আজি বিশিষ্ট গল্পকাৰ, সমালোচক তথা শিক্ষাবিদ ত্ৰৈলোক্যনাথ গোস্বামীৰ ওপজা দিন । ১৯০৬ চনৰ আজিৰ দিনটোতে তেওঁ নলবাৰী সত্ৰত জন্ম লাভ কৰে । তেওঁৰ পিতৃ আছিল সিদ্ধেশ্বৰ গোস্বামী আৰু মাতৃ পদ্মপ্ৰিয়া গোস্বামী । তেওঁ আছিল নলবাৰী কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আৰু একেখন কলেজৰে পৰাই তেওঁ অৱসৰ গ্ৰহণ কৰে । ‘ঘৰ জেউতি’ আলোচনীত প্ৰকাশিত ‘ভাৰত ৰমণী’ নামৰ কবিতা এটিৰে তেওঁ সাহিত্যৰ জগতখনত প্ৰৱেশ কৰে ।
‘আধুনিক গল্প সাহিত্য’ নামৰ গ্ৰন্থখনৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে । অৰুণা, মৰীচিকা, জীৱনৰ জীয়া জুই আদি তেওঁৰ গল্প পুথি । সাহিত্য সমালোচনা, সমুদ্ৰ মন্থন, নন্দন তত্ত্ব : প্ৰাচ্য আৰু পাশ্চাত্য আদি বিভিন্ন গ্ৰন্থৰ ৰচয়িতা গোস্বামীয়ে অসম সাহিত্য সভাৰ ক্ৰমে পলাশবাৰী আৰু গোৱালপাৰাত অনুষ্ঠিত অষ্টাবিংশ আৰু ঊনবিংশ অধিৱেশনত সভাপতিত্ব কৰিছিল । এইগৰাকী বিশিষ্ট সাহিত্যিকলৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম ।