আজি বিশিষ্ট শাস্ত্ৰীয় সংগীত শিল্পী পাৰবিন চুলতানাৰ ওপজা দিন । ১৯৫০ চনৰ আজিৰ দিনটোতে নগাঁও চহৰত তেওঁৰ জন্ম হয় । নগাঁৱতেই ইক্ৰামুল মজিদ, বীৰেন্দ্ৰ কুমাৰ ফুকন আৰু হীৰেন শৰ্মাৰ তত্ত্বাৱধানত সংগীত শিক্ষা গ্ৰহণ কৰাৰ পিছত তেওঁ কলিকতাত পণ্ডিত চিন্ময় লাহিড়ীৰ ওচৰত সংগীত সাধনা কৰিছিল । ১৯৭৩ চনত তেওঁ পাটিয়ালা ঘৰাণাৰ ওস্তাদ দিলশ্বাদ খানৰ শিষ্যা হয় । ১৯৬২ চনত প্ৰথমবাৰৰ বাবে মঞ্চত সংগীত পৰিৱেশ কৰা পাৰবিন চুলতানাৰ কণ্ঠ বাণীবদ্ধ কৰা হয় ১৯৬৫ চনত । তেওঁ অসমীয়া চলচ্চিত্ৰ মৰমতৃষ্ণা আৰু সোণমাৰ গীতত কণ্ঠদান কৰাৰ উপৰি পাকীজা, কুদৰত, গদৰ আদি হিন্দী চলচ্চিত্ৰৰ গীততো কণ্ঠদান কৰে । হমে তুমচে প্যাৰ কিতনা, এ হম নেহী জানতে তেওঁৰ কণ্ঠৰ এটি জনপ্ৰিয় গীত । এই গীতটিৰ বাবে তেওঁ ১৯৮১ চনত ফিল্মফেয়াৰ শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ সন্মান লাভ কৰে । ১৯৯৪ চনত অসম চৰকাৰে তেওঁক সংগীত সম্ৰাজ্ঞী উপাধি প্ৰদান কৰে । সত্তৰৰ দশকৰ পৰাই মুম্বাইত স্থায়ীভাৱে থাকিবলৈ লোৱা পাৰবিন চুলতানাই পদ্মশ্ৰী সন্মানৰ উপৰি সংগীত নাটক একাডেমী বঁটা, শ্ৰীমন্ত শংকৰদেৱ বঁটা, কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা আদি লাভ কৰে । এইগৰাকী কণ্ঠশিল্পীক জনালোঁ ওপজা দিনৰ ওলগ ।