আধাৰ কাৰ্ড আজিকালি প্ৰায় সকলো কামতে জৰুৰী । চৰকাৰী বা বেচৰকাৰী প্ৰায় সকলো কামতে আধাৰ কাৰ্ড আগে ভাগে পৰীক্ষা –নিৰীক্ষা কৰাৰ পাচতহে কামত আগবঢ়া হয় । বৰ্তমান সময়ত বেংকৰ কাম , স্কুলৰ কাম , চৰকাৰী বা বেচৰকাৰী কাৰ্যালয় সমূহৰ কাম আদি বিভিন্ন কামত আধাৰ কাৰ্ড অতি জৰুৰী হৈ পৰিছে ।
কিন্তু বৰ্তমান সময়ত বহুতো লোকে আধাৰ কাৰ্ড ভালদৰে ব্যৱহাৰ কৰিব পৰা নাই কাৰণ কিছুসংখ্যক লোকৰ আধাৰ কাৰ্ডত তেঁওলোকৰ নামৰ বানান ভূল হৈ আহিছে । কিন্তু তাৰো সমাধানৰ ব্যৱস্থা ইতিমধ্যে কৰা হৈছে ।
গুৰুত্বপূৰ্ণ কথা এই যে এটা স্মাৰ্টফোন আৰু ভাল ইন্টাৰনেটৰ সংযোগ থাকিলেই অনায়াসে তাৰ সমাধান উলিয়াব পৰা যায় । আধাৰ কাৰ্ডত নিজৰ নাম ভূলকৈ অহা লোকসকলে ঘৰত বহিয়েই সহজতে নাম সংশোধন কৰি ল’ব পৰা ব্যৱস্থা ইতিমধ্যে কৰি দিয়া হৈছে ।
আধাৰ কাৰ্ডত অতি সহজতে নাম সংশোধন কৰিব পৰা প্ৰক্ৰিয়াৰ সবিশেষ উল্লেখ কৰা হ’ল –
- প্ৰথমতে নিজৰ ফোনৰ ব্ৰাউজাৰত ssup.uidai.gov.in টাইপ কৰি এই অফিচিয়েল ৱেবচাইটতলৈ যাব লাগিব ।
- তাৰ পাচত খোল খোৱা পেজখনৰ Proceed to Update Aadhar অপচনত ক্লিক কৰিব লাগিব ।
- তাৰ পাচত যিখন পেজ খোল খাব , তাত তাৰ নিৰ্দিষ্ট স্থানত নিজৰ ১২ টা ডিজিটৰ আধাৰ নম্বৰ দি লগ ইন কৰিব লাগিব ।
- তাৰ পাচত স্ক্ৰিনত থকা ক্যাপচা শুদ্ধ ৰূপত লিখি Send OTP অপচনত ক্লিক কৰিব লাগিব । লগে লগেই আধাৰ কাৰ্ডৰ লগত ৰেজিষ্টাৰ কৰি থোৱা মোবাইল নম্বৰত OTP আহিব ।
- OTP চাবমিট কৰাৰ পাচত এখন নতুন পেজ খোল খাব । তাতেই নিজৰ ব্যক্তিগত বিৱৰণ যেনে- ঠিকনা , জন্ম তাৰিখ , নাম আৰু লিংগ ইত্যাদি তথ্যসমূহ সঠিক ৰূপত লিখিব লাগিব । এই পেজখনতেই সমস্ত বিৱৰণ আপডেট কৰাৰ অপচন পোৱা যাব ।
- নাম পৰিৱৰ্তন কৰিবলৈ হ’লে Name ত ক্লিক কৰিব লাগিব । গুৰুত্বপূৰ্ণ কথা হ’ল যে নাম আপডেট কৰিবৰ বাবে আই ডি প্ৰুফ থকা অতি প্ৰয়োজনীয় । পেন কাৰ্ড , ড্ৰাইভিং লাইচেন্স , ভোটাৰ আই ডি কাৰ্ড বা ৰেচন কাৰ্ড আই ডি প্ৰুফ হিচাপে ব্যৱহাৰ কৰিব পৰা যায় ।
- সমস্ত বিৱৰণ দিয়াৰ পাচত আৰু এটা OTP আহিব । এই OTP টো চাবমিট কৰাৰ পাচত Save অপচনত ক্লিক কৰিব লাগিব । Save অপচনত ক্লিক কৰাৰ পাচতহে আধাৰ কাৰ্ড আপডেটৰ এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব ।
বহু ক্ষেত্ৰত দেখা যায় যে আধাৰ কাৰ্ড বনোৱাৰ সময়ত বহুতো লোকে যিটো ফোন নম্বৰ ব্যৱহাৰ কৰে , পাচলৈ বিভিন্ন কাৰণত সেই নম্বৰটো ব্যৱহাৰ কৰা দেখা পোৱা নাযায় । গতিকে এনে ক্ষেত্ৰত ব্যৱহাৰ কৰি থকা নম্বৰটোহে দিয়া উচিত । আধাৰ কাৰ্ডত নতুন নম্বৰ আপডেট কৰিবলৈ হ’লে আধাৰ কেন্দ্ৰৰ সহায় ল’বলগীয়া হয় ।
আধাৰ কাৰ্ডত ফোন নম্বৰ সলনি কৰিবৰ বাবে গ্ৰহণ কৰা প্ৰক্ৰিয়াটো হৈছে –
- ফোন নম্বৰ সলনি কৰিবৰ বাবে আধাৰ কাৰ্ডখন লৈ নিকটতম আধাৰ কেন্দ্ৰলৈ যাব লাগিব । নিজৰ নিকটতম আধাৰ কেন্দ্ৰটোৰ বিষয়ে জানিব বিচাৰিলে UIDAI ৰ অফিচিয়েল ৱেবচাইটত থকা Locate Nearest Centre অপচনত তাৰ বিষয়ে জানিব পৰা যায় ।
- আধাৰ কেন্দ্ৰলৈ গৈ তাত থকা সুবিধা সমূহৰ জৰিয়তে Add and Update mobile number অপচনত নিজৰ নতুন ফোন নম্বৰ চাবমিট কৰিব লাগিব । ইয়াৰ বাবে অৱশ্যে ৫০ টকাৰ মাচুল দিব লগীয়া হয় ।
- ফোন নম্বৰ আপডেট প্ৰক্ৰিয়া তোত কিমান দিন লাগিব সেই কথাও ১৯৪৭ নম্বৰত ফোন কৰি তাৰ সবিশেষ জানিব পৰা যায় ।