জনপ্ৰিয় কিছু তাৰকাতকৈও জনসাধাৰণৰ মাজত বেছিকৈ সমাদিত এজন বিশেষ লোক। মনোৰঞ্জনধৰ্মী এপ টিকটকত ১০০ মিলিয়নৰো অধিক অনুৰাগী থকা এই লোকজনে তাৰকাসকলকো পিছ পেলালে জনপ্ৰিয়তাৰ ক্ষেত্ৰত। ২১ বছৰ বয়সৰ এই ল’ৰাজনৰ নাম খাবেই লাম (Khaby Lame) । ছেনেগাল(Senegal)ৰ এটা সৰু ফেক্টৰীত কাম কৰা এই লোকজন বৰ্তমান যথেষ্ট জনপ্ৰিয় অনুৰাগীৰ মাজত।
বৰ্তমান যুগ হৈছে সামাজিক মাধ্যমৰ( social media)ৰ যুগ। সাধাৰণ অথবা অসাধাৰণ সকলো লোকেই কম-বেছি পৰিমাণে হ’লেও সামাজিক মাধ্যমৰ লগত জড়িত। কোনো কোনো লোকৰ বাবে ই কেৱল মনোৰঞ্জনৰ এক মাধ্যম আৰু আন কিছুসংখ্যক লোকৰ মতে সামাজিক ক্ষেত্ৰৰ লগত সংযুক্ত হৈ থাকিবলৈ ই এক মঞ্চস্বৰূপ।
উল্লেখযোগ্য যে ২১ বছৰীয়া এই লোকজন ইউৰোপৰ প্ৰথম টিকটক ক্ষেত্ৰৰ মেগাষ্টাৰ। প্ৰথম অৱস্থাত সকলো লোক আচৰিত হৈছিল কাৰণ এই লোকজন কোনো সংগীত, অভিনয় , খেল আদিৰ লগত জড়িত নোহোৱাকৈয়ে সামাজিক মাধ্যমত ইমান অনুৰাগীৰ দৃষ্টিত কিদৰে ধৰা পৰিল।
বৰ্তমান সময়ত কেৱল টিকটকেই নহয় ফেচবুক আৰু ইনষ্টাগ্ৰামতো যথেষ্ট জনপ্ৰিয় এই লোকজন। সামাজিক মাধ্যমোৰ কোনো এটা এপ খুলিলেই প্ৰায়ে দেখা যায় খাবেই লামৰ কিছুমান ভিডিঅ’। এটা সাধাৰণ ফেক্টৰীত কাম কৰা এই লোকজনে বিশ্বত এতিয়া নিজৰ এক অন্য পৰিচয় দাঙি ধৰিছে। উল্লেখযোগ্য যে এই লোকজনে কোনো ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰ কৰিলে চকুৰ পচাৰতে কিছু মিনিটৰ ভিতৰত সকলোতে বিয়পি পৰে। আনহাতে কেৱল ইউৰোপতে নহয়, পৃথিৱীৰ আন ঠাইৰ লগতে ভাৰততো অনুৰাগীৰ মন জয় কৰিবলৈ সক্ষম হৈছে এইজন লোকে।
উল্লেখ্য যে খাবেই লামে কিছুমান হাস্যমধুৰ ভিডিঅ’ প্ৰস্তুত কৰে। তেঁওৰ এই ভিডিঅ’ বনোৱা পদ্ধতি আৰু বিষয়বস্তু আন লোকতকৈ সম্পূৰ্ণ পৃথক। লোকজনৰ এই আমোদজনক তথা ব্যতিক্ৰমী ভিডিঅ’ বোৰৰ বাবই তেঁও অনুৰাগীৰ মাজত যথেষ্ট জনপ্ৰিয়। টিকটকৰ উপৰিও ইনষ্টাগ্ৰামত খাবেই লামৰ অনুৰাগী আছে প্ৰায় ৩৬.৩ মিলিয়ন।