আজি অসমীয়া কবিতাৰ প্ৰগতিশীল ধাৰাটোৰ অন্যতম বাহক কবি অমূল্য বৰুৱাৰ ওপজা দিন । ১৯২২ চনৰ আজিৰ দিনটোতে যোৰহাটত তেওঁৰ জন্ম হৈছিল । অসমীয়া কবিতাৰ গতানুগতিক ধাৰাটোলৈ বিষয়বস্তুৰ এক নতুনত্ব কঢ়িয়াই অনা অমূল্য বৰুৱাই কলেজীয়া দিনতে কলেজ আলোচনীৰ ইংৰাজী বিভাগটোৰ সম্পাদনা কৰিছিল আৰু Mockery of Civilization নামৰ বিপ্লৱী ভাবৰ কবিতা এটি লিখে । পিছত বোম্বাইৰ (এতিয়াৰ মুম্বাই) পৰা প্ৰকাশিত ইংৰাজী আলোচনী ‘ত্ৰিবেণী’তো কবিতাটো প্ৰকাশ পায় । তেওঁ ‘ৰ’দালি সভা’ নামৰ এখন আলোচনীৰ সম্পাদক হৈছিল আৰু তাতো ‘যোগসূত্ৰ’ নামৰ এটা বিপ্লৱী কবিতা লিখিছিল । এইগৰাকী কবিয়ে ‘জয়ন্তী’ আলোচনীত লিখা নতুন ভাবধাৰাৰ কবিতাবোৰৰ মাজেৰে অসমীয়া কবিতালৈ আধুনিকতাৰ প্ৰৱাহ সৃষ্টি কৰে । কুকুৰ, বেশ্যা, বিপ্লৱী, আন্ধাৰৰ হাহাকাৰ, সিহঁত তেতিয়া জীৱ, ভাৰতীৰ মুক্তি স্বপ্ন আদি প্ৰগতিশীল কবিতাবোৰে অসমীয়া কাব্য জগতত তেওঁক এক বিশেষ আসন প্ৰদান কৰিছে । অমূল্য বৰুৱাই কলেজত পঢ়ি থকা সময়তে স্বাধীনতা আন্দোলনত জঁপিয়াই পৰি ‘ব্লেক ড্ৰেগন’ নামৰ উগ্ৰপন্থী সংগঠন এটাতো যোগদান কৰিছিল । ১৯৪৫ চনত যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি ইংৰাজীত এম এ পঢ়িবলৈ কলিকতালৈ যায় যদিও ১৯৪৬ চনৰ ১৮ আগষ্টৰ দিনা ৰাজাবাহাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত সাম্প্ৰদায়িক সংঘৰ্ষৰ বলি হৈ মাথোঁ ২৪ বছৰ বয়সতে তেওঁ মৃত্যুক আঁকোৱালি ল’বলগীয়া হয় । তেওঁৰ মৃত্যুৰ পিছত একমাত্ৰ কবিতা পুথি ‘অচিনা’ প্ৰকাশ পায় । এইগৰাকী বিশিষ্ট কবিলৈ আমাৰ প্ৰণাম ।