আজি বিশিষ্ট ভাৰতীয় ঔপন্যাসিক, প্ৰবন্ধকাৰ তথা শিক্ষাবিদ অমিতাভ ঘোষৰ ওপজা দিন । ১৯৫৬ চনৰ আজিৰ দিনটোতে কলিকতাত তেওঁৰ জন্ম হৈছিল । ঐতিহাসিক কল্প-সাহিত্যৰ বাবে তেওঁ অতি জনপ্ৰিয় । তেওঁ ইংৰাজী ভাষাত সাহিত্য ৰচনা কৰে । তেওঁৰ প্ৰথমখন উপন্যাস আছিল ‘দ্য চাৰ্কল অব ৰিজন’ (১৯৮৬) । ঊনবিংশ শতিকাৰ ৩০ৰ দশকত সংঘটিত প্ৰথম আফিং যুদ্ধ আৰু প্ৰাচ্যৰ ঔপনিবেশিক ইতিহাসৰ পটভূমিত ৰচিত তেওঁৰ আইবিচ ত্ৰিলজী শৃংখলাৰ প্ৰথমখন উপন্যাস ‘ছী অব পপিচ’, দ্বিতীয়খন ‘ৰিভাৰ অব স্ম’ক’ আৰু তৃতীয়খন আছিল ‘ফ্লাড অব ফায়াৰ’ । তদুপৰি দ্য শ্বেড’ লাইনছ, দ্য গ্লাছ পেলেচ, দ্য হাংগ্ৰী টাইড আদি তেওঁৰ আন আন কৃতি । ১৯৮৯ চনত দ্য শ্বেড’ লাইনছ নামৰ উপন্যাসখনৰ বাবে তেওঁ ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে । ২০১৮ চনত তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰে । ইংৰাজী ভাষাত লিখা সাহিত্যৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰা তেওঁ প্ৰথমগৰাকী সাহিত্যিক । সাহিত্য আৰু শিক্ষা খণ্ডলৈ আগবঢ়োৱা বৰঙণিৰ বাবে ভাৰত চৰকাৰে ২০০৭ চনত তেওঁক পদ্মশ্ৰী সন্মান প্ৰদান কৰে । এইগৰাকী সাহিত্যিক-শিক্ষাবিদলৈ জনালোঁ ওপজা দিনৰ ওলগ ।