কেৱল নিজৰ দেশতে নহয় সমগ্ৰ বিশ্বত নিজস্ব এক পৰিচয় হৈ পৰা দেশৰ দ্বিতীয় গৰাকী প্ৰধানমন্ত্ৰী আছিল লাল বাহাদুৰ শাস্ত্ৰী ৷ তেওঁৰ উচ্চতা আছিল মাত্ৰ পাঁচ ফুট দুই ইঞ্চি ৷ কিন্তু শাৰিৰীক উচ্চতাৰ বিপৰীতে তেওঁৰ মানসিক উচ্চতা আছিল বহু গুণ বেছি ।
শাস্ত্ৰী জীয়ে এজন প্ৰধানমন্ত্ৰী হিচাপে মাত্ৰ ১৮ মাহৰ অতি চমু কাৰ্যকালতে সকলোৰে হৃদয়ত চিৰদিনৰ বাবে চিন বহুৱাইছিল। পণ্ডিত নেহৰুৱে এবাৰ লাল বাহাদুৰ শাস্ত্ৰীৰ বিষয়ে কৈছিল যে লাল বাহাদুৰ শাস্ত্ৰী মানেই হৈছে চৰম সততা, দৃঢ়তা, বিশুদ্ধ আচৰণ, উচ্চ আদৰ্শৰ প্ৰতি সম্পূৰ্ণ বিশ্বাস আৰু এক সজাগ ব্যক্তিত্ব। আনহাতে এজন নেতাৰ উপৰিও শাস্ত্ৰীজী আছিল এজন আদৰ্শ পিতৃ আৰু স্বামীও।
এইগৰাকী মহান ব্যক্তি প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত এদিন অফিচৰ কাম শেষ কৰি পুত্ৰ অনিল শাস্ত্ৰীক ফোন কৰিছিল। শাস্ত্ৰী জীয়ে অনিলক ক’লে যে তেওঁ এই কথা লক্ষ কৰিছে যে আনিলে যেতিয়া বয়োজ্যেষ্ঠ জনৰ ভৰি চুৱে তেতিয়া অনিলৰ হাত দুখন কেৱল আঁঠুলৈকেহে যায়, ভৰিলৈকে নহয়। এই সময়ত অনিল শাস্ত্ৰীৰ বয়স আছিল মাত্ৰ ১৬ বছৰ। সেয়ে হয়তো এনে অৱস্থাত দেউতাকৰ কথাবোৰ ইমান সহজে গ্ৰহণ কৰাটো তেওঁৰ বাবে সম্ভৱ নাছিল। শাস্ত্ৰীজীক পুত্ৰই বাবুজী বুলি মাতিছিল। অনিলে তেওঁৰ ‘বাবুজী’ক স্পষ্টকৈ কৈছিল যে তেওঁ এনে ভুল কেতিয়াও নকৰে।
কিন্তু পুত্ৰই নিজৰ ভুলটো মানি নোলোৱাৰ বাবে শাস্ত্ৰী জীয়েও তেওঁক খং নাইবা শাস্তি দিয়া নাছিল ৷ বৰঞ্চ অতি শ্ৰদ্ধা আৰু সন্মানেৰে তেওঁ নিজেই পুত্ৰৰ ভৰি দুখন স্পৰ্শ কৰি কৈছিল তেওঁ যদি এনেদৰে ভৰি দুখন স্পৰ্শ কৰে তেন্তে নিশ্চয় তেওঁৰ দৃষ্টিভংগীতেই কিবা ভুল আছে , কিন্তু যদি তেনেকুৱা নহয় তেন্তে শাস্ত্ৰীয়ে কোৱা কথাখিনি গ্ৰহণ কৰিবলৈ যেন পুত্ৰ অনিলে চেষ্টা কৰে।
অবিশ্বাস্য যেন লাগিলেও সঁচা যে প্ৰধানমন্ত্ৰী হৈ থাকোঁতে লাল বাহাদুৰ শাস্ত্ৰীৰ নিজৰ ঘৰ নাছিল, গাড়ীও নাছিল। এবাৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত তেওঁৰ সন্তানে কৈছিল যে এতিয়া তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ পৰিল, এনে পৰিস্থিতিত তেওঁলোক টংগা (ঘোঁৰাগাড়ী) বা ভাড়া গাড়ীৰে স্কুললৈ যাবলৈ ভাল নাপায়। এই কথা শুনি লাল বাহাদুৰে এই কথা মানি ল’লে।
১৯৬৪ চনত তেওঁ প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত এখন ফিয়েট গাড়ীৰ দাম আছিল ১২ হাজাৰ টকা। কিন্তু শাস্ত্ৰী জীৰ বেংকত আছিল মাত্ৰ সাত হাজাৰ টকা । এই বিষয়টো যেতিয়া তেওঁৰ সন্তানৰ দৃষ্টিগোচৰ হ’ল, তেতিয়া তেওঁলোকে দেউতাকক এই সিদ্ধান্ত পিছুৱাই দিবলৈ ক’লে। কিন্তু, শাস্ত্ৰী জীয়ে প্ৰতিশ্ৰুতিত দৃঢ়তাৰে থকাৰ বাবে বেংকৰ পৰা ঋণ লৈ হ’লেও এখন নতুন গাড়ী কিনিলে। কিন্তু আচৰিত কথা যে তেওঁৰ মৃত্যুৰ পিছত সেই বাহনৰ কিস্তি শাস্ত্ৰীৰ পত্নীয়ে পেঞ্চনৰ পৰা আদায় দিছিল।
১৯৬৬ চনৰ ১১ জানুৱাৰীত, তাছকেন্দ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়তে লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যু হয় । অৱশ্যে তেওঁৰ মৃত্যুৰ আঁৰত লুকাই আছে বহু কাহিনী । বহুতে তেওঁক হত্যা কৰা বুলি বিশ্বাস কৰে । তাছকেন্দত লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰেই সেই ঠাইত প্ৰথমেই উপস্থিত হৈছিল পাকিস্তানৰ তেতিয়াৰ ৰাষ্ট্ৰপতি আয়ুব খান । লাল বাহাদুৰ শাস্ত্ৰীৰ মহান ভাবমূর্তিয়ে মানুহক ইমানেই আপ্লুত কৰিছিল যে মানুহে তেওঁৰ মৃত্যুৰ খবৰ পাই পাগল হৈ পৰিছিল৷ আনহাতে গাড়ীৰ পৰা শাস্ত্ৰীজীৰ কফিন বিমানত উঠোৱাৰ সময়ছোৱাত ছোভিয়েট ইউনিয়নৰ প্ৰধানমন্ত্ৰী আলেক্সেই কোছিগিন আৰু পাকিস্তানৰ ৰাষ্ট্ৰপতি আয়ুব খানেও কফিনটো কান্ধত উঠাইছিল ৷ সেয়েহে ক’ব পাৰি যে লাল বাহাদুৰ শাস্ত্ৰীয়ে কেৱল ভাৰতকে নহয়, সমগ্ৰ বিশ্বজুৰি ৰাজনীতিক যেন এক নতুন ৰূপ দিলে