আজি প্ৰসিদ্ধ অসমীয়া সাহিত্যিক তথা গ্ৰন্থ প্ৰকাশক হৰিনাৰায়ণ দত্তবৰুৱাৰ স্মৃতি দিৱস । তেওঁ ভালেমান পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশ কৰিছিল । শংকৰ-মাধৱৰ সৃষ্টিৰাজি প্ৰকাশ কৰিছিল । অসমীয়া গ্ৰন্থ প্ৰকাশৰ বাবে তেওঁ গুৱাহাটীত বৰুৱা এজেন্সি, শ্ৰীগুৰু প্ৰেছ আৰু দত্তবৰুৱা এণ্ড কোম্পানী প্ৰতিষ্ঠা কৰিছিল । এইবোৰ প্ৰতিষ্ঠান স্বমহিমাৰে জিলিকি উঠিছিল । অসমৰ প্ৰথমটো বৃহৎ আধুনিক ছপাশাল শ্ৰীগুৰু প্ৰেছৰ পৰাই এসময়ৰ জনপ্ৰিয় ‘নীলাচল’ বাতৰি কাকতখন প্ৰকাশ পাইছিল ।
প্ৰাচীন কামৰূপীয়া কায়স্থ সমাজৰ ইতিবৃত্ত, চিত্ৰদৰ্শন (উপন্যাস), ভাৰত দৰ্শন (ভ্ৰমণ কাহিনী) আদি তেওঁৰ ৰচিত গ্ৰন্থ । তদুপৰি মাধৱ কন্দলীৰ অসমীয়া ৰামায়ণ, ৰাম সৰস্বতীৰ অসমীয়া মহাভাৰত, কথাগুৰু চৰিত, ভক্তিবিবেক আদি তেওঁৰ সম্পাদনা গ্ৰন্থ । ‘সাহিত্যৰত্ন’ হৰিনাৰায়ণ দত্তবৰুৱাই ১৯৫৮ চনৰ আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰিছিল । এইগৰাকী বৰেণ্যলৈ আমাৰ প্ৰণাম ।