বিশ্বৰ সকলোতকৈ ধনী দেশ বুলি ক’লে আমৰ সাধাৰণতে আমেৰিকা, চীন নাইবা ছুইজাৰলেণ্ডৰ কথাই মনলৈ আহে ৷ জি ডি পি অৰ্থাৎ মুঠ ঘৰুৱা উৎপাদনৰ ফালৰ পৰাও বিশ্বৰ ভিতৰতে ধনী দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ ৷ কিন্তু আন্তৰ্জাতিক পৰ্যায়ত কৰা বিভিন্ন সমীক্ষা অনুযায়ী জি ডি পিৰ বাহিৰে জনমূৰি আয়ৰ ক্ষেত্ৰত পৃথিৱীৰ সকলোতকৈ ধনী দেশ খন হ’ল ইউৰোপৰ লুক্সেমবাৰ্গ ৷
ভাৰতৰ উত্তৰ-পশ্চিম দিশত অৱস্থিত ইৰাণ আৰু তাৰ কাষতে কাস্পিয়ান সাগৰ ৷ ইয়াৰ পিছতেই কৃষ্ণ সাগৰ আৰু ইয়াৰ লগতেই আছে ইউৰোপ মহাদেশ ৷ এই ইউৰোপ মহাদেশৰেই এখন সৰু দেশ হ’ল লুক্সেমবাৰ্গ ৷ইউৰোপ মহাদেশৰ আটাইতকৈ সৰু দেশ হ’ল ভেটিকান চিটি যি ৰোমত অৱস্থিত ৷ আনহাতে ইউৰোপীয় ইউনিয়নৰ সকলোতকৈ সৰু দেশ এই লুক্সেমবাৰ্গ যি ইউৰোপৰ দুই শক্তিশালী ৰাষ্ট্ৰ ফ্ৰান্স আৰু জাৰ্মানিৰ মাজত অৱস্থিত ৷ আনহাতে এফালে ই বেলজিয়ামৰ সীমালৈকে বিস্তৃত ৷ লুক্সেমবাৰ্গ চহৰ হৈছে দেশখনৰ ৰাজধানী চহৰ ৷ দেশখনৰ উত্তৰ দিশে আছে সেউজীয়া পাহাৰ আনহাতে দক্ষিণাংশক জাৰ্মানি ভাষাত কোৱা হয় গুটল্যাণ্ড যাৰ অৰ্থ উৰ্বৰা ভূমি ৷ সেয়েহে দেশখনৰ এই অংশত বসতিও বেছি ৷
১৯৮০ চনলৈকে এই ৰাষ্ট্ৰখনত ভালেসংখ্যক লোহাৰ খনি আছিল আৰু ষ্টীলো তৈয়াৰ কৰা হৈছিল এইখন দেশত ৷ অৱশ্যে ১৯৮০ চনৰ পৰা ইয়াত লোহা প্ৰায় নোহোৱা হৈ আহিছিল ৷
পশ্চিম ইউৰোপত অৱস্থিত এই ৰাষ্ট্ৰখনৰ চৰকাৰী ভাষা তিনিটা ৷ লিক্সেমবাৰ্গিছ ,ফ্ৰেঞ্চ আৰু জাৰ্মান ৷ ইয়াৰ প্ৰায় সকলো শিক্ষানুষ্ঠানতেই ফ্ৰেঞ্চ আৰু জাৰ্মান শিকোৱা হয় ৷ দুই ৰাষ্ট্ৰৰ মাজত অৱস্থিত হোৱা বাবেই দেশখনত দুই মহাশক্তিৰ প্ৰভাৱ পৰাটো অৱশ্যেই স্বাভাৱিক ৷সেয়েহে দুইখন দেশৰ সংস্কৃতিৰ দ্বাৰাও প্ৰভাৱিত লুক্সেমবাৰ্গ ৷ আনহাতে দেশখনত ভালেসংখ্যক নদী আছে আৰু ইয়াৰ ভিতৰত উল্লেখনীয় নদীখন হ’ল মছেল ৷ সেউজীয়া ডাঠ অৰণ্য আৰু সেউজীয়াৰে আবৃত এই দেশখন ইউৰোপৰ প্ৰাণ স্বৰূপ ৷
প্ৰাকৃতিক সম্পদ অবিহনেও লুক্সেমবাৰ্গ পৃথিৱীৰ একমাত্ৰ দেশ যিখন দেশৰ জনমূৰি গড় উপাৰ্জন বছৰি ১লাখ ১৮ হাজাৰ টকা
পৃথিৱীৰ আন এঘাৰখন দেশৰ জনমূৰি গড় আয় বছৰি ৫০,০০০ডলাৰ ,৩৯খন দেশৰ ২০,০০০ডলাৰ আৰু ৬৬খন দেশৰ ১০,০০০ডলাৰ ৷ সেয়েহে ইয়াৰ পৰাই বুজিব পাৰি যে তুলনামূলক ভাৱে কিমান ধনী দেশ এই লুক্সেমবাৰ্গ ৷ এই দেশৰ মানুহৰ সকলোতকৈ প্ৰিয় গাড়ী হ’ল ‘অডি’ ৷এই সৰু দেশখনত অডিয়ে তেওঁলোকৰ তৃত্বীয় সৰ্বোচ্চ গাড়ী বিক্ৰী কৰে ৷
কিন্তু কেনেকৈ ইমান ধনী হ’ল দেশখন ?
এটা সময়ত মধ্য অৰ্থনীতিৰ এই দেশখনে দ্বিতীয় বিশ্ব যুদ্ধৰ পিছতে ইয়াৰ উত্থান আৰম্ভ কৰে ৷ দ্বিতীয় বিশ্বযুদ্ধৰ ফলত বিধ্বস্ত হৈ পৰিছিল ইউৰোপৰ লগতে বিশ্বৰ বহু শক্তিশালী দেশ ৷ সেই সময়ত লুক্সেমবাৰ্গত আছিল বহুতো লোহাৰ খনি আৰু চুবুৰীয়া ৰাষ্ট্ৰসমূহক ষ্টীল আৰু লোহা বিক্ৰী কৰি এই সৰু দেশখনে সেইসময়ত নিজৰ ৰূপ সলনি কৰিছিল ৷
অৱশ্যে এতিয়া যদিও ইয়াত লোহাৰ খনি নোহোৱা হৈ গৈছে তথাপি বিশ্বৰ বৃহৎ বৃহৎ ষ্টীল সংস্থা সমূহৰ মুখ্য কাৰ্যালয় অৱস্থিত এইখন ৰাষ্ট্ৰতে ৷ কৰমুক্ত হোৱাৰ বাবেই ইয়াত মুখ্য কাৰ্যালয় স্থাপন কৰিবলৈ আগ্ৰহী হয় ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ ৷আনহাতে কৰমুক্ত কৰি বিভিন্ন প্ৰতিষ্ঠানসমূহক দেশখনলৈ আহিবলৈ সুযোগ দি দেশত কৰ্ম সংস্থাপন বৃদ্ধি কৰাই লুক্সেমবাৰ্গ চৰকাৰৰ লক্ষ ৷ সেয়েহে বিভিন্ন পদ্ধতিৰ কৰ ৰেহাই পোৱাৰ ফলত বিশ্বৰ বিভিন্ন প্ৰতিষ্ঠানসমূহে এই সৰু দেশখনলৈ ঢাপলি মেলে ৷
ইয়াৰ মানুহৰ সকলোতকৈ আকৰ্ষণীয় পেচা হৈছে ওকালতি আৰু বেংকিং ৷ ইউৰোপৰ প্ৰায় মাজভাগত অৱস্থিত হোৱাৰ বাবেই দেশখন ব্যৱসায়িক দিশত যথেষ্ট আকৰ্ষণীয় ৷ দেশখনৰ জনবসতিৰ ৫০% লোকেই বাহিৰৰ দেশৰ পৰা আহি ইয়াত কৰ্মৰত ৷
অৱশ্যে এই কথাও নুই কৰিব নোৱাৰি যে বিশ্বৰ ভিতৰতে ধনী এই সৰু লুক্সেমবাৰ্গৰ দৰে দেশখনে তেতিয়ালৈকেহে মূৰ দাঙি থিয় দি থাকিব পাৰিব যেতিয়ালৈকে ইউৰোপ ইউনিয়ন জীয়াই থাকিব ৷ কিন্তু ইউৰোপীয় ইউনিয়নৰ পতন হ’লে এই সৰু দেশখনৰ অৰ্থনীতিও ভাঙি পৰিব ৷