মণিমহেশ হ্ৰদ বা ডাল হ্ৰদ হৈছে ভাৰতৰ হিমাচল প্ৰদেশৰ চম্বা জিলাৰ ভৌৰমাৰ মহকুমাত হিমালয়ৰ পীৰ পাঞ্জাল ৰেঞ্জৰ মণিমহেশ কৈলাশ শৃংগৰ ওচৰত অৱস্থিত এক হ্ৰদ ৷
৪০৮০ মিটাৰ অৰ্থাৎ ১৩,৩৯০ ফুট উচ্চতাত অৱস্থিত এই হ্ৰদ ৷ তিব্বতৰ মানসসৰোবৰ হ্ৰদৰ নিচেই কাষতে অৱস্থিত এই হ্ৰদ । মণিমহেশৰ আক্ষৰিক অৰ্থ হৈছে “শিৱৰ গহনা”। স্থানীয় কিংবদন্তী অনুসৰি পূৰ্ণিমাৰ নিশা সুন্দৰ হ্ৰদটোত এই গহনাৰ প্ৰতিফলন দেখা যায়।
বছৰটোৰ বেছিভাগ সময়েই বৰফেৰে আবৃত্ত যৈ থকা এই হ্ৰদটোত উপনীত হ’বলৈ, মনোমোহা পৰ্বত আৰু সেউজীয়াৰ মাজেৰে প্ৰায় ১৩ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব লাগে। এই বৃহৎ হ্ৰদটো দুটা মুখ্য অংশত বিভক্ত – ডাঙৰ অংশটো হৈছে শিৱ কাটোৰী যাক ভগৱান শিৱৰ স্নানৰ স্থান বুলি বিশ্বাস কৰা হয় আৰু তলৰ অংশটোক গৌৰী কুণ্ড বা দেৱী পাৰ্বতীৰ গা ধোৱাৰ স্থান বুলি কোৱা হয়।
শক্তিশালী হ্ৰদটো মণিমহেশ কৈলাশ পৰ্বতৰ কুমাৰী শৃংগৰ ওচৰত অৱস্থিত, যাক ভগৱান শিৱৰ পবিত্ৰ বাসস্থান বুলি গণ্য কৰা হয়। কোৱা হয় যে মাতা গিৰিজা ৰূপে আৰাধ্যা দেৱী পাৰ্বতীক বিয়া কৰাই পত্নীক ৰাখিবৰ বাবে ভগৱান শিৱই সৃষ্টি কৰিছিল এই বাসস্থানৰ আৰু তেওঁ এতিয়াও ইয়াতেই বাস কৰি আছে বুলি বিশ্বাস কৰা হয়। ইয়াত শিৱৰ এক মাৰ্বলৰ মূৰ্তি আছে যাক চৌমুখ বুলিও কোৱা হয়।হিন্দু ধৰ্ম বিশ্বাস অনুসৰি এই হ্ৰদটো হৈছে হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ অতি শ্ৰদ্ধাৰ তীৰ্থ স্থান। বিশেষকৈ ভাদ মাহত এই অঞ্চলত ভক্তৰ সমাবেশ ঘটে ৷ মণিমহেশলৈ ভক্তগণৰ এই যাত্ৰাক ‘মণিমহেশ যাত্ৰা’ বুলি জনা যায়।উল্লেখযোগ্য যে হিমাচল প্ৰদেশ চৰকাৰে ইয়াক ৰাজ্যিক পৰ্যায়ৰ তীৰ্থযাত্ৰা হিচাপে ঘোষণা কৰিছে।
এই হ্ৰদলৈ দুটা ট্ৰেকিং পথ আছে। এটা হডচাৰ গাঁৱৰ যিটোৰে বেছিভাগ তীৰ্থযাত্ৰী আৰু ট্ৰেকাৰ সকল সঘনাই যায় । এই পথটো সহজ আৰু তীৰ্থযাত্ৰাৰ বতৰত ইয়াত প্ৰাথমিক খাদ্য আৰু বাসস্থানৰ ব্যৱস্থাও আছে। আনটো পথ হোলী গাঁৱৰ। এই পথটো আৰু ওপৰলৈ উঠি গৈ আকৌ হ্ৰদলৈ নামি যায়। এই পথটোত এখন সৰু গাঁৱৰ বাহিৰে নাই আন কোনো বাসস্থান ।