কৰ’না বিভীষিকাৰ বাবে স্তব্ধ হৈ পৰিছিল ৰাজ্যৰ পৰ্যটন বিভাগ।চৰম আৰ্থিক লোকচানৰ সন্মুখীন হোৱা বিভাগটোৱে সুদীৰ্ঘ ৬ মাহৰ পিছত পুনৰ মুকলি কৰিবলৈ উদ্যোগ লৈছে ৰাজ্যৰ পৰ্যটন থলী সমূহ।
ক’ভিডৰ তৃতীয় ঢৌৰ সম্ভাৱনাই উদ্বিগ্ন কৰি ৰখাৰ সময়তে চৰকাৰৰ সকলো নীতি-নিৰ্দেশনা মানি পৰ্যটকক আদৰিবলৈ সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।ইতিমধ্যে পৰ্যটকৰ বাবে সুন্দৰকৈ সজাই-পৰাই তোলা হৈছে হোটেল,ৰিজৰ্ট সমূহ।
এই হোটেল বা ৰিজৰ্ট সমূহ পূৰ্বতে নৱেম্বৰৰ পৰা জানুৱাৰী পৰ্যন্ত ১০০% বুকিং হৈছিল যদিও এইবৰ্ষত পূৰ্বৰ দৰে বুকিং হোৱা নাই বুলি উল্লেখ কৰিছে এই হোটেল, ৰিজৰ্টৰ মালিক পক্ষই।তথাপি ক’ভিডৰ প্ৰথম আৰু দ্বিতীয় ঢৌয়ে ক্ষতিগ্ৰস্ত কৰা পৰ্যটন উদ্যোগীসকলে এবুকু আশা বুকুত বান্ধি আগন্তুক দিনৰ বাবে সাজু কৰি তুলিছে সকলো হোটেল আৰু ৰিজৰ্ট।
এক অনিশ্চিত আশা লৈ সাজু হোৱা এই উদ্যাগী সকলে প্ৰকাশ কৰা মতে বৰ্তমান শনি আৰু দেওবাৰৰ বাদে অন্য দিনত হোটেললৈ অহা লোকৰ সংখ্যা যথেষ্ট সেৰেঙা। তৎস্বত্বেও এটা ভাল দিনৰ আশা লৈ সকলো উদ্যোগীক স্থল সাজু কৰি তোলা দেখা গৈছে।
ইফালে অক্টোবৰ মাহৰ পৰা দেশী-বিদেশী পৰ্যটকৰ ওপৰত নিৰ্ভৰ কৰি চলা এই উদ্যোগটো এইবাৰ ঘৰুৱা পৰ্যটকৰ ওপৰতে অধিক নিৰ্ভৰ কৰিব লাগিব।কাজিৰঙাৰ ইনফিনিটি ৰিজৰ্ট কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি বৰ্তমানলৈ কাজিৰঙালৈ অহা নাই উত্তৰ-পূবৰ বাহিৰৰ পৰ্যটক।
যদিও ৰাষ্ট্ৰীয় উদ্যানখন মুকলি হলে বহিঃৰাজ্যৰ পৰ্যটকৰ আগমণ হ’ব বুলি আশাবাদী এই বৃ্হৎ উদ্যাগটোৰ লগত জড়িত লোকসকল।