VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পৰম্পৰা নে নিৰ্যাতনঃ মধ্যপ্ৰদেশত বৰুণ দেৱতাৰ পূজাৰ নামত উলংগ শিশুৰ সমদল

voicedesk by voicedesk
September 7, 2021
in সমাজ, জীৱন
পৰম্পৰা নে নিৰ্যাতনঃ মধ্যপ্ৰদেশত বৰুণ দেৱতাৰ পূজাৰ নামত উলংগ শিশুৰ সমদল
0
SHARES
28
VIEWS
Share on FacebookShare on Twitter

মধ্যপ্ৰদেশৰ এখন গাঁৱত ছয়গৰাকী নাবালক ছোৱালীক পৰম্পৰাৰ নামত নিৰ্যাতন চলোৱাৰ ঘটনাই সম্প্ৰতি সকলোকে হতবাক কৰি তুলিছে। 

তথ্য অনুসৰি গাঁওখনৰ নিৰ্দিষ্ট নাবালক ছোৱালীকেইজনীক বিবস্ত্ৰ কৰি স্থানীয় নিয়ম আৰু প্ৰচলিত সামাজিক ৰীতিৰ অংশ হিচাপে বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ঘৰে ঘৰে যাবলৈ কোৱা হৈছিল।

বিশ্বাস অনুসৰি, যুৱতীসকলক কান্ধত কাঠৰ টুকুৰা এটা বান্ধি উলংগ হৈ খোজ কাঢ়িবলৈ বাধ্য কৰা হয়, য’ত এটা ভেকুলী বন্ধা থাকে। স্থানীয় লোকসকলে ইয়াৰ ফলত পৰ্যাপ্ত বৰষুণ হয় বুলি বিশ্বাস কৰে।

ভাৰতবৰ্ষ ৰীতি-নীতি, পূজা-পাতলৰ দেশ। দেশৰ সামাজিক অনুষ্ঠানসমূহতো ধৰ্মীয় বিশ্বাস সংলগ্ন হৈ থাকে। ভাৰতৰ দৰে দেশ এখনত নিৰ্জীৱ শিল টুকুৰাও জীৱন্ত একোজন মানুহৰ দৰেই পৱিত্ৰ, পূজনীয়।

প্ৰকৃতিক সন্মান কৰি পূজা কৰাৰ প্ৰথা প্ৰাচীনকালৰ পৰাই আমাৰ সমাজত প্ৰচলিত। ইয়াৰে কিছু কিছু কথাত প্ৰকৃতি সংৰক্ষণৰ গভীৰ তত্ত্ব নিহিত হৈ আছে। 

সংৰক্ষণৰ মানসিকতা, ৰীতি-নীতি আৰু গোড়ামিৰ মিশ্ৰণ অন্ধবিশ্বাস। অন্ধবিশ্বাসৰ পৰিণতিত সংঘটিত বিভিন্ন ঘটনাই মাজে-সময়ে সচেতন সমাজৰ মন-মগজু জোকাৰণি তুলি যায়।

ছোৱালীকেইজনীৰ সৈতে থকা মহিলাসকলেও বৰুণ দেৱতাৰ প্ৰশংসাসূচক ভজন গায়। ছোৱালীবোৰে স্থানীয় বিশ্বাস অনুসৰি ঘৰে ঘৰে গৈ আটা, মাহজাতীয় শস্য আৰু প্ৰধান খাদ্য শস্য বিচাৰে।

সংগ্ৰহ কৰা সামগ্ৰীবোৰ গাঁৱৰ মন্দিৰৰ সন্মুখত স্থাপন কৰা এটা ভাণ্ডাৰা বা সামূহিক পাকঘৰত একেলগে ৰখা হয়। ৰীতি অনুযায়ী সকলো গাওঁবাসী তাত উপস্থিত থকাটো বাধ্যতামূলক।

গাওঁবাসীসকলে বিশ্বাস কৰে যে এই ৰীতি-নীতিয়ে গাওঁখনলৈ পৰ্যাপ্ত বৰষুণ আনে আৰু খৰাং বন্ধ কৰে।

বুন্দেলখণ্ড অঞ্চলৰ দামোহ জিলাৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰত জাবেৰা আৰক্ষী থানাৰ অন্তৰ্গত বানিয়া গাঁৱত দেওবাৰে এই ঘটনা সংঘটিত হৈছিল।

সমগ্ৰ বিষয়টো বিবেচনা কৰি ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে ঘটনা সন্দৰ্ভত দামোহ জিলা প্ৰশাসনৰ পৰা প্ৰতিবেদন বিচাৰে।

দামোহৰ ৰাজহ বিষয়া এছ কৃষ্ণ চৈতন্যই উল্লেখ কৰে যে স্থানীয় প্ৰশাসনে এন চি পি চি আৰক এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিব।

আশ্বৰ্যজনক কথা এয়ে যে জিলা উপায়ুক্তৰ ভাষ্য অনুসৰি কোনো গাওঁবাসীয়ে এই ৰীতি-নীতি সন্দৰ্ভত অভিযোগ কৰা নাছিল।

আনহাতে তেখেতে সাংবাদিকৰ আগত উল্লেখ কৰে যে এই ক্ষেত্ৰত প্ৰশাসনে কেৱল গাওঁবাসীক এনে অন্ধবিশ্বাসৰ অসাৰ্থকতাৰ বিষয়ে সজাগ কৰিব পাৰে আৰু তেওঁলোকক বুজাব পাৰে যে এনে ধৰণৰ প্ৰথাই আকাংক্ষিত ফলাফল প্ৰদান নকৰে।

ইফালে ঘটনাটোৰ দুটা ভিডিঅ’ ক্লিপ পোহৰলৈ আহিছে। এটা ভিডিঅ’ ক্লিপত ৫ বছৰমান বয়সৰ নগ্ন ছোৱালীবোৰক কান্ধত কাঠৰ টুকুৰা এটা বান্ধি খোজ কাঢ়ি থকা দেখা গৈছে আৰু ভজন গাই থকা মহিলাৰ এটা দলে শোভাযাত্ৰাটো অনুসৰণ কৰিছে।

আন এটা ভিডিঅ’ত কিছুমান মহিলাৰ ভাষ্য শুনা গৈছে যে বৰষুণৰ অনুপস্থিতিত ধানৰ শস্য শুকাই যোৱাৰ বাবে এই ৰীতি-নীতি পালন কৰা হৈছিল। আমি বিশ্বাস কৰোঁ যে ইয়াৰ ফলত বৰষুণ হ’ব, তেওঁলোকে ঘটনাটো ৰেকৰ্ড কৰা ব্যক্তিজনক উদ্দেশ্যি মন্তব্য কৰিছিল।

দামোহৰ আৰক্ষী অধীক্ষক ডি আৰ টেনিভাৰৰ মত অনুসৰি অঞ্চলটোত কম বৰষুণ হোৱাৰ বাবে গাওঁবাসীসকলে প্ৰতি বছৰে শিশুসকলৰ সন্মতিৰ সৈতে এই প্ৰথা অনুসৰণ কৰে।

টেনিভাৰে লগতে উল্লেখ কৰে যে যদি এইটো এটা বলপূৰ্বক প্ৰথা বুলি প্ৰমাণিত হয় তেন্তে অপৰাধীসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব।

Previous Post

উৰন্ত বিমানত চৰাইৰ খুন্দা, বৰঝাৰ বিমান বন্দৰত জৰুৰী অৱতৰণ ইণ্ডিগ’ৰ বিমানৰ

Next Post

লেপটপ সোনকালে গৰম হৈ যায় নেকি : অৱলম্বন কৰক এইকেইটা উপায়

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
লেপটপ সোনকালে গৰম হৈ যায় নেকি : অৱলম্বন কৰক এইকেইটা উপায়

লেপটপ সোনকালে গৰম হৈ যায় নেকি : অৱলম্বন কৰক এইকেইটা উপায়

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7