ভাৰতত উচ্চ প্ৰদূষণৰ স্তৰৰ মোকাবিলা কৰিবলৈ নতুন আইন প্ৰনয়ণ কৰাৰ বাবে আহ্বান জনাই আহিছে বিশ্বৰ এগৰাকী অন্যতম কনিষ্ঠ পৰিৱেশ কৰ্মী মণিপুৰৰ লিচিপ্ৰিয়া কাঙ্গুজামে ।
মণিপুৰৰ ১০ বছৰীয়া জলবায়ু কৰ্মী লিচিপ্ৰিয়া কাঙ্গুজাম যি টুইটাৰত তাজমহলৰ পিছফালে প্লাষ্টিকৰ আৱৰ্জনা থকা এখন ছবি শ্বেয়াৰ কৰি তাজমহল কৰ্তৃপক্ষক এই আবৰ্জনা সমূহ পৰিষ্কাৰ কৰিবলৈ প্ৰেৰিত কৰিছিল।
টুইটাৰ পোষ্টত লিচিপ্ৰিয়াক এখন প্লে’কাৰ্ড লৈ থিয় হৈ থকা দেখা গৈছিল য’ত দেখা গৈছিল ঐতিহাসিক তাজমহলৰ চাৰিওফালৰ আৱৰ্জনাৰ কদৰ্যময় ছবি । আনহাতে প্লে’কাৰ্ডখনত লিখা আছিল, “তাজমহলৰ সৌন্দৰ্যৰ আঁৰত আছে প্লাষ্টিক প্ৰদূষণ ।”
টুইটাৰৰ জৰিয়তে লিচিপ্ৰিয়া কাংগুজামে লিখিছিল, “আপুনি তাজমহল দৰ্শন কৰাৰ সময়ত এই দৃশ্যটো প্ৰত্যক্ষ কৰিব পাৰে।” আপুনি ক’ব পাৰে যে ই অতি প্ৰদূষিত কিন্তু প্ৰতি বছৰে লাখ লাখ লোকে এই ঠাই ভ্ৰমণ কৰাৰ সময়ত আপোনাৰ ১ টা পলিথিন বেগ, এটা প্লাষ্টিকৰ বটলে এই পৰিস্থিতিৰ নেতৃত্ব দিছিল “।
ইফালে টুইটটোৰ পিছত কৰ্তৃপক্ষই তাজমহলৰ চাৰিওফালে থকা প্লাষ্টিকৰ আৱৰ্জনা পৰিষ্কাৰ কৰা বাহিনীক দেখি লিচিপ্ৰিয়াই টুইটাৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, “কালি মোৰ এটা টুইটে তাজমহল কৰ্তৃপক্ষক তাজমহলৰ চাৰিওফালৰ আৱৰ্জনা পৰিষ্কাৰ কৰিবলৈ বাধ্য কৰা দেখি মই সুখী হৈছোঁ । কিন্তু মই এটা স্থায়ী সমাধান বিচাৰো। এক আইনৰ অধীনত ভাৰতৰ সকলো ঐতিহ্যক্ষেত্ৰৰ চাৰিওফালে এবাৰ ব্যৱহৃত প্লাষ্টিক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰক। যি কি নহওক, পৰিৱৰ্তন আহি আছে, আপুনি ভাল পায় বা নাপায়”
উল্লেখযোগ্য যে তেওঁ ভাৰতীয় পুৰাতাত্ত্বিক জৰীপলৈ এখন পত্ৰও লিখিছিল আৰু প্ৰতিষ্ঠানটোক ভাৰতৰ সকলো ঐতিহ্যক্ষেত্ৰত একক ব্যৱহাৰৰ প্লাষ্টিক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিবলৈ অনুৰোধ জনাইছিল ৷
বিশ্বৰ অন্যতম কনিষ্ঠ পৰিৱেশ কৰ্মী কাঙ্গুজামে ভাৰতত উচ্চ প্ৰদূষণৰ স্তৰৰ মোকাবিলা কৰিবলৈ নতুন আইন প্ৰনয়ণ কৰাৰ বাবেও বহুবছৰ ধৰি আহ্বান জনাই আহিছে। ২০১৯চনৰ ছেপ্টেম্বৰত তেওঁ জলবায়ু পৰিৱৰ্তন আইনৰ বাবে হেঁচা দিবলৈ সংসদৰ বাহিৰত এসপ্তাহৰ বাবে প্ৰতিবাদ কৰিছিল।
প্ৰায়ে চুইডিছ জলবায়ু কৰ্মী গ্ৰেটা থুনবাৰ্গৰ সৈতে তুলনা কৰা বিশ্বৰ অন্যতম কণিষ্ঠ পৰিবেশ কৰ্মী কাঙ্গুজামে বহুতো আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। ২০১৯ চনৰ ডিচেম্বৰত তেওঁ মাদ্ৰিদত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলনত বিশ্বৰ নেতাসকলক সম্বোধন কৰে।