একাগ্ৰতা,নিষ্ঠা, কঠোৰ পৰিশ্ৰম আৰু সতাতৰে আগবাঢ়িলে সফলতাৰ কণ্টকময় পথ যে হেলাৰঙে অতিক্ৰম কৰিব পাৰি তাৰ জ্বলন্ত উদাহৰণ হৈছে উত্তৰ প্ৰদেশৰ লালগঞ্জৰ এটি পৰিয়ালৰ চাৰি ভাই ভনী ৷ অশেষ কষ্টৰ বিনিময়ত জীৱনৰ সপোন পুৰণ কৰি চাৰি ভাতৃ-ভগ্নীয়ে উর্ত্তীর্ণ হৈছে ইউ পি এছ চিৰ দৰে কঠিন পৰীক্ষাত ৷ চাৰি ভাতৃ-ভগ্নীৰ ভিতৰত তিনি গৰাকীয়েই আই এছ বিষয়া ৷ আন এগৰাকী বর্তমান আই পি এছ বিষয়া হিচাপে কর্মৰত ৷ অৱশ্যে তেওঁলোকৰ সফলতাৰ আঁৰতো আছে এক কাহিনী ৷ ইউ পি এছ চিৰ দৰে কঠিন পৰীক্ষাত উত্তীর্ণ হ’বলৈ এজন আনজনৰ বাবে কিদৰে সহায়কৰ ৰূপত থিয় দিছিল তাৰ কাহিনীয়ে আপোনাকো অনুপ্ৰাণিত কৰি তুলিব ৷
২০১২ চনৰ ৰক্ষা বন্ধৰ সময়ত উত্তৰ প্ৰদেশৰ নিজৰ গৃহ চহৰ লালগঞ্জত মিশ্ৰ পৰিয়ালৰ সকলো সদস্য সমবেত হৈছিল। চাৰিজন ভাই-ভনীৰ ভিতৰত ভগ্নী ক্ষমা আৰু মাধৱীয়ে অত্যন্ত হতাশগ্ৰস্ত হৈছিল ৷ ইয়াৰ কাৰণ আছিল তেওঁলোকে ইউপিএছচিৰ পৰীক্ষাত উত্তীর্ণ হোৱাত ব্যৰ্থ হৈছিল ৷ দুই ভগ্নীৰ হতাশা দূৰ কৰিবলৈ সেই সময়তে সিদ্ধান্ত লয় যোগেশে ৷ তেতিয়াৰ চফটৱেৰ ইঞ্জিনিয়াৰজনে নিজেই ইউ পি এছ চিৰ পৰীক্ষাত অৱতীর্ণ হ’বলৈ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ২০১৩ চনত চাকৰি এৰি তেওঁ এবছৰ কেৱল ইউ পি এছ চিৰ ওপৰত মনোনিৱেশ কৰি অতিবাহিত কৰে । তেওঁ প্ৰথম প্ৰচেষ্টাতে তেওঁ উত্তীর্ণ হয় আৰু আই এ এছ বিষয়া হিচাপে যোগদান কৰে ৷
নিজৰ অভিজ্ঞতাৰে তেওঁ দুই ভনীয়েক আৰু সৰু ভায়েকক ইউ পি এছ চিৰ বাবে প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰে । ২০১৫ চনত মাধৱীয়ে এই পৰীক্ষাত উত্তীর্ণ হৈ আই এ এছ বিষয়া হয় । পিছৰ বছৰত ক্ষমা আৰু লোকেশ দুয়োজনেই পৰীক্ষাত উত্তীর্ণ হয় আৰু ক্ৰমে আই পি এছ আৰু আই এ এছ বিষয়া হিচাপে চাকৰিত যোগদান কৰে ৷
৮০ আৰু ৯০ দশকৰ এখন গাঁও লালগঞ্জত নিম্ন মধ্যবিত্ত পৰিয়ালত ডাঙৰ-দীঘল হোৱা লোকসকলৰ বাবে ইউ পি এছ চিক সপোনৰ চৰকাৰী সেৱা হিচাপে গণ্য কৰা হৈছিল। চাৰিওজন ভাই-ভনীয়ে হিন্দী মাধ্যমৰ এখন বিদ্যালয়ত দ্বাদশ শ্ৰেণীলৈকে পঢ়া-শুনা কৰিছিল।
ইঞ্জিনিয়াৰিঙৰ শিক্ষা যোগেশে প্ৰয়াগৰাজৰ মোটিলাল নেহৰু নেচনেল ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা গ্ৰহণ কৰিছিল । তেওঁ ইউ পি এছ চিৰ প্ৰতি কোনো আগ্ৰহ প্ৰকাশ কৰা নাছিল আৰু তাৰ পিছত নয়ডাৰ এটা চফটৱেৰ কোম্পানীত কাম কৰিছিল। কিন্তু যেতিয়া তেওঁৰ দুই ভগ্নীয়ে অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীর্ণ হ’ব নোৱাৰি মনোকষ্ট লাভ কৰিছিল তেতিয়া নিজে অৱতীর্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ তেওঁ কয় যে তেওঁৰ বাবে টাৰ্নিং পইণ্ট আছিল ২০১১ চনত ইউ পি এছ চিৰ পৰীক্ষাৰ আৰ্হিৰ পৰিৱৰ্তন।সেই বছৰ ইউ পি এছ চি চি এছ ইৰ অংশ হিচাপে চি এছ এ টি (চিভিল চাৰ্ভিচেছ এপ্টিটুড টেষ্ট) প্ৰৱৰ্তন কৰা হৈছিল। লোকেশে পৰীক্ষাৰ বাবে নিজে টোকা প্ৰস্তুত কৰিছিল ৷ পৰৱর্তী সময়ত এই টোকা পঢ়িয়েই ভাতৃ আৰু ভগ্নীয়েও পৰীক্ষাত উত্তীর্ণ হৈছিল ৷
ক্ষমা মিশ্ৰ এগৰাকী আই পি এছ বিষয়া ৷ক্ষমা কৰ্ণাটক ৰাজ্যিক সংৰক্ষিত আৰক্ষীৰ ৩য় বেটেলিয়নৰ কমাণ্ডেণ্ট ৷ তেওঁ কয় যে ভনীয়েক মাধৱীয়ে তেওঁতকৈ ভাল স্ক’ৰ কৰিছিল। ইফালে লোকেশে আৰু ভাল ৰেংক লাভ কৰে। মাধৱীক ঝাৰখণ্ডৰ ৰামগড়ৰ উপায়ুক্ত (ডিচি) হিচাপে নিযুক্তি দিয়া হৈছে। ইফালে, লোকেশক ঝাৰখণ্ডৰ কোডেৰমাৰ উপ-উন্নয়ন আয়ুক্ত (ডিডিচি) আৰু ক্ষমাক কৰ্ণাটক ৰাজ্যিক সংৰক্ষিত আৰক্ষীৰ ৩য় বেটেলিয়নৰ কমাণ্ডেণ্ট হিচাপে নিযুক্তি দিয়া হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ত কর্মৰত হৈ আছে যোগেশ মিশ্ৰ ৷
যোগেশে কয়- “প্ৰতি বছৰে মই তেওঁলোকক ভালদৰে প্ৰশিক্ষণ দিবলৈ সক্ষম হৈছিলো ৷ কাৰণ মই ভালদৰে পৰীক্ষা সন্দর্ভত জ্ঞান আহৰণ কৰিছিলো ৷ মোৰ টোকা আৰু শিকোৱাৰ পদ্ধতিবোৰ তেওঁলোকে আয়ত্ব কৰিবলৈ সক্ষম হৈছিল। সেইবাবেই লোকেশে আৰু উন্নত ৰেংকিং লাভ কৰিলে।’
আনহাতে লোকেশে কয়- “মই আই আই টি-দিল্লীৰ পৰা ইঞ্জিনিয়াৰিং কৰিছিলো আৰু ইউ পি এছ চিৰ চেষ্টা কৰাৰ আগতে দুবছৰ কাম কৰিছিলো। ভাতৃ-ভগ্নীসকলে পৰীক্ষাত সফলতা লাভ কৰাৰ পাছত ময়ো এবাৰ চেষ্টা কৰিব বিচাৰিলোঁ। “
চাৰিওজন ভাই-ভনীয়ে মাক-দেউতাক আৰু গাওঁখনক গৌৰৱান্বিত কৰিছে।মাতৃ কৃষ্ণ মিশ্ৰই সন্তানৰ সফলতা সন্দর্ভত কয়-“আমাৰ ল’ৰা-ছোৱালীয়ে সদায় কঠোৰ পৰিশ্ৰম কৰি আহিছে ৷ তেওঁলোকৰ অধ্যৱসায়ৰ বাবে পুৰস্কাৰ লাভ কৰিছে ৷”
সম্প্ৰতি চাৰি ভাতৃ-ভগ্নীয়ে গ্ল’ৰী আই এ এছ নামৰ এটা কোচিং চেণ্টাৰ স্থাপন কৰিছে, য’ত তেওঁলোকে ছাত্ৰ-ছাত্ৰীক পথ প্ৰদৰ্শন কৰে। এই পদক্ষেপৰ নেতৃত্ব দিয়া যোগেশে কয় যে বিগত ৭-৮ বছৰত তেওঁ ১০০ৰো অধিক লোকক ইউপিএছচি পৰীক্ষাত উত্তীর্ণ হোৱাত সহায় কৰিছে। ইয়াৰ উপৰিও তেওঁলোকে এটা ইউটিউব চেনেল গ্ল’ৰী আই এ এছ মুকলি কৰিছে, য’ত তেওঁলোকে প্ৰত্যাশীসকলক সহায় কৰাৰ বাবে টিপছ পোষ্ট কৰে ৷ তেওঁৰ লক্ষ্য হৈছে তেওঁলোকৰ দৰে সৰু সৰু চহৰ আৰু গাঁৱৰ পৰা অধিক আই এ এছ আৰু আই পি এছ বিষয়া সৃষ্টি কৰা।