আজি বিখ্যাত ঔপন্যাসিক তথা চুটিগল্পকাৰ ফ্ৰেনজ কাফকাৰ ওপজা দিন । ১৮৮৩ চনৰ আজিৰ দিনটোতে হাংগেৰীৰ প্ৰাগত তেওঁৰ জন্ম হৈছিল । পেছাত তেওঁ এগৰাকী বীমাকৰণ বিষয়া আছিল । তেওঁক বিংশ শতিকাৰ এগৰাকীৰ আগশাৰীৰ লেখক হিচাপে গণ্য কৰা হয় । তেওঁৰ সাহিত্যিক জীৱনৰ শ্ৰেষ্ঠ কীৰ্তি দ্য মেটামৰ্ফছিছ । কাফকাৰ জীৱন কালত তেওঁৰ বৰ বেছি লেখা প্ৰকাশ পোৱা নাছিল । তেওঁৰ বন্ধু মেক্স ব্ৰডে নিসংগতাৰ ত্ৰিলজী ৰূপে খ্যাত দ্য ট্ৰেইল, দ্য কেচ্ছল আৰু আমেৰিকা নামৰ উপন্যাস তিনিখন প্ৰকাশ কৰাৰ পিচতেই তেওঁৰ খ্যাতি বিয়পি পৰে । তেওঁৰ গল্প সংকলন দুখন হ’ল কণ্টেপ্লেচন আৰু এ কাণ্ট্ৰি ডক্টৰ । তেওঁ মাথোঁ দুকুৰি বছৰ বয়সতে ইহ সংসাৰৰ পৰা বিদায় লয় । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্য লেখক তথা প্ৰযোজক আদূৰ গোপালকৃষ্ণণৰ ওপজা দিন । মালয়ালম ভাষাৰ চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ প্ৰথমখন চলচ্চিত্ৰ আছিল স্বয়ম্বৰম (১৯৭২) । তেওঁ ১৭টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰৰ লগতে ১৭টা কেৰালাৰ ৰাজ্যিক চলচ্চিত্ৰ পুৰস্কাৰ লাভ কৰে । তদুপৰি ছখন চলচ্চিত্ৰৰ বাবে তেওঁ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ জুৰিৰ বিশেষ বঁটা লাভ কৰে । ২০০৪ চনত তেওঁ ভাৰতীয় চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা লাভ কৰে । ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী আৰু পদ্মবিভূষণ সন্মান প্ৰদান কৰে । এইগৰাকী বিশিষ্ট চলচ্চিত্ৰ কাণ্ডাৰীক জনালোঁ ওপজা দিনৰ ওলগ ।