অষ্ট্ৰেলিয়াত বিখ্যাত হ’ল পঁইতা ভাত আৰু আলু পিটিকা। এগৰাকী বাংলাদেশী মহিলাই অষ্ট্ৰেলিয়াত পৰিবেশন কৰিছিল পঁইতা ভাত আৰু আলু পিটিকা । গুৰুত্বপূৰ্ণ কথাটো হ’ল এই খাদ্য বিধ অষ্ট্ৰেলিয়াত অসমৰ পঁইতা ভাত হিচাপে নহয় ,বাংলাদেশৰ পান্তা ভাত হিচাপেহে বিখ্যাত হৈ পৰিল। লগতে অসমীয়া মানুহৰ প্ৰিয় খাদ্য আলু পিটিকা বিশ্ববিখ্যাত হৈ পৰিল আলু সেদ্ধ বা আলু ভৰ্তা হিচাপে।ছ’চিয়েল মাধ্যমত যথেষ্ট গুৰুত্ব পাইছে এই খবৰটোৱে ।
উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈ যোৱা ‘মাষ্টাৰচেফ অষ্ট্ৰেলিয়া‘ নামৰ ৰিয়েলিটী শ্ব এটাত বাংলাদেশৰ কিশ্বৰ চৌধুৰী নামৰ মহিলাগৰাকীয়ে এই পঁইতা ভাত পৰিবেশন কৰি প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছিল।এই ঘটনাটোৱে সমগ্ৰ বিশ্বৰ লগতে অসমীয়া মানুহৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। কাৰণ বাংলাদেশ আৰু পশ্চিমবংগত পান্তা ভাত হিচাপে জনাজাত এই খাদ্যবিধ অসমত পঁইতা ভাত হিচাপে বহুল প্ৰচলিত ।
গুৰুত্বপূৰ্ণ কথা এই যে ৰিয়েলিটী শ্বটোৰ বিচাৰক সকলে এই খাদ্যবিধ অতি উৎকৃষ্ট বুলি মন্তব্য কৰে।বিচাৰকসকলৰ মতে ঘৰুৱা ভাৱে প্ৰস্তুত কৰা এই খাদ্যবিধ সুস্বাদু আৰু স্বাস্থ্যৰ পক্ষে উপকাৰী। তেঁওলোকে আৰু কয় যে এই খাদ্যবিধত সমাহাৰ ঘটিছে বৈচিত্ৰ্য আৰু বৈপৰীত্যৰ। উল্লেখ্য যে প্ৰতিযোগী গৰাকীয়ে পঁইতাভাতৰ লগত ছাৰ্দিন মাছ আৰু ছালছাও পৰিবেশন কৰিছিল ।
বৰ্তমান অষ্ট্ৰেলিয়াৰ নাগৰিক কিশ্বৰ চৌধুৰী পেচাত এগৰাকী প্ৰতিষ্ঠিত ছপা ব্যৱসায়ী। জানিবলৈ পোৱামতে বাংলাদেশত তেঁও জীৱনৰ ছটা বছৰ কটাইছিল।অষ্ট্ৰেলিয়াৰ দৰে ঠাই এখনৰ এটা ৰিয়েলিটী শ্বত কিশ্বৰ চৌধুৰীৰ পঁইতা ভাত পৰিবেশন তথা তাৰ দ্বাৰাই প্ৰতিযোগিতাখনৰ ফাইনেলত প্ৰৱেশ কৰা ঘটনাই এতিয়া সমগ্ৰ বিশ্বৰ লগতে অসমতো ব্যাপক চৰ্চা লাভ কৰিছে।