আজি অসমৰ এগৰাকী বিশিষ্ট সমাজ সেৱক তথা শিক্ষা সংগঠক মাণিক চন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস । অসমৰ প্ৰথমখন উচ্চ শিক্ষাৰ অনুষ্ঠান কটন কলেজ, প্ৰথমখন আইন মহাবিদ্যালয় আৰ্ল ল কলেজ স্থাপনৰ ক্ষেত্ৰত তেওঁৰ অৱদান চিৰস্মৰণীয় । লৰ্ড কাৰ্জন অসমলৈ আহোঁতে তেওঁৰ আদৰণী অনুষ্ঠানৰ বাবে তোলা ধনৰ ৰাহি হোৱা অংশৰে তেওঁ গুৱাহাটীত কাৰ্জন হল (বৰ্তমানৰ নৱীন চন্দ্ৰ বৰদলৈ প্ৰেক্ষাগৃহ) স্থাপন কৰে । তেওঁ সাদিনীয়া দ্বিভাষিক বাৰ্তালোচনী ‘আসাম নিউজ’ৰো গুৰি ধৰোঁতা আছিল । তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠান ‘বৰুৱা ফুকন ব্ৰাদাৰ্ছ কোম্পানী’ৰ পৃষ্ঠপোষকতাত ১৮৮২ চনত প্ৰকাশিত এই বাৰ্তালোচনীখনৰ সম্পাদক আছিল হেমচন্দ্ৰ বৰুৱা । ১৮৮৫ চনত বাৰ্তালোচনীখন বন্ধ হৈ যোৱাত তেওঁ ‘আসাম’ নামৰ আন এখন সাপ্তাহিক কাকতৰ জন্ম দি তাৰ ইংৰাজী অংশৰ সম্পাদনাৰ দায়িত্ব লয় । ১৯০৩ চনত তেওঁ জগন্নাথ বৰুৱাৰ সৈতে লগ লাগি অসম এছোচিয়েচনৰ জন্ম দিয়ে । ১৮৮৩ চনত তেওঁ গুৱাহাটী মিউনিচিপাল বোৰ্ডৰ সদস্য নিৰ্বাচিত হৈ ১৮৮৪ চনত বোৰ্ডৰ ভাইচ চেয়াৰমেন হয় । এই পদলৈ নিৰ্বাচিত হোৱা তেঁৱেই আছিল প্ৰথম অসমীয়া লোক । তেওঁ কলিকতাৰ পৰা অসমলৈ ৰেল সেৱা স্থাপনৰ বাবেও ব্ৰিটিছ চৰকাৰৰ সৈতে যোগাযোগ কৰিছিল । ১৯১৫ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । এই বিশিষ্ট ব্যক্তিগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট ভাষাবিদ তথা সাহিত্যিক দেৱানন্দ ভৰালীৰ স্মৃতি দিৱস । তেওঁ ঊষা, বাঁহী আদি আলোচনীত নিয়মীয়াকৈ লিখা-মেলা কৰিছিল । অসমীয়া ভাষাৰ উৎপত্তি আৰু বিকাশ সম্পৰ্কীয় কেইবাখনো গৱেষণামূলক গ্ৰন্থ তেওঁ লিখিছিল । তেওঁ ইংৰাজী ভাষাত অসমীয়া ব্যাকৰণ পুথিও লিখিছিল । তেওঁ শ্বেইকছপীয়েৰৰ মেকবেথ নাটকখন অসমীয়ালৈ অনুবাদ কৰিছিল আৰু সেই নাটকখনৰ প্ৰভাৱতে ‘ভীমদৰ্প’ নামৰ এখন নাটক লিখিছিল । চীনা লুইতৰ পাৰে পাৰে তেওঁৰ একমাত্ৰ উপন্যাস । তেওঁ মিৰি ছদ্মনামেৰে বহুতো কবিতাও লিখিছিল । ১৯৭২ চনৰ আজিৰ দিনটোতে যোৰহাটত তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী ভাষাবিদলৈ আমাৰ প্ৰণাম ।
আজি অসমৰ প্ৰখ্যাত বাঁহীবাদক তথা সংগীতজ্ঞ প্ৰভাত শৰ্মাৰ ওপজা দিন । ১৯৩৫ চনৰ আজিৰ দিনটোতে সত্ৰনগৰী বৰপেটাত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল লোকসংগীতৰ সাধক । তেওঁ অসমৰ একাংশ থলুৱা বাদ্যযন্ত্ৰীৰ সহযোগত থলুৱা বাদ্যযন্ত্ৰৰ সমাহাৰেৰে ‘পাঞ্চজন্য শংখধ্বনি’ নামেৰে এটা সুৰসমলয় বাহিনী গঠন কৰিছিল আৰু পিছলৈ ইয়াক ‘দেৱগান্ধাৰ’ নাম দিছিল । তেওঁ ব্লেকমাণি, সন্ধ্যাৰাগ, সন্তান, সাৰথি, মোহমুক্তি আদি চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰিছিল । গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ পৰা সম্প্ৰচাৰিত জনপ্ৰিয় ধাৰাবাহিক পথৰুঘাটে ৰিঙিয়ায় আৰু বৃকোদৰ বৰুৱাৰ বিয়াৰো সংগীত পৰিচালক আছিল । ২০০৪ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰে । প্ৰভাত শৰ্মা ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংগীত পৰিচালক তথা গায়িকা তৰালি শৰ্মাৰ পিতৃ । এইগৰাকী সংগীতজ্ঞলৈ আমাৰ প্ৰণাম ।