নগাওঁ জিলাৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ চাঞ্চল্য এতিয়াও আতঁৰি যোৱা নাই ৷ এয়া হত্যা নে আত্মহত্যা নে দূর্ঘটনা , তাক লৈ এতিয়াও ৰহস্য অব্যাহত আছে ৷ চৰকাৰৰ ফালৰ পৰা এই ঘটনাৰ চিআইডি আৰু চিবিআই তদন্ত ঘোষণা কৰা হৈছে ৷ ইয়াৰ অনুসন্ধানো আৰম্ভ কৰিছে ৷ তদন্তত কি ওলায় সেয়া আন এটা বিষয় ৷ হয়তো ইয়াৰ বাবে আমি আৰু কিছুদিন ধৈর্য্য ধৰিব লাগিব ৷ কিন্তু উপ পৰিদর্শক গৰাকীৰ মৃত্যুৰ পাছত ৰাজ্যখনত চলি থকা নকল সোণ আৰু জাল নোটৰ অবৈধ ব্যৱসায়ৰ এক ভয়াৱহ তথ্য পোহৰলৈ আহিছে ৷ এই ক্ষেত্ৰত উদ্বেগজনক কথাটো হ’ল যে এই অসাধু চক্ৰটোৰ সৈতে জড়িত হৈ আছে খোদ আৰক্ষী ৷ অর্থাৎ ৰক্ষকেই বক্ষকৰ ৰূপ ধাৰণ কৰি কেবল ধন উপার্জনৰ স্বার্থত আৰক্ষীয়ে নকল সোণ আৰু জাল নোটৰ ব্যৱসায় চলোৱা চক্ৰটোক সুৰক্ষা দি আহিছে ৷ শেহতীয়াকৈ আৰক্ষী সঞ্চালক প্ৰধানজনে নির্দেশ দিয়াৰ পাছত কুৰিটাৰো অধিক নকল সোণৰ ব্যৱসায়ী আৰক্ষীৰ জালত পৰিছে ৷ ইয়াৰ পৰাই স্পষ্ট হৈ পৰে যে জোনমণিৰ মৃত্যুৰ এদিন বা দুদিন আগৰ পৰা এই ব্যৱসায় আৰম্ভ হোৱা নাই ৷ বছৰ বছৰ ধৰি তেওঁলোকে ইয়াৰ ব্যৱসায় কৰি আহিছে ৷ তৎসত্বেও বিয়াগোম আৰক্ষী বিভাগটোৰ বৰমুৰীয়া সকলে ইয়াৰ বিষয়ে ভুকে নাপায়নে ? সাধাৰণ ৰাইজৰ মনত এই প্ৰশ্নৰ উদয় হৈছে ৷ সঘনাই আৰক্ষীৰ সংস্কাৰ কৰা হ’ব বুলি চৰকাৰে কৰি অহা ঘোষণা যে অসাৰ সেয়া জোনমনিৰ মৃত্যুৱে উদঙাই দিছে ৷ স্বাভাৱিকতে মানুহৰ মনত প্ৰশ্নৰ উদয় হৈছে যে ৰাজ্যখনত সংঘটিত হৈ থকা আন অপৰাধসমূহো আৰক্ষীৰ জ্ঞাতসাৰেই হৈ আছে নেকি ?
ইপিনে, নকল সোণ আৰু জাল নোটৰ ঘটিত পৰিণত হোৱা লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে আইপিএছ বিষয়া আনন্দ মিশ্ৰক ৷ “হিৰো”ৰ দৰে “এণ্ট্ৰি “ মাৰি তেওঁ প্ৰতিপন্ন কৰিব বিচাৰিছে যে পাৰিলে এদিনতে এই অবৈধ ব্যসায় বন্ধ কৰি দিব ৷ বহু লোকে গৈ তেওঁক সম্বর্ধণা জনোৱাৰ লগতে ত্ৰাণকর্তা সজাবলৈ চেষ্টা কৰিছে ৷ কিন্তু এছপি হিচাপে হিচাপে যোগদান কৰাৰ লগে লগে তেওঁক “হিৰো” সজোৱাটো কিমান যুক্তিসংগত ? আমি পাহৰি যোৱা উচিত নহয় যে একেগৰাকী বিষয়া নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক হৈ থকা সময়ছোৱাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়ত এজন অ’চিয়ে নিৰপৰাধী এজন যুৱকক গুলীয়াবলৈ কুণ্ঠাবোধ কৰা নাছিল ৷ যাৰ বাবে নিৰপৰাধী যুৱকজনে পংগুত্বৰ জীৱন কটাবলগীয়া হৈছে ৷ জিলাখনৰ শীর্ষ বিষয়াজনৰ পৰা কিমান ফ্ৰীহেণ্ড পালে এজন অ’চিয়ে এনে কাম কৰিবলৈ সাহস লাভ কৰে ? সেয়াও বিচার্য বিষয় ৷ এই প্ৰশ্নসমূহৰ উত্তৰ পাবলৈ হ’লে সময়লৈ অপেক্ষা কৰাৰ বাহিৰে সাধাৰণ ৰাইজৰ হয়তো আন উপায় নাই !