আজি আমাৰ চাৰিজনা গুৰুৰ অন্যতম মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰদেৱৰ আবিৰ্ভাৱ তিথি । তেওঁ আছিল ষোড়শ শতিকাৰ অসমৰ এক শৰণ নামধৰ্মৰ এগৰাকী প্ৰধান প্ৰচাৰক । ১৪৮৮ খ্ৰীষ্টাব্দত নগাঁও জিলাৰ নালচাত তেওঁৰ জন্ম হৈছিল । ভাৰতৰ আঞ্চলিক ভাষাসমূহৰ ভিতৰত পোনপ্ৰথমতে অসমীয়া ভাষাতে গদ্য শৈলীৰ ৰচনাৰে কৃতিত্ব অৰ্জন কৰা ভট্টদেৱৰ সাহিত্য সৃষ্টিৰ উদগণিদাতা আছিল তেওঁ । শ্ৰীমন্ত শংকৰদেৱৰ সৈতে তেওঁৰ সংযোগ ঘটিছিল বৰপেটাৰ বাউসী পৰগনাত । মহাপুৰুষগৰাকীলৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম ।
আজি বিশিষ্ট বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ ওপজা দিন । আপেক্ষিকতাবাদ তত্বৰ আবিষ্কাৰক আইনষ্টাইনৰ জন্ম হৈছিল ১৮৭৯ চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ উইটেনবাৰ্গ অঞ্চলৰ উল্ম চহৰত । তাত্বিক পদাৰ্থ বিজ্ঞানলৈ যোগোৱা অৱদান বিশেষকৈ আলোক বিদ্যুৎ পৰিঘটনাৰ বাবে তেওঁক ১৯২১ চনত পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা প্ৰদান কৰা হয় । এই আলোক বিদ্যুৎ পৰিঘটনাই পাছলৈ কোৱাণ্টাম তত্বৰ সূচনা কৰে । তেওঁক আণবিক বোমাৰ পিতৃ বুলিও কোৱা হয় । তেওঁ প্ৰায় ৩০০ বৈজ্ঞানিক প্ৰবন্ধ আৰু প্ৰায় ১৫০ সাধাৰণ প্ৰবন্ধ ৰচনা কৰে । এইগৰাকী মহান বিজ্ঞানীলৈ আমাৰ প্ৰণাম ।
আজি প্ৰসিদ্ধ দাৰ্শনিক তথা সমাজ বিজ্ঞানী কাৰ্ল মাৰ্ক্সৰ স্মৃতি দিৱস । তেওঁৰ সম্পূৰ্ণ নাম কাৰ্ল হেনৰিখ মাৰ্ক্স । তেওঁ আছিল একাধাৰে দাৰ্শনিক, ইতিহাসবিদ, অৰ্থনীতিবিদ, সমাজবিজ্ঞানী, ৰাজনৈতিক তত্ববিদ, সাংবাদিক আৰু সমাজতান্ত্ৰিক বিপ্লৱী । ডাছ কেপিটেল তেওঁৰ অমৰ কীৰ্তি । ১৮৮৩ চনৰ আজিৰ দিনটোতে লণ্ডনত তেওঁৰ মৃত্যু হয় । এইগৰাকী বৰেণ্যলৈ আমাৰ প্ৰণাম ।