰাৰ্থীয়ে বিশদ অধিসূচনাত উপলব্ধ শৈক্ষিক অৰ্হতা পৰীক্ষা কৰিব পাৰিব। প্ৰাৰ্থীৰ বয়সৰ সীমা ১৮ বছৰৰ পৰা ২৪ বছৰৰ ভিতৰত হ’ব লাগিব।
বাচনি প্ৰক্ৰিয়া
বাচনি প্ৰক্ৰিয়াত লিখিত পৰীক্ষা আৰু স্বাস্থ্য পৰীক্ষায় অৱতীর্ণ হ’ব লাগিব । প্ৰাৰ্থীসকলক প্ৰি-এংগেজমেণ্ট মেডিকেল ষ্টেণ্ডাৰ্ড অনুসৰি চিকিৎসাগতভাৱে সুস্থ হোৱাটো নিশ্চিত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। নিৰ্বাচিত প্ৰাৰ্থীসকলক নথি পৰীক্ষণৰ বাবে আহ্বান কৰা হ’ব। লিখিত পৰীক্ষাটো এমচিকিউ ৰ সৈতে অনুষ্ঠিত কৰা হ’ব ৷ এটা শুদ্ধ বিকল্পৰ সৈতে চাৰিটা বিকল্প প্ৰশ্ন থাকিব ৷