আজি সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ স্মৃতি দিৱস । তেওঁ এগৰাকী সফল ব্যৱসায়ী হোৱাৰ উপৰি এগৰাকী সমাজ সংগঠকো আছিল । বিশেষকৈ ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ তেওঁৰ বিশেষ অৱদান আছিল । দ্য আছাম ট্ৰিবিউন কাকত গোষ্ঠীৰ জন্মদাতা আছিল তেওঁ । পিছলৈ এই কাকত গোষ্ঠীৰ পৰাই প্ৰকাশ পায় দৈনিক অসম আৰু অসমবাণী কাকতৰ লগতে গৰীয়সী আলোচনী । তেওঁ এটা দশকজুৰি অসম ক্ৰিকেট সন্থাৰ সভাপতি আছিল । তেৱেঁই আগভাগ লৈ গঠন কৰিছিল গুৱাহাটী ইনড’ৰ ষ্টেডিয়াম, অসম সংগীত সন্মিলনী, আসাম ফ্লায়িং ক্লাব, আছাম হকী এছ’চিয়েচন, অসম বেডমিণ্টন এছ’চিয়েচন আদিৰ । তেওঁৰ তত্বাৱধানতে নিৰ্মাণ হৈছিল গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম । তেওঁৰ একক প্ৰচেষ্টাতে স্থাপন হৈছিল গুৱাহাটী চাহ নিলাম কেন্দ্ৰ । ১৯৫২ চনত গুৱাহাটী বিহু সন্মিলনীৰ জন্ম দি অসমৰ প্ৰথমখন মঞ্চ বিহুৰ উদ্যোক্তাসকলৰ অন্যতম আছিল ৰাধাগোবিন্দ বৰুৱা । ১৯৫৪ চনত তেওঁ ডাঃ তাৰিণীমোহন বৰুৱাৰ লগ লাগি অসম সংগীত সন্মিলনীৰ জন্ম দিয়ে । অসমীয়া চলচ্চিত্ৰ মনোমতী আৰু পূবেৰুণতো তেওঁ অভিনয় কৰিছিল । অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ ভ্ৰাম্যমাণ অভিধাটো তেঁৱেই দিছিল । তেওঁৰ নামতে অসম চৰকাৰে ৰাধাগোবিন্দ বৰুৱা শ্ৰেষ্ঠ ক্ৰীড়াবিদ বঁটা নামৰ এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাৰ প্ৰচলন কৰে । ১৯৭৭ চনৰ আজিৰ দিনটোতে গুৱাহাটীত তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী অগ্ৰণী ব্যক্তিলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট ঔপন্যাসিক তথা গল্পকাৰ পূৰৱী বৰমুদৈৰ স্মৃতি দিৱস । প্ৰথমতে কবিতাৰেই সাহিত্যিক জীৱনৰ পাতনি মেলা পূৰৱী বৰমুদৈয়ে পিছলৈ মুখ্যতঃ গল্প আৰু উপন্যাসতেই মনোনিৱেশ কৰে । গজৰাজ প্ৰেম আৰু বন্দিত্ব, ৰূপোৱালী নৈ সোণোৱালী ঘাট, বাঘশাল বাঘজাল আৰু মানুহ আদি তেওঁৰ জনপ্ৰিয় উপন্যাস । শীতৰ কুঁৱলী, হেৰোৱাজনক বিচাৰি আৰু অন্যান্য গল্প, অৱশেষত বৰষুণ আদি তেওঁৰ গল্প সংকলন । ২০০৭ চনত তেওঁ শান্তনুকুলনন্দন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে । ২০১২ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে । ২০০৬ চনত তেওঁ লেখিকা সংস্থা অসমে প্ৰদান কৰা প্ৰবীণা শইকীয়া বঁটা লাভ কৰে । ২০১৯ চনৰ আজিৰ দিনটোতে গুৱাহাটীত তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।