২০১১ চনত গঠন হোৱা কাৰ্বি পিপলছ লিবাৰেছন টাইগাৰ (আৰ) গোটে সুদীৰ্ঘ ১১ বছৰ কাল সহস্ৰ সংগ্ৰাম চলাই আহিছিল। মুঠ ৩৮০ জন কেডাৰৰ সৈতে এই গোটটো কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰ কৰা ৬ টা সশস্ত্ৰ সংগঠনৰ ভিতৰত এটা আছিল।
সংগঠনটোৰ সচিব লটিচাৰি কাংটাং বে’ ওৰফে গুডউইনচন ক্ৰই সাংবাদিকৰ সৈতে হোৱা কথোপকথনত উল্লেখ কৰে যে সংগঠনটোৱে শিবিৰত কেডাৰৰ প্ৰায় চাৰিশ যোৰা সামৰিক পোছাক অগ্নিত দাহ কৰি কে পি এল টি ভংগৰ কথা ঘোষণা কৰে।
সংগঠনৰ সচিবে লগতে এই কথাও উল্লেখ কৰে যে সেই মূহূৰ্তৰ পৰা কোনো কেডাৰে সংগঠনৰ নামত অসামাজিক কাৰ্যত লিপ্ত হ’লে সংগঠন দায়ী নহ’ব। ইয়াৰ পূৰ্বে সংগঠনটোৰ অধ্যক্ষ ডোনৰী ক্ৰামছাৰ দ্বাৰা শ্বহীদসকলৰ বাবে মমবাতি জ্বলোৱা আৰু এক মিনিট নীৰৱতা পালন কৰা হৈছিল। তাৰ পিছত পতাকা খন নমাই আনুষ্ঠানিকভাৱে ভাঙি সংগঠন ভংগৰ কথা ঘোষণা কৰা হয়।
চৰকাৰৰ সৈতে হোৱা শান্তি আলোচনাত সংগঠনটো সন্তুষ্ট বুলি নেতৃবৃন্দই মন্তব্য কৰে। আনহাতে অস্ত্ৰ বিৰতি ঘোষণা কৰাৰ পূৰ্বে সংগঠনটোৰ ৭৭ গৰাকী নেতা তথা কেডাৰে প্ৰাণ হেৰুৱাবলগীয়া হোৱা বুলিও অৱগত কৰে।
উল্লেখ্য যে কাৰবি আংলঙৰ ৬ উগ্ৰপন্থী সংগঠনেৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত চুক্তি অনুসৰি ইটোৰ পিছত সিটো উগ্ৰপন্থী সংগঠন ভংগ হৈ আছে। অনাগত সময়ত জিলাবাসীৰ মূলদাবী ২৪৪(ক) সন্দৰ্ভত আলাপ-আলোচনাৰ মাধ্যমেৰে আগবঢ়া হ’ব বুলি নেতৃবৃন্দই উল্লেখ কৰে।