কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি ২০১৮-২০১৯ বৰ্ষত সমগ্ৰ ভাৰতবৰ্ষত ১১,৭২০ জনকৈ কৃষকে আত্মহত্যা কৰিছে। উৎপাদিত ফচলৰ মূল্য নাপাই মূৰে-কপালে হাত দিয়া কৃষকৰ ওপৰত পুনৰ কেন্দ্ৰীয় চৰকাৰে জাপি দিয়া তিনিখনকৈ কৃষি আইনে অধিক মাধমাৰ সোধোৱা এনে দুৰ্যোগৰ সময়ত এজন কৃষকে ক্ৰয় কৰা ৩০ কোটি টকীয়া হেলিকপ্টাৰৰ খবৰটোৱে এতিয়া দেশজুৰি চৰ্চা লাভ কৰিছে।
মহাৰাষ্ট্ৰৰ ভিৱান্দীৰ জনাৰ্দন ভৈৰ এই খেতিয়ক জনে ক্ৰয় কৰিছে ৩০ কোটি টকীয়া এখন হেলিকপ্টাৰ।জানিব পৰা মতে , জনাৰ্দন ভৈৰ নামৰ এই খেতিয়ক জন এজন ব্যৱসায়ী হোৱাৰ লগতে উদ্যোগপতিও। বিশাল দুগ্ধ ব্যৱসায় থকা ব্যৱসায়ীজনে ব্যৱসায়ৰ খাতিৰত দেশৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগীয়া হোৱাৰ বাবে ক্ৰয় কৰিছে এই হেলিকপ্টাৰখন।
সময়ৰ প্ৰতি লক্ষ্য ৰাখি কম সময়ত ঘুৰি ফুৰিব পৰাকৈ ব্যৱসায়ৰ সুবিধাৰ বাবেই তেওঁ এই হেলিকপ্টাৰখন হেনো ক্ৰয় কৰিব লগীয়া হ‘ল। সাংবাদিকৰে হোৱা কথা-বাৰ্তাত তেওঁ কয় যে ব্যৱসায়ৰ খাতিৰত সঘনে তেওঁ গুজৰাট,পঞ্জাৱ, হাৰিয়ানা আদি ঠাই যায় যদিও বহুতো ঠাইত বিমান বন্দৰ নথকাত তেওঁৰ যথেষ্ট সময় নষ্ট হ‘য়। সেয়েহে তেওঁ এই হেলিকপ্টাৰ খন ক্ৰয় কৰি কম সময়তে বহু ঠাই ঘূৰিব পাৰিব।
ইতিমধ্যে ব্যক্তিজনে নিজৰ ঘৰতে ২.৫ একৰ মাটিত দেৱাল নিৰ্মাণ কৰি হেলিপেড নিৰ্মাণ কৰাৰ লগতে পাইলট আৰু কৰ্মচাৰীৰ কাৰণে ৰূম নিৰ্মাণ সম্পূৰ্ণ কৰি তুলিছে।ভাৰতবৰ্ষৰ দৰে কৃষিপ্ৰধান দেশত জনাৰ্দন ভৈৰৰ দৰে খেতিয়কে এনেদৰে হেলিকপ্টাৰ ক্ৰয় কৰা খবৰে এতিয়া বহু খেতিয়কক অনুপ্ৰেৰণা যোগাইছে।