অহা ৪ নৱেম্বৰ, ২০২২ তাৰিখে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰীমাধৱদেৱ আৰ্ন্তজাতিক প্ৰেক্ষাগৃহত সন্ধিয়া ৪.৩০ বজাত মঞ্চস্থ কৰা হ’ব মহাপুৰুষ জনাৰ অপূৰ্ব সৃষ্টি “মৎস অৱতাৰ” নামৰ নাটখন ৷
অসমৰ এক অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান ‘স্পন্দন…শব্দৰ পৰা হৃদয়লৈ’ আৰু লক্ষেশ্বৰ হাজৰিকাৰ পৰিয়ালৰ যৌথ উদ্যোগত এগৰাকী সু-লেখক তথা সংস্কৃতিপ্ৰেমী প্ৰয়াত লক্ষেশ্বৰ হাজৰিকা সোঁৱৰণত সদৌ অসম ভাওনা সমাৰোহ প্ৰতিযোগিতাত বহুবাৰ প্ৰথম শ্ৰেষ্ঠ দলৰ বঁটা প্ৰাপক অসমৰ এটি আগশাৰীৰ ভাওনা দল , যোৰহাট টীয়কৰ ‘কেন্দ্ৰীয় সাংস্কৃতিক যুৱ-সংঘ’ৰ দ্বাৰা পৰিবেশন কৰা হ’ব “মৎস অৱতাৰ” ভাওনাখন ৷ উল্লেখনীয় যে অহা ৪নৱেম্বৰ তাৰিখে মঞ্চস্থ হ’বলগীয়া ভাওনাখনৰ মুখ্য পৰিচালক ভাওনা মহীয়ান উজ্জ্বল কুমাৰ দত্ত আৰু পৰিচালক ভাওনা সৌৰভ সন্মান প্ৰাপক বিমান শইকীয়া ৷ আনহাতে ভাওনাখনৰ দোহাৰ – প্ৰণৱজ্যোতি আৰু তেওঁৰ সঙ্গীবৃন্দৰ ৷
অসমৰ সাহিত্য সংস্কৃতিক জীয়াই ৰখাৰ লগতে নৱ প্ৰজন্মলৈ আগবঢ়াই দিয়াৰ এই ইতিবাচক প্ৰচেষ্টাত ৰাইজৰ সহায়-সহযোগিতা কামনা কৰি উক্ত দিনটোত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰীমাধৱদেৱ আৰ্ন্তজাতিক প্ৰেক্ষাগৃহত সেই বিশেষ সন্ধিয়াটোত ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তা সকলে ৷ ৰাইজৰ উপস্থিতিয়ে তেওঁলোকক ভৱিষ্যতেও এনেধৰণৰ কাম কৰি যাবলৈ নিশ্চয়কৈ উৎসাহিত কৰিব ৷