পৰ্যটকৰ অত্যাধিক ভিৰ হ্ৰাস কৰাৰ বাবে, ইটালীৰ ভেনিছৰ কৰ্তৃপক্ষই এক নতুন নিয়ম জাৰি কৰিছে যাৰ বাবে পৰ্যটকসকলে চহৰখনত প্ৰৱেশ কৰিবলৈ টিকট ক্ৰয় কৰিব লাগিব। ২০২৩ চনৰ ১৬ জানুৱাৰীৰ পৰা এই সিদ্ধান্তটো কাৰ্যকৰী হ’ব বুলি শুকুৰবাৰে এক সংবাদমেলত ঘোষণা কৰে ভেনিছৰ পৰ্যটন বিভাগৰ কাউন্সিলাৰ চিমোন ভেঞ্চুৰিনিয়ে । অহা বছৰৰ পৰা ভেনিছ হ’ব ইয়াৰ পৰ্যটকসকলৰ বাবে প্ৰৱেশ মাচুল বাধ্যতামূলক কৰা বিশ্বৰ প্ৰথম খন চহৰ ।
এই পদক্ষেপক “মহান বিপ্লৱ” বুলি অভিহিত কৰি ভেঞ্চুৰিনীয়ে কয় যে চহৰখনে কেইবা দশক ধৰি সংগ্ৰাম কৰি অহা অত্যাধিক পৰ্যটনৰ সমস্যাৰ এইটোৱেই একমাত্ৰ সমাধান।
জানিবপৰা মতে টিকটৰ মূল্য নিম্নতম ৩ ইউৰোৰ পৰা ১০ ইউৰোলৈকে হ’ব। এক প্ৰতিবেদন অনুসৰি টিকটৰ সকলো মূল্য নিৰ্ধাৰণ কৰা নহ’ব আৰু দৰ্শনাৰ্থীৰ সংখ্যা অনুসৰি ই পৃথক পৃথক হ’ব। আনহাতে নতুন নিয়ম অনুসৰি অধিক পৰ্যটক থাকিলে প্ৰৱেশ মাচুল বৃদ্ধি কৰা হ’ব। চহৰখনৰ পৰ্যটন পৰিষদে কৈছিল যে “চহৰখন বন্ধ কৰাটো নহয় কিন্তু পৰ্যটকৰ সংখ্যা হ্ৰাস কৰিবলৈ মানুহে তেওঁলোকৰ উপস্থিতি বুক কৰাটোহে মূল উদ্দেশ্য।” তেওঁ কৈছিল, “ভেনিচ এখন জীৱন্ত চহৰ আৰু ই তেনেদৰেই থাকিব লাগিব।”
তদুপৰি, যদি পৰ্যটকসকলে প্ৰৱেশ মাচুল পৰিশোধ নকৰে, তেওঁলোকে ৩০০ ইউৰো (£2২৫৮) জৰিমনা ভৰিব লগা হ’ব পাৰে। ইফালে আৱাসী, বিকলাঙ্গ লোক, ঘৰৰ মালিক, চিকিৎসাজনিত কাৰণত চহৰলৈ যোৱা, আত্মীয়সকলক লগ কৰা বা সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকিবলৈ আৰু ছয় বছৰৰ তলৰ শিশুসকলে পৰিশোধ কৰিব নালাগে এই প্ৰৱেশ মাচুল। লগতে ৰাতিটোৰ হোটেলৰ অতিথিসকলক প্ৰৱেশ টিকট ক্ৰয় কৰাৰ পৰা ৰেহাই দিয়া হ’ব। অৱশ্যে, যিসকলক প্ৰৱেশ টিকট ক্ৰয় কৰাৰ পৰা ৰেহাই দিয়া হৈছে তেওঁলোকে প্ৰমাণ দেখুৱাব লাগিব যে তেওঁলোকৰ চহৰত থকাৰ অধিকাৰ আছে। বিষয়াসকলে এই কথা নিশ্চিত কৰিছে যে লোকসকলৰ প্ৰমাণীকৰণ কিউআৰ কোডৰ দ্বাৰা কৰিব পৰা যাব ।
ইফালে, ভেঞ্চুৰিনীয়ে কয় যে ভেনিছ হ’ব বিশ্বৰ প্ৰথম খন চহৰ যিয়ে প্ৰথমবাৰৰ বাবে এনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব ৷